ETV Bharat / state

অসমতো পৰিছে আম্ফানৰ প্ৰভাৱ - ঘূৰ্ণিবতাহ আমফানৰ সংহাৰী ৰূপ

বুধবাৰৰ পৰা ডাৱৰীয়া হৈ আছিল অসমৰ আকাশ । নিশাৰ ভাগৰ পৰা আৰম্ভ হৈছে ধাৰাসাৰ বৃষ্টি । তীব্ৰ বেগত বলিছে বতাহ । নামনি অসমত আম্ফানৰ ব্যাপক প্ৰভাৱ পৰিছে ।

impact-of-amphane-is-also-being-felt-in-assam
অসমতো পৰিছে আম্ফানৰ ব্যাপক প্ৰভাৱ
author img

By

Published : May 21, 2020, 3:33 PM IST

গুৱাহাটী, 21 মে‘ : পশ্চিম বংগৰ দীঘা আৰু বাংলাদেশৰ হাতিয়া দ্বীপৰ মাজৰ উপকূলত বুধবাৰে খুন্দা মৰা ঘূৰ্ণিবতাহ আম্ফানৰ সংহাৰী ৰূপ দেখিবলৈ পোৱা গৈছে পশ্চিম বংগত । পশ্চিম বংগৰ কলকাতাকে ধৰি কেইবাখনো জিলাত তাণ্ডৱ সৃষ্টি কৰিছে এই ঘূৰ্ণিবতাহ আম্ফানে । পশ্চিম বংগৰ লগতে উৰিষ্যাতো ঘূৰ্ণিবতাহ আম্ফানৰ তাণ্ডৱ চলিছে । অসমতো এই আম্ফানৰ ব্যাপক প্ৰভাৱ দেখিবলৈ পোৱা গৈছে ।

impact of Amphane is also being felt in Assam
অসমতো পৰিছে আম্ফানৰ ব্যাপক প্ৰভাৱ

বুধবাৰৰ পৰাই ডাৱৰীয়া হৈ আছিল অসমৰ আকাশ আৰু বুধবাৰ নিশাৰে পৰা ধাৰাসাৰ বৃষ্টি আৰম্ভ হোৱাৰ লগতে তীব্ৰ বেগত বতাহ বলিছে অসমত । সমগ্ৰ অসমৰ লগতে গুৱাহাটী মহানগৰীতো ঘূৰ্ণিবতাহ আম্ফানৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে । পশ্চিম বংগ আৰু উৰিষ্যাত তাণ্ডৱ চলাই অহা আম্ফান ঘূৰ্ণি বতাহৰ ব্যাপক প্ৰভাৱ নামনি অসমৰ কেইবাখনো জিলাত দেখিবলৈ পোৱা গৈছে । বিশেষকৈ ধুবুৰী, বঙাইগাঁও, কোকৰাঝাৰত তীব্ৰ বেগত বতাহ বলি থকাৰ কথা জানিবলৈ পোৱা গৈছে ।

অসমতো পৰিছে আম্ফানৰ ব্যাপক প্ৰভাৱ

উল্লেখ্য যে, বুধবাৰে আম্ফান ঘূৰ্ণি বতাহ ঘন্টাত ১৬০ পৰা ১৭০ কিলোমিটাৰ বেগত খুন্দা মৰিছিল পশ্চিম বংগৰ দীঘা আৰু বাংলাদেশৰ হাতিয়া দ্বীপৰ মাজৰ উপকূলত । পশ্চিম বংগত কৰ'ণা ভাইৰছৰ সংহাৰী ৰূপৰ মাজতে আম্ফান ঘূৰ্ণি বতাহৰ তাণ্ডৱ পৰিস্থিতি অধিক জটিল কৰি তুলিছে ।

লগতে পঢ়ক : প্ৰতীক হাজেলাৰ দুৰ্নীতিৰ তদন্ত বিচাৰি পুনৰ চি বি আইত গোচৰ অসম পাব্লিক ৱর্কছৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.