ETV Bharat / state

জ্যোতি চিত্ৰবনত ৰবি শৰ্মাৰ ইলিগেল !

author img

By

Published : Oct 21, 2020, 9:42 PM IST

Updated : Oct 21, 2020, 10:46 PM IST

অভিনেতা ৰবি শৰ্মাৰ নতুন ৱেব চিৰিজ ইলিগেলৰ বুধবাৰে শুভ মহুৰত সম্পন্ন হৈ যায় । কাহিলীপাৰাস্থিত জ্যোতি চিত্রবনত পাৰ্থপ্ৰতিম শৰ্মাই আঁত ধৰা মহুৰত অনুষ্ঠানটিত সকলো কলা-কুশলীয়ে বন্তি প্ৰজ্বলন কৰাৰ লগতে জোনমণি দেৱী খাউণ্ডে নাৰিকল ভাঙি মহুৰত সম্পন্ন কৰে ।

Illegal web series shooting start in jyoti chitraban guwahati assam etv bharat news
জ্যোতি চিত্ৰবনত ৰবি শৰ্মাৰ ইলিগেল !

গুৱাহাটী,21 অক্টোবৰ: অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্রিয় অভিনেতা ৰবি শৰ্মাৰ নতুন ৱেব চিৰিজ ইলিগেলৰ বুধবাৰে শুভ মহুৰত সম্পন্ন হৈ যায় । কাহিলীপাৰাস্থিত জ্যোতি চিত্রবনত পাৰ্থপ্ৰতিম শৰ্মাই আঁত ধৰা মহুৰত অনুষ্ঠানটিত সকলো কলা-কুশলীয়ে বন্তি প্ৰজ্বলন কৰাৰ লগতে জোনমণি দেৱী খাউণ্ডে নাৰিকল ভাঙি মহুৰত সম্পন্ন কৰে । অভিনেতা ৰবি শৰ্মাৰ কাহিনী আৰু পৰিচালক সুব্রত কাকতিৰ চিত্রনাট্য আৰু পৰিচালনাৰে ৱেব চিৰিজখনৰ কাম ইতিমধ্যে আৰম্ভ হৈছে । মননশীল কাহিনীৰে সম্পূর্ণ মনােৰঞ্জনধর্মী এই ৱেব চিৰিজটোৰ প্রযােজনা কৰিছে নিৰি মিডিয়া প্ৰাইভেট লিমিটেডে ৷

জ্যোতি চিত্ৰবনত ৰবি শৰ্মাৰ ইলিগেল !

চিৰিজটোৰ দৃশ্যগ্ৰহণ পৰিচালক জ্ঞান গৌতম আৰু সহযােগী দৃশ্যগ্ৰহণকাৰী উত্তম কলিতা । সংগীতৰ দায়িত্ব আছে প্রণয় দত্ত । ৱেব চিৰিজটোৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব ৰবি শৰ্মাই । আন আন চৰিত্ৰসমূহত অভিনয় কৰা শিল্পীসকল হৈছে ক্রমে ৰীতিশা খাউণ্ড, অর্জুন, সােণমণি শর্মা, মিহিৰজ্যোতি বৰুৱা আদি ৷ থ্ৰীলাৰ, একচনৰে ভৰপূৰ ইলিগেলৰ সহযােগী পৰিচালক হেমন্ত গগৈ আৰু সহকাৰী পৰিচালকসকল ক্ৰমে সমীৰণ দাস, নিতু খনিকৰ, জ্যোতিষ্মান চেত্ৰী । ৰূপসজ্জা আৰু সাজ-সজ্জাৰ দায়িত্বত আছে বিজিয়েতা আৰু কমল । ইলিগেলৰ সামগ্রিক ব্যৱস্থাপনাৰ দায়িত্বত আছে অৰ্ণৱ হাজৰিকা । সমান্তৰালকৈ ৰবি শৰ্মাৰ বহুচৰ্চিত ছবি ৰঘুপতিৰ কামো ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে বুলি অভিনেতাগৰাকীয়ে মন্তব্য কৰে ।

জ্যোতি চিত্ৰবনত ৰবি শৰ্মাৰ ইলিগেল !

লগতে চাওকঃ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া ক’ভিড 19 ত আক্ৰান্ত

Last Updated : Oct 21, 2020, 10:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.