ETV Bharat / state

Assam TMC Prez Ripun Bora: কংগ্ৰেছলৈ প্ৰত্যাৰ্ৱতন নকৰে ৰিপুন বৰাই; সংবাদমেলযোগে কৰিলে স্পষ্ট - APCC president Bhupen Borah

পুনৰ কংগ্ৰেছলৈ ঘূৰি নাহে ৰিপুন বৰা ৷ এক সংবাদমেলযোগে স্পষ্ট কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৰা দাবীও নস্য়াৎ কৰে ৰিপুন বৰাই ৷

Assam TMC
Assam TMC
author img

By

Published : Jul 13, 2023, 3:34 PM IST

ভূপেন বৰাই কৰা দাবী নস্য়াৎ ৰিপুন বৰাৰ

গুৱাহাটী, ১৩ জুলাই: তৃণমূল কংগ্ৰেছ ত্যাগ নকৰে ৰিপুন বৰাই ৷ সংবাদমেলযোগে এই কথা স্পষ্ট কৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷ বৃহস্পতিবাৰে জয়ানগৰস্থিত অসম তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ত ৰিপুন বৰাই এই সংবাদমেল সম্বোধন কৰে ৷

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ এক ভাষ‍্যৰ আঁতধৰি সম্বোধন এই সংবাদমেলৰ ৷ ৰাজ‍্যসভাৰ নিৰ্বাচনত ৰিপুন বৰাই পশ্চিম বংগৰ পৰা প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ নোপোৱাৰ পিচত ভূপেন বৰাই উত্থাপন কৰা অভিযোগ সংবাদমেলযোগে খণ্ডন কৰে ৰিপুন বৰাই ৷ এইক্ষেত্ৰত ৰিপুন বৰা কংগ্ৰেছলৈ পুনৰ ওভতি যাব বুলি ভূপেন বৰাই দাবী কৰা অভিযোগো নস্যাৎ কৰে ৰিপুন বৰাই ৷

সংবাদমেলত ৰিপুন বৰাই কয় যে ভূপেন বৰাই কৰা এনে ভাষ‍্য ভিত্তিহীন ৷ ভূপেন বৰাৰ ভাষ‍্য সম্পূৰ্ণ মনে সজা ৷ তেওঁ লগতে কয়, ‘‘মোৰ অনুপস্থিতি এতিয়া কংগ্ৰেছে উপলব্ধি কৰিছে, সেয়েহে মোৰ ভাল লাগিছে । ৰাজনৈতিক আদৰ্শ সৰোগত কৰিহে মই তৃণমূল কংগ্ৰেছত যোগদান কৰিছো ৷ পাঁচ বছৰ সভাপতি পদত অধিষ্ঠিত হৈ কংগ্ৰেছৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছিলো । তৃণমূল কংগ্ৰেছত মই যোগদান কৰাৰ ডেৰ বছৰ পিচতে এক বিশেষ গতি লাভ কৰিছে দলটোৱে ৷’’

অসমৰ ৩৫ খন জিলাৰ ৩০ খনতে তৃণমূল কংগ্ৰেছ এতিয়া ঠন ধৰি উঠিছে বুলি কৈ ভূপেন বৰাৰ ভাষ‍্য ভিত্তিহীন আৰু বিভ্ৰান্তিকৰ বুলি ভূপেন বৰাই মন্তব্য কৰে ৷ লগতে ৰিপুন বৰাৰ গুৰুত্ব উপলদ্ধি কৰাৰ বাবে APCC ৰ সভাপতি ভূপেন বৰাক ধন্যবাদো জ্ঞাপন কৰে ৰিপুন বৰাই ৷

আনহাতে পশ্চিম বংগৰ পঞ্চায়ত নিৰ্বাচনকেন্দ্ৰিক হিংসাত্মক ঘটনা সম্পৰ্কে মন্তব্য আগবঢ়াই সভাপতিগৰাকীয়ে কয় যে এই হিংসাত্মক ঘটনাত বিজেপিয়ে ইন্ধন যোগাইছে ৷ বিজেপি, কংগ্ৰেছ, চিপিআই আদি বিৰোধী দলসমূহে হতাশাত ভূগিয়েই পঞ্চায়ত নিৰ্বাচনত এনে হিংসাত্মক ঘটনা সংঘটিত কৰিছিল বুলিও দাবী কৰে ৰিপুন বৰাই ৷

লগতে পঢ়ক: Assam cabinet decision: ছয় জনগোষ্ঠীৰ বাবে বিশেষভাৱে আসন সংৰক্ষণৰ সিদ্ধান্ত কেবিনেটৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.