ETV Bharat / state

কৰিমউদ্দিন বৰভূঞাৰ বিৰুদ্ধে ১০০ কোটি টকীয়া গোচৰ অখিল গগৈৰ - ১০০ কোটি টকীয়া গোচৰ অখিল গগৈৰ

বিধায়ক অখিল গগৈয়ে বিজেপিৰ বিধায়ক মানৱ ডেকাৰ বাসগৃহৰ পৰা নগদ ধন সংগ্ৰহ কৰি ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপিক সহায় কৰাৰ অভিযোগ কৰি সংবাদ শিৰোনাম দখল কৰিছিল এ আই ইউ ডি এফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই । এতিয়া এই অভিযোগ সন্দৰ্ভত এটা ১০০ কোটি টকাৰ এটা মানহানি গোচৰৰ সমুখীন হৈছে বিধায়ক বৰভূঞা (Hundred crore rupees defamation case against AIUDF MLA) ৷

hundred-crore-rupees-defamation-case-against-aiudf-mla-by-akhil-gogoi
কৰিমউদ্দিন বৰভূঞাৰ বিৰুদ্ধে ১০০ কোটি টকীয়া গোচৰ অখিল গগৈৰ
author img

By

Published : Apr 29, 2022, 6:38 PM IST

গুৱাহাটী, ২৯ এপ্রিল : অখিল গগৈৰ বিৰুদ্ধে এটা ব্যক্তিগত টেলিভিছন চেনেলৰ মজিয়াত অভিযোগ উত্থাপন কৰি এতিয়া গোচৰৰ সন্মুখীন হৈছে এ আই ইউ ডি এফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞা । বৰভূঞাৰ অভিযোগ অনুসৰি, অখিল গগৈয়ে বিজেপিৰ বিধায়ক মানৱ ডেকাৰ বাসগৃহৰ পৰা নগদ ধন সংগ্ৰহ কৰি ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপিক সহায় কৰিছিল ৷ বিধায়ক বৰভূঞাই এই সন্দৰ্ভত Lie detector যন্ত্ৰৰ ব্যৱহাৰৰ দ্বাৰা অখিল গগৈৰ বিৰুদ্ধে তেওঁৰ অভিযোগ সত্য প্ৰমাণ কৰাৰ প্ৰত্যাহ্বান জনাইছিল (lie detector challenge to Akhil Gogoi) ৷

কৰিমউদ্দিন বৰভূঞাৰ বিৰুদ্ধে ১০০ কোটি টকীয়া গোচৰ অখিল গগৈৰ

পৰৱৰ্তী সময়ত, একেটা চেনেলৰ মজিয়াতে বিধায়ক গগৈয়ে এআইইউডিএফ বিধায়ক গৰাকীৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাজু বুলি ৰাজহুৱা কৰে ৷ অৱশ্যে, যদিহে বিধায়ক বৰভূঞা বিফল হয় তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ’ব ৷ যিহেতু, বিধায়ক কৰিমুদ্দিনে Lie detector ৰ ব্যৱস্থা কৰিব নোৱাৰিলে তেওঁৰ বিৰুদ্ধে এতিয়া কামৰূপ(ম)ৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত যোৱা ২৬ এপ্ৰিলত ২৮১৭/২০২২ নং মান হানিৰ এক গোচৰ তৰিছে অখিল গগৈয়ে (Hundred crore rupees defamation case by Akhil Gogoi) ৷

বৰভূঞাৰ বিৰুদ্ধে অখিল গগৈৰ এই গোচৰ ১০০ কোটি টকাৰ এটা মান হানি গোচৰ ৷ ইয়াৰোপৰি বিধায়ক বৰভূঞাৰ বিৰুদ্ধে Criminal defamation ৰ গোচৰো তৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে (Criminal defamation case against AIUDF MLA) ৷

লগতে পঢ়ক : Jignesh Mevani updates: বৰপেটাৰ গোচৰত জামিন লাভ জিগনেশ মেৱানীৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.