গুৱাহাটী, ২৮ এপ্ৰিল : ৰাজ্যৰ চৌদিশে বৃদ্ধি পাইছে মহামাৰী কৰ’ণাৰ সংক্ৰমণ ৷ বৰ্দ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অসম মাধ্যমিক শিক্ষা সংসদে অনিৰ্দিষ্ট কাললৈ পিছুৱালে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ পৰীক্ষা । শিক্ষা সংসদে বুধবাৰে এক নিৰ্দেশনা যোগে ঘোষণা কৰে এই সিদ্ধান্ত ।
![hs first year final exam posponed due to covid](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-04-hs-exam-postponed-7206058_28042021195422_2804f_1619619862_327.jpg)
উল্লেখযোগ্য যে, ৪ মে'ৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ পৰীক্ষা । অৱশ্যে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত হ’ব নে নহয় সেই বিষয়ে এইপৰ্যন্ত শিক্ষা সংসদে কোনো সিদ্ধান্ত প্ৰকাশ কৰা নাই ।
লগতে পঢ়ক : ধুমুহা-শিলাবৃষ্টিয়ে আশ্ৰয়হীন কৰিলে অৰ্ধশতাধিক পৰিয়ালক