ETV Bharat / state

গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ মানৱ শৃংখল কাৰ্যসূচী - মানৱ শৃংখল

বিভিন্ন সমস্যা সমাধানৰ দাবীত দেওবাৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ কাৰ্যকৰ্তাসকলে ৷ দেওবাৰে মহানগৰীৰ গুৱাহাটী ক্লাবত মানৱ শৃংখল প্ৰদৰ্শনেৰে সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷

Human Chain protest in guwahati assam etv bharat news
মানৱ শৃংখল কাৰ্যসূচী
author img

By

Published : Oct 18, 2020, 8:13 PM IST

গুৱাহাটী,18 অক্টোবৰ : দেওবাৰে মহানগৰীৰ গুৱাহাটী ক্লাবত সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদে মানৱ শৃংখল প্ৰদৰ্শনৰ জৰিয়তে এক প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে । কেইবাটাও দাবীৰে সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্বই মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে । গৰিয়া-মৰিয়া দেশীসকলক সুকীয়া জৰীপৰ জৰিয়তে চিনাক্ত কৰা, উন্নয়ন নিগম শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবীত সংগঠনটোৱে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷

উল্লেখ্য যে, বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পিছত খিলঞ্জীয়া মুছলমানসকলৰ কেইবাটাও সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল । ইয়াৰ ভিতৰত আছিল গৰিয়া-মৰিয়া দেশীসকলৰ সুকীয়া জৰীপ আৰু উন্নয়ন নিগম গঠন কৰা । কিন্তু চৰকাৰে আজিলৈ এইসমূহ প্ৰতিশ্ৰুতিৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰিলে ৷ যাৰ বাবে এনেদৰে দেওবাৰে প্ৰতিবাদত নামে সংগঠনটোৰ সদস্য তথা কৰ্মকৰ্তাসকলে ৷

লগতে চাওকঃ আছুৰ বাবে নীলকণ্ঠৰ দৰে কাম কৰি যাব সমুজ্জল ভট্টাচাৰ্যই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.