ETV Bharat / state

আইডল কেলেংকাৰীৰ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা নকৰাত সৰৱ আছু - আছু

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ আইডল কেলেংকাৰী তদন্তৰ বাবে গঠন কৰা হৈছিল দুখনকৈ কমিটি ৷ কিন্তু আজি পৰ্যন্ত তদন্তৰ প্ৰতিবেদন ৰাজহুৱা নোহোৱাত পুণৰ সৰৱ হৈ উঠিছে সদৌ অসম ছাত্ৰ সন্থা ।

আছু
আইডল কেলেংকাৰীৰ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা নকৰাত সৰৱ আছু
author img

By

Published : Mar 13, 2020, 11:47 PM IST

গুৱাহাটী, 13 মাৰ্চঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ দূৰ আৰু মুক্ত প্ৰতিষ্ঠান চমুকৈ আইডলত সংঘটিত হৈছিল বিয়াগোম কেলেংকাৰী । এই কেলেংকাৰীৰ তদন্তৰ বাবে গঠন কৰা হৈছিল দুখনকৈ কমিটি । কিন্তু আজি পৰ্যন্ত তদন্তৰ প্ৰতিবেদন ৰাজহুৱা নোহোৱাত পুণৰ সৰৱ হৈ উঠিছে সদৌ অসম ছাত্ৰ সন্থা ।

ইতিমধ্যেই সকলোৱে জ্ঞাত যে, মুঠ ২১টাকৈ পাঠ্যক্ৰম অনুমোদনবিহীন ভাৱে চলাই নিয়াৰ তথ্য ফাদিল হৈছে কেগৰ প্ৰতিবেদনত । তাৰোপৰি অধ্যাপক নিযুক্তি, পাঠ্যপুথি আদিতো ব্যাপক অনিয়ম চলাৰ অভিযোগ আছে আইডলৰ বিৰুদ্ধে । যাৰ তদন্তৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৭জনীয়া অধ্যাপকৰে গঠিত এখন কমিটি আৰু অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ আফটাৱ হুছেইন শইকীয়াৰ নেতৃত্বত আয়োগ গঠন কৰি দিছিল । ইয়াৰে সাতজনীয়া কমিটিয়ে এমাহৰ ভিতৰতে তদন্ত কৰি প্ৰতিবেদন ৰাজহুৱা কৰাৰ কথা আছিল । কিন্তু আজি পৰ্যন্ত ৰাজহুৱা নহ'ল প্ৰতিবেদন । যাৰ বাবে প্ৰায় ৭৪ হাজাৰ ছাত্ৰ-ছাত্ৰী এতিয়াও শংকিত হৈ আছে ৷ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এনে ৰহস্যজনক স্থিতিৰ বাবে জাঙুৰ খাই উঠিছে গুৱাহাটী বিশ্ববিদ্যালয় আছু গোট । শীঘ্ৰে ৭ জনীয়া কমিটিৰ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা নকৰিলে প্ৰতিবাদত নমাৰ হুংকাৰ আছুৰ। তাৰোপৰি শিক্ষাৰ্থীৰ জীৱনলৈ হেতালি নেখেলিবলৈও সকিয়নী প্ৰদান কৰে আছুৱে।

আইডল কেলেংকাৰীৰ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা নকৰাত সৰৱ আছু

উল্লেখ্য যে, বিধান সভাৰ মজিয়াটো উত্থাপিত হৈছে আইডল কেলেংকাৰীৰ প্ৰসংগ ।

আৰু পঢ়কঃ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সুখবৰঃ বৃদ্ধি পালে 4 শতাংশ মৰগীয়া বানচ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.