গুৱাহাটী,17 জুনঃ ৰাজ্যত জাল পেলাইছে মানৱ সৰবৰাহকাৰীৰ চক্ৰই। অসমৰ যুৱতী,মহিলাক টাৰ্গেট বহিঃৰাজ্যৰ মানৱ সৰবৰাহকাৰীৰ। প্ৰথমে ছ'চিয়েল মিডিয়াত চিনাকি তাৰ পাচত প্ৰেমৰ অভিনয় কৰে এই চক্ৰটোৱে। বিয়াৰ প্ৰস্তাৱ দি অসমৰ পৰা যুৱতী নি বহিঃৰাজ্যত বিক্ৰী কৰে মানৱ সৰবৰাহকাৰীয়ে। সোমবাৰে মহানগৰীৰ কামাখ্যা ৰে'ল ষ্টেচনত আটক হয় এটা মানৱ সৰবৰাহকাৰী। উত্তৰ প্ৰদেশৰ নৱৰত্ন গোৱাশ্মী নামৰ লোকজনে এগৰাকী যুৱতীক নিবলৈ আহি জালত পৰে আৰক্ষীৰ। তাৰে পিছতেই পোহৰলৈ আহে সমগ্ৰ ঘটনা। শিৱসাগৰৰ যুৱতীক বিয়াৰ প্ৰলোভন দি গুৱাহাটী লৈ আহি কামাখ্যা ষ্টেচনৰ পৰা দিল্লীলৈ নি থকা অৱস্থাতে আটক হয় বহিঃৰাজ্যৰ মানৱ সৰবৰাহকাৰী নৱৰত্ন গোৱাশ্মী।
কামাখ্যা ৰে'ল ষ্টেচনত আটক মানৱ সৰবৰাহকাৰী!
"বিয়াৰ প্ৰস্তাৱ দি অসমৰ পৰা যুৱতী নি বহিঃৰাজ্যত বিক্ৰী কৰে মানৱ সৰবৰাহকাৰীয়ে। সোমবাৰে মহানগৰীৰ কামাখ্যা ৰে'ল ষ্টেচনত আটক হয় এটা মানৱ সৰবৰাহকাৰী। উত্তৰ প্ৰদেশৰ নৱৰত্ন গোৱাশ্মী নামৰ লোকজনে এগৰাকী যুৱতী নিবলৈ আহি জালত পৰে আৰক্ষীৰ ।"