ETV Bharat / state

পুনৰ মুকলি হ'ল মহানগৰীৰ হোটেল-ৰেষ্টুৰেন্ট

সোমবাৰৰ পৰা মহানগৰীত পুনৰ হোটেল, ৰেষ্টুৰেন্টসমূহ খোলা হয় ৷ অৱশ্যে, পৰ্যাপ্ত গ্ৰাহক নথকাৰ বাবে বন্ধ হৈ আছে একাংশ ৰেষ্টুৰেন্ট, হোটেল ।

hotels and restaurants reopened in guwahati

author img

By

Published : Jun 8, 2020, 11:44 PM IST

গুৱাহাটী, ৮ জুন : কৰ'ণা মহামাৰীৰ ফলত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা লক ডাউনৰ বাবে দুমাহৰো অধিক সময় অন্য ব‍্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে বন্ধ হৈ আছিল হোটেল, ৰেষ্টুৰেন্টসমূহো । গুৱাহাটী মহানগৰীতো বন্ধ হৈ আছিল প্ৰায় ৫ সহস্ৰাধিক হোটেল, ৰেষ্টুৰেন্ট । সোমবাৰৰ পৰা মহানগৰীত পুনৰ মুকলি কৰা হ'ল হোটেল, ৰেষ্টুৰেন্টসূহ ।

পুনৰ মুকলি হ'ল মহানগৰীৰ হোটেল ৰেষ্টুৰেন্ট

কিন্তু এতিয়াও বহুতো হোটেল ৰেষ্টুৰেন্টে সম্পূৰ্ণৰূপে আগৰ দৰে সেৱা দিব পৰা নাই । বিশেষকৈ মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ সমীপৰ হোটেল, ৰেষ্টুৰেন্টবোৰৰ একাংশ খোলা ৰাখি বাকীবোৰ বৰ্তমানেও খুলিব পৰা নাই । এই সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপৰ এখন ৰেষ্টুৰেন্টৰ স্বত্বাধিকাৰীয়ে ক'য়, ছাত্র-ছাত্ৰীসকল নথকাৰ বাবেই এতিয়া ৰেষ্টুৰেন্টসমূহ খোলা হৈছে যদিও গ্ৰাহকৰ সংখ্যা অতি তাকৰ । যাৰ বাবে মাত্ৰ কেইখনমানহে ৰেষ্টুৰেন্ট বা হোটেল খোলা ৰাখিছে তেওঁলোকে ।

লগতে পঢ়ক : বাঘজান তৈলখাদত উপস্থিত ছিংগাপুৰৰ বিশেষজ্ঞৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.