ETV Bharat / state

মহানগৰীৰ হোটেলত IIT গুৱাহাটীৰ ছাত্ৰীৰ ৰহস্যজনক মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 7:21 PM IST

Student mysterious death : মহানগৰীৰ পল্টন বজাৰৰ চিটি পেলেচত অচেতন অৱস্থাত উদ্ধাৰ আই আই টি গুৱাহাটীৰ ছাত্ৰী ৷ তাৰ পিচতে সোমবাৰে GMCHৰ চিকিৎসকে মৃত ঘোষণা কৰে ছাত্ৰীগৰাকীক। মৃত ছাত্ৰীগৰাকীৰ ঘৰ তেলেংগানাত বুলি জানিব পৰা গৈছে।

Etv Bharatstudent mysterious death
Etv Bharatমহানগৰীৰ হোটেলত IIT গুৱাহাটীৰ ছাত্ৰীৰ ৰহস্যজনক মৃত্যু

গুৱাহাটী, 2 জানুৱাৰী : মহানগৰীৰ হোটেলত IIT গুৱাহাটীৰ ছাত্ৰীৰ ৰহস্যজনক মৃত্যু । পহিলা জানুৱাৰী পুৱা মহানগৰীৰ পল্টন বজাৰৰ চিটি পেলেচত অচেতন অৱস্থাত উদ্ধাৰ হৈছিল যুৱতীগৰাকী। মৃত যুৱতীগৰাকী ইলেক্ট্ৰনিক এণ্ড টেলিকমিনিকেচনৰ চতুৰ্থ ষান্মাসিকৰ পুল্লুৰী আচাৰ্য্য বুলি জানিব পৰা গৈছে । ছাত্ৰীগৰাকী তিনি বন্ধু বান্ধৱীৰ সৈতে 31 ডিচেম্বৰৰ নিশা জি এছ ৰোডৰ এখন বাৰত পাৰ্টী কৰি পল্টন বজাৰৰ হোটেলখনলৈ থাকিবলৈ আহিছিল । মৃত ছাত্ৰীগৰাকীৰ ঘৰ তেলেংগানাত বুলি জানিব পৰা গৈছে।

পৰৱৰ্তী সময়ত ১ জানুৱাৰী পুৱা অচেতন অৱস্থাত উদ্ধাৰ হৈছিল ছাত্ৰীগৰাকী। লগে লগে ছাত্ৰীগৰাকীক হোটেল কৰ্তৃপক্ষই GMCH লৈ প্ৰেৰণ কৰিছিল । কিন্তু GMCHৰ চিকিৎসকে মৃত ঘোষণা কৰে ছাত্ৰীগৰাকীক। অত্যাধিক সুৰাপান কৰাৰ বাবে যুৱতীগৰাকীৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে ৷

ছাত্ৰীগৰাকীৰ মৃত্যুৰ পিচতে তিনি বন্ধু-বান্ধৱীক সোধাপোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে । জানিব পৰা মতে, মৃত ছাত্ৰীগৰাকী তিনি বন্ধু বান্ধৱীৰ সৈতে আই আই টি গুৱাহাটীৰ পৰা 31 ডিচেম্বৰৰ নিশা পাৰ্টী কৰিবলৈ ওলাই আহিছিল । জি এছ ৰোডৰ এখন বাৰত পাৰ্টি কৰি নিশা 11.30 Make my tripত চিটি পেলেচত বুক কৰিছিল হোটেলখনৰ দুটা কোঠা । মাজনিশা 1.30 বজাত হোটেললৈ আহিছিল ছাত্ৰী গৰাকী আৰু ছাত্ৰ দুজন । অধিক মাত্ৰা সুৰাপান কৰি হোটেললৈ আহিছিল আটাইকেইগৰাকীয়ে ।

1 জানুৱাৰী পুৱা 7 মান বজাত অচেতন হৈ পৰিছিল ছাত্ৰীগৰাকী । লগে লগে ছাত্ৰীগৰাকীৰ লগত থকা বন্ধু-বান্ধৱীয়ে হোটেল কৰ্তৃপক্ষক খবৰ দিয়ে । ইয়াৰ পিচতে হোটেল কৰ্তৃপক্ষই এম্বুলেঞ্চযোগে ছাত্ৰীগৰাকীক GMCH লৈ লৈ যায় ৷

ইয়াৰ পিচতে ছাত্ৰীগৰাকীয়ে অত্যাধিক নিচাজাতীয় সামগ্ৰী সেৱনৰ বাবে মৃত্যু হ'ল নে আন কাৰণত মৃত্যু হ'ল সেয়া ৰহস্যৰ আৱৰ্তৰ ৷ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিচতহে ছাত্ৰীগৰাকীৰ মৃত্যুৰ কাৰণ পোহৰলৈ আহিব ৷ এতিয়া ইয়াৰ পিচতে প্ৰশ্ন উত্থাপন হৈছে যে কেনেকৈ আই আই টি গুৱাহাটীৰ হোষ্টেলৰ পৰা পাৰ্টী কৰিবলৈ ছাত্ৰ-ছাত্ৰী ওলাই আহিব পাৰিলে ? কি হৈছিল কোঠাৰ ভিতৰত ৷

লগতে পঢ়ক: প্ৰেমৰ প্ৰলোভন দি যুৱতীক বহিঃৰাজ্যত বিক্ৰী কৰাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.