গুৱাহাটী,2 জুন: লক ডাউনৰ মাজতে সৰুসজাইত উপস্থিত অন্ধপ্ৰদেশৰ পৰা অহা এখন মাছ ভৰ্তি ট্ৰাক ৷ কৰ’ণাতংক নেওচি অন্ধ্ৰপ্ৰদেশৰ পৰা অবৈধভাৱে আহি অসমত প্ৰৱেশ কৰিছে ট্ৰাকে ট্ৰাকে চালানী মাছ । বহিঃৰাজ্যৰ পৰা অহা মাছৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছিল প্ৰশাসনে ৷ এই নিষেধাজ্ঞাক আওকাণ কৰি মহানগৰীৰ সৰুসজাইত ৰখা হৈছে মাছ ভৰ্তি ট্ৰাকসমূহ ৷ AP-39X-8559 আৰু AP-16TC-7369 নম্বৰৰ ট্ৰাক দুখনত আনিছে মাছসমূহ । প্ৰায় 300 কাৰ্টুন চালানী মাছ মঙলবাৰে পুৱাৰ ভাগত বিক্ৰী কৰা হৈছে খুচুৰা বিক্ৰেতাক ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া ৷

লগতে চাওকঃ কলিয়াবৰত প্ৰথমজন Covid 19 ত আক্ৰান্ত ৰোগী