ETV Bharat / state

মণ্ডপে মণ্ডপে নাচ গানৰে মহিষমৰ্দিনীক বিদায় - Durga Puja 2022 in Guwahati

ষষ্ঠীৰ দিনা যুৰীয়া বেলেৰে বৰণ কৰি বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক আজি দশমীৰ দিনা অশ্ৰুসিক্ত নয়নেৰে বিদায় দিয়া হয় (Durga Puja 2022 in Guwahati)। দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন পৰ্বৰ লগে লগে অন্ত পৰে মহোৎসৱৰ পাৰভঙা আনন্দৰ।

Durga Puja 2022 in Guwahati
মণ্ডপে মণ্ডপে নাচ গানৰে মহিষমৰ্দিনীক বিদায়
author img

By

Published : Oct 5, 2022, 8:35 PM IST

গুৱাহাটী, ৫ অক্টোবৰ: সামৰণি পৰিল চাৰিদিন ধৰি চলা মহোৎসৱৰ (Bijayadashami 2022 at Guwahati)। আজি দশমীৰ দিনা পৰম্পৰাগত ৰীতি-নীতিৰ মাজেৰে মহিষমৰ্দিনী দেৱী দুৰ্গাক বিদায় দিয়া হয় । ষষ্ঠীত বেদীত প্ৰতিষ্ঠা কৰি পূজা-অৰ্চনা কৰা দশভূজা দেৱী দুৰ্গাৰ প্ৰতিমা বুধবাৰে দশমী পূজাৰ পিছতে বিসৰ্জন দিয়া হয় ।

গুৱাহাটী মহানগৰীত উলহ-মালহেৰে শাৰদীয় দুৰ্গোৎসৱ উদযাপন কৰাৰ পাছত আজি প্ৰতিমাসমূহ প্ৰশাসনে নিৰ্দ্দিষ্ট কৰি দিয়া ছটা স্থানত বিসৰ্জন দিয়া হয় । বিসৰ্জনৰ পূৰ্বে গুৱাহাটীৰ প্ৰতিটো পূজা মণ্ডপত বিদায়পৰ্বৰ বিষাদৰ মাজতে সকলোৱে নাচ-গান কৰি আনন্দত মতলীয়া হৈ পৰে । সকলোৱে হাঁহিমুখে দেৱী দুৰ্গাক বিদায় দিয়ে । প্ৰতিটো মণ্ডপতে দেখা গ'ল পাৰভঙা উচাহ-উদ্দীপনা ।

মণ্ডপে মণ্ডপে নাচ গানৰে মহিষমৰ্দিনীক বিদায়

ভক্তসকলে নাচি-বাগি আনন্দ-ফুৰ্টি কৰি দেৱী দুৰ্গাক বিসৰ্জন দিয়ে যদিও যথেষ্ট অবেগিক হৈ পৰাও পৰিলক্ষিত হয় । ইফালে, বিসৰ্জন পৰ্ব দেখাৰ বাবে ঘাটসমূহ লোকে লোকাৰণ্য হৈ পৰে । সমান্তৰাকৈ শোভাযাত্রা কৰি লৈ যোৱা দেৱী দুৰ্গাৰ প্ৰতিমাসমূহক বিদায় দিয়াৰ বাবেও ৰাজপথসমূহত অভাৱনীয় ভিৰ পৰিলক্ষিত হয় ।

লগতে পঢ়ক:নলবাৰীৰ গোপালবজাৰ দুৰ্গা মন্দিৰত উলহ মালহৰে দেৱী বিৰ্সজন পৰ্ব আৰম্ভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.