ETV Bharat / state

Himanta Biswa Sarma: কংগ্ৰেছে যদি ডিএমকেৰে সম্পৰ্ক ছিন্ন নকৰে, তেন্তে তেওঁলোক হিন্দু বিৰোধী

author img

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 10:23 PM IST

Updated : Sep 3, 2023, 10:33 PM IST

‘সনাতন ধৰ্ম’ সমতা আৰু সামাজিক ন্যায়ৰ বিৰোধী বুলি ডি এম কেৰ চুপ্ৰিম’ তথা তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ পুত্ৰ উধয়ানিধি ষ্টেলিনৰ এই বক্তব্যৰ পিচতে সৰ্বত্ৰ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ কংগ্ৰেছক ডি এম কেৰ সৈতে সম্পৰ্ক ছিন্ন কৰাৰ প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ ৷

Himanta Biswa Sarma on Stalin's remark
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী,৩ ছেপ্টেম্বৰ: সনাতন ধৰ্ম নিৰ্মূল কৰিব লাগে বুলি মন্তব্য কৰাৰ পিচত যদি কংগ্ৰেছে ডি এম কেৰ সৈতে সম্পৰ্ক ছিন্ন নকৰে, তেন্তে মানুহে নিশ্চিত কৰিব যে তেওঁলোক হিন্দু বিৰোধী ৷ তামিলনাডুৰ যুৱ কল্যাণ মন্ত্ৰী উধয়ানিধি ষ্টেলিনে ‘সনাতন ধৰ্ম’ক লৈ কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে কয় ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত কয়, ‘‘মোৰ হাতত সেই ৰাজনীতিবিদৰ বক্তব্য আছে আৰু একেটা বক্তব্য কংগ্ৰেছৰ এজন সাংসদ কাৰ্তি চিদাম্বৰমেও জাৰি কৰিছিল । কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ পৰাও তেনে অনুৰূপ ধৰণৰ বক্তব্য দেখিছো ।’’

উল্লেখ্য যে, ‘সনাতন ধৰ্ম’ সমতা আৰু সামাজিক ন্যায়ৰ বিৰোধী বুলি উল্লেখ কৰি তামিলনাডুৰ যুৱ কল্যাণ মন্ত্ৰী উধয়ানিধি ষ্টেলিনে ইয়াক নিৰ্মূল কৰিব লাগে বুলি মন্তব্য কৰিছিল । ডি এম কেৰ চুপ্ৰিম’ তথা তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ পুত্ৰ উধয়ানিধি ষ্টেলিনৰ এই বক্তব্যৰ পিচতে সৰ্বত্ৰ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘‘তামিলনাডুৰ সেই মন্ত্ৰীজনক মই ধিক্কাৰ দিব নিবিচাৰো কাৰণ তেওঁ নিজকে উদঙাই দিছে। কিন্তু প্ৰশ্ন হয় কংগ্ৰেছ দলে এতিয়াও ডি এম কেৰ সৈতে মিত্ৰতাত থাকিবনে ? এয়া (প্ৰাক্তন কংগ্ৰেছৰ মুৰব্বী) ৰাহুল গান্ধীৰ বাবে পৰীক্ষা ।’’ তেওঁ সনাতন ধৰ্মক সন্মান কৰে নে নকৰে সেই সন্দৰ্ভত সিদ্ধান্ত ল'ব লাগিব । যদি তেওঁ ডি এম কেৰ সৈতে সম্পৰ্ক ছিন্ন নকৰে তেন্তে মানুহে নিশ্চিত কৰিব যে তেওঁলোক হিন্দু বিৰোধী ৷"

কংগ্ৰেছ আৰু ডি এম কে বিৰোধী INDIA মিত্ৰতাৰ অংশ । তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে শেহতীয়াকৈ মুম্বাইত অনুষ্ঠিত হোৱা বৈঠককে ধৰি INDIA মিত্ৰজোঁটৰ বৈঠকত অংশ লৈছে ৷ INDIA মিত্ৰজোঁটে ঘোষণা কৰা ১৩ জনীয়া সমন্বয় পেনেলৰ অংশও এম কে ষ্টেলিন ।

লগতে পঢ়ক: Assam CM on Syndicate: বজালী আৰক্ষীৰ কাণ্ড সন্দৰ্ভত মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়া; জ্যেষ্ঠ বুলি হাৰি নাযাব আৰক্ষী বিষয়া

Last Updated : Sep 3, 2023, 10:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.