ETV Bharat / state

লক ডাউনৰ গইনা লৈ ৰাজ্যত চলিছে গৰুৰ চোৰাং বেহা - চোৰাং গৰু বেপাৰী

লক ডাউনৰ সুযোগ লৈ ৰাজ্যত চলিছে চোৰাং গৰুৰ ৰমৰমীয়া বেহা ৷ বিগত কেইদিনমান ধৰি গুৱাহাটী মহানগৰী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত চলাচল অব্যাহত আছে ভালে সংখ্যক চোৰাং গৰু ভৰ্তি বাহনৰ । একাংশ ৰাজনৈতিক নেতা আৰু আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ পৃষ্ঠপোষকতাত এই বেহা অব্যাহত থকা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷

লক ডাউন : অব্যাহত চোৰাং গৰুৰ ৰমৰমীয়া বেহা

author img

By

Published : Jul 5, 2020, 11:43 PM IST

গুৱাহাটী, 5 জুলাই : লক ডাউনৰ সময়ছোৱাত একাংশ শীৰ্ষ আৰক্ষী আৰু ৰাজনৈতিক নেতাৰ ছত্ৰছাঁয়াত গৰুৰ চোৰাং ৰপ্তানি অব্যাহত থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । অভিযোগ অনুসৰি, বিগত কেইদিনমান ধৰি গুৱাহাটী মহানগৰী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত ভালে সংখ্যক চোৰাং গৰু ভৰ্তি বাহনৰ চলাচল অব্যাহত আছে

3 জুলাইত নিশা যান-বাহন আৰক্ষীয়ে সোণাপুৰত এখন গৰু ভৰ্তি গাড়ী জব্দ কৰাৰ লগে লগে চোৰাং গৰু বেপাৰৰ তথ্য পোহৰলৈ আহে। ইটিভি ভাৰতে যুগুত কৰা তথ্য অনুসৰি, 3 জুলাইৰ মাজনিশা নগাঁৱৰ ফালৰ পৰা অহা এখন ট্ৰাক (AS-02- 1185) যান-বাহন শাখাৰ তহলদাৰী আৰক্ষীয়ে ৰখোৱাত ট্ৰাকখনত থকা কৰ্মচাৰীয়ে বিষয়টো লুকুৱাব বিচাৰিছিল যদিও সেই মূহুৰ্ততে গৰুৱে হেম্বেলিওৱাত ৰহস্য পোহৰলৈ আহে।

লক ডাউন : অব্যাহত চোৰাং গৰুৰ ৰমৰমীয়া বেহা

ঘটনাস্থলীত স্থানীয় দুই এজন লোক উপস্থিত হোৱাৰ পিছত আৰক্ষীও বিবুধিত পৰে । আৰক্ষীয়ে জানিবলৈ দিয়া মতে, তেওঁলোকে নগাঁও জিলাৰ লংকা, ফুলগুৰি, লাহৰীঘাট, চামুগুৰি আদি ঠাইৰ পৰা সংগ্ৰহ কৰা গৰুবোৰ কাছাৰ হৈ কৰিমগঞ্জলৈ লৈ গৈ তাৰ পৰা বাংলাদেশলৈ পঠিওৱাৰ পৰিকল্পনা কৰিছিল । এই গৰুবোৰ ইদ্ৰিছ আলী নামৰ এজন লোকে পঠিওৱা বুলি ট্ৰাকচালকে সদৰি কৰে । বাটত য’তেই আৰক্ষীয়ে বাহন জব্দ কৰিছে, তাতেই তেওঁলোকে ইদ্ৰিছ আলীৰ নাম কোৱাৰ পিছত বাহনসমূহ যাবলৈ অনুমতি দিয়ে প্ৰশাসনে । এনেদৰে নিয়মীয়াকৈ তেওঁলোকে গৰুবোৰ বাংলাদেশলৈ চোৰাংভাৱে চালান দি আহিছে । উল্লেখ্য যে, গাড়ীচালকে পৰা এই কথা স্পষ্টকৈ জনোৱাৰ পিছতো সোণাপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে কোনো গোচৰ ৰুজু নকৰাত স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ।

মনকৰিবলগীয়া যে, যোৱা তিনিটা নিশাৰ ভিতৰত গহপুৰ আৰু ধুবুৰী জিলাৰ হালাকুৰাৰ পৰা স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে চোৰাং গৰু জব্দ কৰাৰ লগতে গৰু চুৰি তথা বাংলাদেশলৈ চোৰাং ৰপ্তানিৰ লগত জড়িত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰে। গহপুৰৰ বড়িগাঁও আৰু পুৰপপাৰীত জব্দ কৰা বাহন (AS-07-B-C-1798, AS-02-BC-6657) দুখনে ঢকুৱাখনা, গোগামুখ, চিমেনচাপৰিৰ লগতে ধেমাজি আৰু লখিমপুৰ জিলাৰ বিভিন্ন অঞ্চলত পৰা চোৰাং গৰু কঢ়িয়াই আনিছিল । আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে, লক ডাউনৰ সময়ত আৰ্থিকভাৱে সমস্যাৰ পৰা ৰক্ষা পাবলৈ গোপালকসকলে অতি কম দামত গৰুবোৰ বিক্ৰী কৰিছে আৰু এই পৰিস্থিতিৰ সুযোগ লৈছে চোৰাং বেপাৰীসকলে । এনে পৰিৱেশৰ মাজতে ধুবুৰী জিলাৰ উপ আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত আৰক্ষীৰ দলে হালাকুৰাৰ পৰা গৰু ক্ৰয় কৰি থকাৰ সময়তে 4 জন লোকক গ্ৰেপ্তাৰ কৰে ।

এই চোৰাং বেহা একাংশ ৰাজনৈতিক নেতা আৰু আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ পৃষ্ঠপোষকতাতে অব্যাহত আছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে । এই চক্ৰটোৱে এইবাৰ লক্ষ্য কৰিছে লক ডাউনে সৰ্বস্বান্ত কৰা গ্ৰাম্যাঞ্চলৰ গোপালক তথা কৃষকসকলক ।

লগতে পঢ়ক : বৰপেটাত কোভিড-19ৰ ভয়াৱহ ৰূপ, এদিনতে 21 আৰক্ষী কৰ'ণা পজিটিভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.