গুৱাহাটী, ৭মে: ক'ভিড জয় কৰি শুকুৰবাৰে ঘৰলৈ উভতিল বৰেণ্য কথাশিল্পী, বিশিষ্ট সাংবাদিক হোমেন বৰগোহাঞি । বিগত ২৪ এপ্ৰিলত বিশিষ্ট সাহিত্যিক গৰাকীৰ শৰীৰত ধৰা পৰিছিল ক'ভিডৰ সংক্ৰমণ । তেতিয়াৰে পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল বৰগোহাঞি ।
ইপিনে চিকিৎসা চলি থকাৰ মাজতে সামান্য পৰিমাণে তেওঁৰ শৰীৰত অক্সিজেনৰ মাত্ৰাও হ্ৰাস পাইছিল । কিন্তু দৃঢ় মনোবল থকা আৰু চিকিৎসাৰ অন্তত ক'ভিড মুক্ত হ’বলৈ সক্ষম হ'ল বিশিষ্ট সাংবাদিকগৰাকী । উল্লেখযোগ্য যে, শুকুৰবাৰে বৰগোহাঞিৰ স্বাস্থ্য পৰীক্ষাত ক'ভিড নিগেটিভ ধৰা পৰাত চিকিৎসকে তেওঁক ঘৰলৈ যাবলৈ অনুমতি দিয়ে ।
লগতে পঢ়কঃ খিলঞ্জীয়াৰ মাজত ভেটি উচন হ'ল নেকি কংগ্ৰেছৰ !