গুৱাহাটী, ৩১ জুলাই : গুৱাহাটী মহানগৰীখনত জড়িত হৈ আছে বহু ইতিহাস । গুৱাহাটী মহানগৰীৰ অতি পুৰণি অঞ্চল হৈছে মাছখোৱা । অতি ব্যস্ততাপূৰ্ণ মাছখোৱাতে আছে ১২৩ বছৰীয়া গুৱাহাটীৰ প্ৰথম ঈদগাহ ৷ ই ব্ৰহ্মপুত্ৰ উপত্যকাৰো প্ৰথম ঈদগাহ হ’ব পাৰে ৷ কাৰণ ইয়াতকৈ পুৰণি ঈদগাহৰ তথ্য নাই ৷ য’ত ঈদৰ সময়ত গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা হাজাৰ হাজাৰ ইছলাম ধৰ্মালম্বী লোকে সমূহীয়া নামাজত অংশ গ্ৰহণ কৰে । এই ঈদগাহ খনৰ আছে বহু ইতিহাস ।
১২৩ বছৰ আগৰ পৰা আজিৰ পৰ্যায় কিদৰে পালে ঈদগাহখনে, তাৰ দীঘলীয়া ইতিহাস আছে । ঈদৰ সমূহীয়া নামাজৰ উপৰিও ঈদগাহ খনত ঈদক্ৰীড়া আৰু ঈদ মেহফিল আদি হৈছিল । ড৹ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকাও ঈদ মেহফিলবোৰত অংশগ্ৰহণ কৰিছিল ।
ঈদ মেহফিলৰ সাংস্কৃতিক কাৰ্যসূচীত সংগঠিত কৰাত আগভাগ গ্ৰহণ কৰিছিল মোৱাজ্জিন আলী, দোস্ত হবিবুৰ ৰহমান, মিৰেল কুদ্দুছৰ দৰে অসমৰ আগশাৰীৰ অভিনেতাই ৷ গুৱাহাটী ঈদগাহৰ ইতিহাস সম্পৰ্কে মাছখোৱাৰ পুৰণি স্থানীয় বাসিন্দা তথা গুৱাহাটীৰ ইতিহাস গৱেষণাৰ আকৰ্ষক মছদ্দৰ হুছেইনে ই টি ভি ভাৰতক বহুখিনি তথ্য আগবঢ়ায় ৷
তেওঁ কয়, ‘‘মাছখোৱাৰ ঈদগাহক গুৱাহাটী ঈদগাহ বুলি কোৱা হয় ৷ মাখোৱাৰ গুৱাহাটী ঈদগাহৰ লিখিত ইতিহাস পাবলৈ নাই ৷ যোৱা শতিকাৰ শেষত ইয়াৰ তথ্য বিচাৰি সেই সময়ৰ গুৱাহাটী ঈদগাহৰ সাধাৰণ সম্পাদক মৰহুম ইকবাল আহমেদৰ লগত কথা পাতিছিলো ৷ ইকবাল আহমেদেও ইতিমধ্যে ঈদগাহৰ ইতিহাস খুচৰি আছিল ৷ মৰহুম আব্দুল খালেক আৰু আন বয়োজ্যেষ্ঠ ব্যক্তিৰ লগত আলোচনা আৰু বহু বিচাৰ-খোচাৰ কৰি মাছখোৱাৰ বৰ্তমানৰ ঈদগাহৰ স্থানত ১৯০১ চনত প্ৰথম মুকলি আকাশৰ তলত ঈদৰ নামাজ পঢ়া বুলি অনুমান কৰা হৈছিল ৷’’
হুছেইনে লগতে কয়, ইয়াৰ পূৰ্বে গুৱহাটীৰ মছজিদবোৰতহে ঈদৰ নামাজ পঢ়া হৈছিল ৷ মাছখোৱাতে সেইসময়ত তিনিটা মছজিদ আছিল ৷ আজিও সেই তিনিটা মছজিদেই আছে, নতুন মছজিদ হোৱা নাই’’ ৷
তেওঁ আৰু কয়, ‘‘প্ৰথমটো মছজিদ আনুমানিক ১৮২২ চন মানত স্থাপিত হৈছিল ৷ মাছখোৱাৰ ফৈয়াজ আহমেদ পথত থকা বুঢ়া মছজিদটোৱেই মাছখোৱাৰ প্ৰথম মছজিদ ৷ ইয়াৰ পাচত ১৮৭০ চনত দ্বিতীয়টো মছজিদ মাছখোৱা চাৰি আলিত নিৰ্মিত হয় ৷ ইয়াক পক্কা মছজিদ বুলি কোৱা হয় ৷
ইকবাল আহমেদ আৰু মাছখোৱাৰ ডেকাসকলৰ উদ্যোগত শতবৰ্ষ উপলক্ষে এক দোৱাৰ আয়োজন কৰা হৈছিল । সেই সময়ৰ ঈদগাহখন বৰ্তমানতকৈ প্ৰায় দুগুণ ডাঙৰ আছিল ৷ বৰ্তমানৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পৰ মাটিখিনিও ঈদাগাহৰ অন্তৰ্ভুত আছিল’’ ৷
মাছখোৱাৰ এএছটিচি আস্থান, হেণ্ডলুম টেক্সটাইলৰ মাটি (পূৰ্বৰ কৃষি বিভাগৰ সঞ্চালকালয়ৰ কাৰ্যালয়ৰ স্থান), গুৱাহাটী ঈদগাহ - এই সকলোখিনি মিলি এডোখৰ ডাঙৰ মুকলি ঠাই আছিল ৷ উক্ত মুকলি স্থানখিনিত সৰু, ডাঙৰ, এ ডিভিজন, বি ডিভিজন ফুটবল খলুৱৈসকলে নিয়মীয়াকৈ ভাগে ভাগে খেলিছিল, অনুশীলন কৰিছিল, প্ৰতিযোগিতাৰ আয়োজন কৰিছিল ৷ ইয়াত খেলিবলৈ ফটাশিল, আঠগাঁও, কুমাৰপাৰা, মাছখোৱা, ভৰলুমুখ, শান্তিপুৰকে ধৰি পশ্চিম গুৱাহাটীৰ সকলো অঞ্চলৰ ফুটবল খেলুৱেসকলৰে মুকলি পথাৰখিনি ভৰি পৰিছিল ৷
চি ডিভিজনৰ ল’ৰাবোৰে দেশভক্ত তৰুণৰাম ফুকনৰ ঘৰৰ সন্মুখৰ মুকলি পথাৰত খেলিছিল ৷ তাতেই প্ৰথম পশ্চিম গুৱাহাটী বিহু সন্মিলন অনুষ্ঠিত হৈছিল ৷ পাচলৈ বিহু সন্মিলনখন সোণাৰাম খেলপথাৰলৈ স্থানান্তৰ হয় ৷ দেশভক্ত তৰুণৰাম ফুকনৰ ঘৰৰ সন্মূখৰ তেতিয়াৰ মুকলি স্থানডোখৰতে বৰ্তমানৰ ফুকন পাৰ্ক গঢ়ি উঠিছে ৷
১৯৬৩ চনত শৰাইঘাট দলঙেদি যান-বাহন চলাচল কৰাৰ সময়তে উত্তৰ পাৰৰ পৰা গুৱাহাটীলৈ অহা বাছৰ বাবে আস্থান হিচাপে ঈদগাহৰ পূব অংশটো চৰকাৰে ৰিজাৰ্ভ কৰে ৷ শৰাইঘাটৰ দলং মুকলি হোৱাৰ পিচত গুৱাহাটীৰ বৰ্ধিত যানবাহনৰ চলাচলৰ পৰিকল্পনা কৰিবলৈ সেই সময়ত শ্বিলঙত যানবাহন আৰক্ষীৰ (traffic police)ৰ দক্ষ বিষয়া প্ৰফুল্ল চন্দ্ৰ চৌধুৰীক গুৱাহাটীলৈ বদলি কৰি অনা হৈছিল ৷
উল্লেখযোগ্য যে, অসমৰ সেই সময়ৰ ৰাজধানী শ্বিলঙৰ ট্ৰেফিক চিষ্টেম নতুনকৈ পৰিকল্পনা কৰি প্ৰফুল্ল চন্দ্ৰ চৌধুৰী অসম চৰকাৰৰ প্ৰশংসাৰ পাত্ৰ হৈছিল ৷ চৌধুৰীয়ে নামনি অসমৰ বাছ আস্থান হিচাপে ফাঁচীবজাৰৰ সমীপৰ এই ঠাইডোখৰ পচন্দ কৰে ৷
তেখেতে প্ৰথমতে গুৱাহাটী ঈদগাহ কমিটিৰ বিষয়ববীয়াসকলৰ লগত বিষয়টোলৈ কথা পাতে ৷ তেতিয়াৰ সৰু গুৱাহাটীখনত ঈদৰ নামাজত আজিৰ দৰে ইমান ডাঙৰ সমাৱেশ নহৈছিল ৷ বৃহত্তৰ স্বাৰ্থৰ কথা বুলি বিবেচনা কৰি ঈদগাহ কমিটিয়ে প্ৰফুল্ল চন্দ্ৰ চৌধুৰীৰ প্ৰস্তাৱত সাদৰ সন্মতি জনায় ৷ চৌধুৰীয়ে তেতিয়া চৰকাৰৰ ওচৰত প্ৰস্তাৱ দি বাছ আস্থানৰ দেৱাল নিৰ্মাণ কৰি ঈদগাহৰ বাবে সুকীয়াকৈ মাটিডোখৰ চিহ্নিত কৰে ৷
১৯৮৯ চনত নামনি অসম বাছ আস্থান বৰ্তমানৰ গড়পাণ্ডু (আদাবাৰী)লৈ উঠি যোৱাত নতুনকৈ মুকলি হোৱা স্থানডোখৰত এটা সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ প্ৰস্তাৱকলৈ মাছখোৱা, কুমাৰপাৰাৰ ৰাইজে তেতিয়াৰ ১৩ নং ৱাৰ্ড নাগৰিক কমিটিৰ বেনাৰত ‘‘পশ্চিম গুৱাহাটীত সাৎস্কৃতিক প্ৰকল্প নিৰ্মাণ সমিতি’’ নামেৰে এটা অনুষ্ঠানৰ জন্ম দিয়ে ৷ ইয়াৰে ফলশ্ৰুতি হৈছে বৰ্তমানৰ ‘‘প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্প’’ ৷
তেওঁ কয় দ্বিতীয় মহাযুদ্ধৰ সময়ত অসম তথা উত্তৰ-পূব ভাৰত একপ্ৰকাৰ ৰণভূমিলৈ পৰিণত হৈছিল ৷ নেতাজী সুভাষ চন্দ্ৰ বসুৱে আজাদ হিন্দ ফৌজ গঠন কৰি জাপানৰ সহায়ত ৰেংগুন হৈ অসমেদি মুক্তি বাহিনীয়ে আক্ৰমণৰ পৰিকল্পনা কৰাত ইংৰাজৰ মিত্ৰ বাহিনীয়ে অসমলৈ যুদ্ধ প্ৰস্তুতিৰ বাবে প্ৰচুৰ সৈন্য প্ৰেৰণ কৰে ৷ জাপানৰ বিমান বাহিনীয়ে গুৱাহাটীত বোমা পেলোৱাৰ আশংকা কৰি মাছখোৱাকে ধৰি গুৱাহাটীৰ বহু বাসিন্দা গুৱাহাটী এৰি গাঁৱলৈ গুচি গৈছিল ৷ সেই সময়ত মিত্ৰ বাহিনীৰ সৈন্যৰে গুৱাহাটী ভৰি পৰিছিল ৷
গুৱাহাটীৰ জজ ফিল্ড, চাৰ্চ ফিল্ড, মাছখোৱা ঈদগাহকে ধৰি সকলো মুকলি পথাৰত মিত্ৰ বাহিনীৰ সৈন্যৰ শিৱিৰ পতা হৈছিল ৷ সৈন্য শিৱিৰৰ বাবে শত্ৰুৰ বিমান আক্ৰমণৰ শংকা কাষৰ অঞ্চলবোৰত বৃদ্ধি পাইছিল ৷ মিত্ৰ বাহিনীৰ সৈন্যবোৰৰ প্ৰতি স্থানীয় মানুহৰ মনত ভীতিৰ সৃষ্টি হৈছিল, যদিও সৈন্যবোৰে সাধাৰণ মানুহক একো কৰা নাছিল ৷
অৱশ্যে নদীৰ পাৰৰ নিৰ্ঝঞ্জাল অঞ্চলত সন্ধিয়াৰ সময়ত মদ্যপী সৈন্যই কিছু উৎপাত কৰিছিল ৷ প্ৰয়াত অধিবক্তা তথা এসময়ৰ বিপ্লৱী প্ৰয়াত শৈলেন মেধীয়ে তেখেতৰ স্মৃতিচাৰণত এই কথা উল্লেখ কৰি গৈছে ৷ মাছখোৱাৰ ঈদগাহতো সৈন্য শিৱিৰ থকা বাবে কেইবছৰমান ঈদৰ নামাজ মাছখোৱাত বন্ধ আছিল ৷ সেই কেইবছৰ ঈদৰ নামাজ পঢ়া হৈছিল ফাঁচীবজাৰৰ খলিল মাৰ্কেটৰ মুকলি স্থানত ৷
ফাঁচী বজাৰৰ ছাৰ ছাদুল্লা পথৰ পূৱ অংশ, য’ত পূৰ্বে উৰ্বশী চিনেমা হ’ল, বিজুলী চিনেমা হ’ল আছিল, সেই স্থান খিনিয়েই তাহানিৰ বিখ্যাত খলিল মাৰ্কেট ৷ খলিল মাৰ্কেটত তিনি-চাৰি বছৰমান ঈদৰ নামাজ পঢ়াৰ পিচত যুদ্ধ শেষ হোৱাত পুনৰ মাছখোৱাত ঈদৰ নামাজ পঢ়া আৰম্ভ হয় ৷
জানিব পৰা মতে, প্ৰথম মহাযুদ্ধৰ সময়তো মাছখোৱাৰ ঈদগাহত সৈন্য শিৱিৰ পতা হৈছিল ৷ ১৬৪৫ চনমানৰ পৰা প্ৰায় পচিশ বছৰমান গুৱাহাটীৰ ফাঁচী বজাৰত মোগল ফৌজদাৰৰ চাউনী আছিল ৷ সেই সময়ত ফাঁচী বজাৰৰ নাম আছিল ফৌজদাৰপট্টী ৷
মোগলৰ হাতীখানা মাছখোৱাৰ ঈদগাহৰ স্থানতে আছিল বুলি জনা যায় ৷ পাচলৈ গুৱাহাটীত আহোমৰ বৰফুকনৰ শাসন আৰম্ভ হোৱাত বৰফুকনৰ হাউলীও বহু বছৰ ফাঁচী বজাৰতে আছিল ৷ আহোমে ভৰলুমুখৰ পৰা শুক্ৰেশ্বৰলৈকে ব্ৰহ্মপুত্ৰৰ পাৰেদি এটা গড় আৰু লগত খাৱৈ নিৰ্মাণ কৰিছিল ৷
শৰাইঘাটৰ মুখ্য যুদ্ধস্থলী হৈ পৰিছিল ব্ৰহ্মপুত্ৰৰ আন্ধাৰু বালি ৷ ভৰলুমুখ, মাছখোৱা, ফাঁচী বজাৰ, শুক্ৰেশ্বৰৰ ব্ৰহ্মপুত্ৰৰ অংশত বালি পৰা অঞ্চলটোৱেই বিখ্যাত আন্ধাৰু বালি ৷ আহোমৰ হাতীশালো ঈদগাহৰ স্থানতে আছিল ৷ বদন বৰফুকনৰ দুই পুত্ৰই বিহুৰ সময়ত পতা অনুষ্ঠানত ইয়াৰে এটা হাতীক ভাং খুৱাই কামৰূপীয়া প্ৰজাৰ ওপৰত মেলি দিছিল ৷ ইয়াৰে পৰা কামৰূপত দন্দুৱা দ্ৰোহৰ সূত্ৰপাত ঘটিছিল ৷ বিহু অনুষ্ঠানটো হাতীখানাৰ (পীলখানা বুলি কোৱা হৈছিল) কাষত মাছখোৱা-ফাঁচীবজাৰৰ মাজৰ স্থানতে আয়োজন কৰা হৈছিল ৷
গুৱাহাটী ঈদগাহত আয়োজিত ঈদ-উল-ফিতৰৰ নামাজ উপলক্ষে ঈদৰ পাচত সময় সুবিধা অনুসৰি ঈদ ক্ৰীড়া প্ৰতিযোগিতা আৰু বঁটা বিতৰণ অনুষ্ঠান হিচাপে ঈদ মেহফিল নিয়মীয়াকৈ পতা হৈছিল ৷ ১৯৫০ চনমানৰ পৰা ঈদ ক্ৰীড়া আৰু ঈদ মেহফিল ১৯৮০ চন মানলৈকে নিয়মীয়াকৈ চলি আছিল ৷ উক্ত দুয়োটা অনুষ্ঠান কেৱল মুছলমানৰ অনুষ্ঠান হৈ থকা নাছিল ৷ পশ্চিম গুৱাহাটী অঞ্চলৰ সকলোৰে অনুষ্ঠানত পৰিণত হৈছিল ৷
প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ অধ্যাপক ভূপেন সিং, সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত পৰমানন্দ মেধী, সমাজকৰ্মী বিশিষ্ট সমাজকৰ্মী হিড়ম্বেশ্বৰ কটকী, আগশাৰীৰ ক্ৰীড়া সংগঠক পুলিন দাস, এসময়ৰ প্ৰখ্যাত ফুটবলাৰ যতীন বড়াৰ দৰে গণ্যমান্য লোকসকলে এইবোৰত আগভাগ লৈছিল আৰু বহু সময়ত সভাপতি, সাধাৰণ সম্পাদকৰ দায়িত্বও সুচাৰুৰূপে পালন কৰিছিল ৷
ঈদ মেহফিলৰ সাংস্কৃতিক কাৰ্যসূচীত সংগঠিত কৰাত আগভাগ গ্ৰহণ কৰিছিল মোৱাজ্জিন আলী, দোস্ত হবিবুৰ ৰহমান, মিৰেল কুদ্দুছৰ দৰে অসমৰ আগশাৰীৰ অভিনেতাই ৷ ড৹ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকায়ো ঈদ মেহফিলবোৰত অংশগ্ৰহণ কৰিছিল ৷ ঈদমেহফিলত ম’ক পাৰ্লিয়ামেণ্ট অয়োজন কৰি অংশগ্ৰহণ কৰিছিল পৰৱৰ্তী সময়ৰ সাংসদ দীনেশ চন্দ্ৰ গোস্বামীয়ে ৷
উল্লেখযোগ্য যে, মাছখোৱাত পূৰ্বে কুমাৰ সম্প্ৰদায়ৰ লোকে বাস কৰিছিল ৷ কিন্তু এবাৰ প্ৰৱল বানপানীত চাৰিফুটলৈকে বালি পৰাত ইয়াৰ পৰা কুমাৰসকল আঁতৰি যায়৷ পৰৱৰ্তী সময়ত মানৰ দ্বিতীয় আৰু তৃতীয় আক্ৰমণৰ সময়ত শিৱসাগৰৰ ৰংপুৰ, গড়গাঁও, নাজিৰা, চূনপোৰা আদি অঞ্চলৰ পৰা মানুহ ভাগি গুৱাহাটীলৈ আহে আৰু ইছলামধৰ্মীসকলে বৰ্তমানৰ মাছখোৱা অঞ্চলত বসবাস কৰিবলৈ লয় ৷
সেই সময়ত মাছখোৱাৰ নাম আছিল ৰংপুৰপট্টি আৰু গড়গঞাপট্টি ৷ পাচলৈ দুয়োটা নাম বিলুপ্ত হৈ মাছখোৱা হয় ৷ মাছখোৱা নামৰ উৎপত্তিৰ সঠিক তথ্য এতিয়ালৈকে উপলদ্ধ হোৱা নাই বুলি তেওঁ কয় ।
লগতে পঢ়ক : Prices fall down of Row tea leaf : সেউজীয়া সোণৰ উচিত মূল্যৰ পৰা বঞ্চিত থলুৱা খেতিয়ক