গুৱাহাটী, ৩১ আগষ্ট : গুৱাহাটী মহানগৰীৰ মাজমজিয়াত আছে এক কৃৰ্তিচিহ্ন । ১৯ শতিকাৰ এই কৃৰ্তিচিহ্ন অৱহেলিত হৈ পৰি আছে প্ৰচাৰ আৰু প্ৰসাৰৰ অভাৱত । এই কৃৰ্তিচিহ্ন হৈছে গুৱাহাটী মহানগৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰত শুক্ৰেশ্বৰ মন্দিৰৰ কাষত থকা নৰ্থব্ৰুক গেট । ১৮৭৪ চনত নিৰ্মাণ কৰা হৈছিল এই গেটখন । নৰ্থ ব্ৰুক গেটখন সেই সময়ৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড নৰ্থ ব্ৰুকক আদৰিবলৈ নিৰ্মাণ কৰা হৈছিল । এই গেটখন ১৯ শতিকাৰ স্থাপত্য বিদ্যাৰ অৱশিষ্ট নিদৰ্শন হিচাপে চিহ্নিত হৈ আহিছে । ইংৰাজে এই গেটখনক গেটৱে অৱ আসাম বুলি নামাকাৰণ কৰিছিল ।
গেটখন ইংলেণ্ডৰ বিখ্যাত কলেজ কিংছ কলেজৰ তোৰণৰ আৰ্হিত নিৰ্মাণ কৰিছিল । ১৮৭৪ চনৰ ২৭ আগষ্টত নৰ্থ ব্ৰুক চাহাব কলিতাৰ পৰা জাহাজেৰে আৰ্হি গুৱাহাটীৰ শুক্ৰেশ্বৰ ঘাটৰ সমীপত নামিছিল । এই গেটখনেৰে তেওঁক আদৰি আনিছিল । পিচলৈ ১৯০০ চনত লৰ্ড কাৰ্জন গুৱাহাটী ভ্ৰমণলৈ অহাৰ সময়ত তেওঁকো এই গেটেৰে আদৰি অনা হৈছিল ।
আয়তাকাৰৰ আৰ্হিৰ গেটখন ১২ টা ধেনুভিৰীয়া স্থাপত্যৰ নিদৰ্শন আছে । ধেনুভিৰীয়া স্থাপত্য নিদৰ্শন কেইটাই সমগ্ৰ গেটখনে সমতা ৰক্ষা কৰি আছে । এই বিষয় সম্পৰ্কে গুৱাহাটীৰ বিশিষ্ট নাগৰিক মছদ্দৰ হুছেইনে কয়, ‘‘নৰ্থব্ৰুক গেটৰ লগত গুৱাহাটীৰ নাগৰিকৰ এক সম্পৰ্কে আছিল । গেটখনৰ সন্মুখত এখন বজাৰ আছিলে যাক ছাগলী বজাৰ বুলি জনা গৈছিল । বজাৰখন বিখ্যাত আছিল ।’’
তেওঁ আৰু কয়, ‘‘বিশিষ্ট নাট্যকাৰ অৰুণ শৰ্মাৰ বিখ্যাত নাটক নৰ্থ ব্ৰুক গেটৰ পটভূমিত নিৰ্মিত । এবাৰ নৰ্থব্ৰুক গেটত এই নাটকখন মঞ্চস্থ কৰা হৈছিল । বহু লোকে ঐতিহাসিক গেটখনৰ বিষয়ে নাজানে । কিয়নো গেটখনৰ বিষয়ে কোনো ফলক নাই যাৰ পৰা গেটখনৰ ইতিহাসৰ বিষয়ে জানিব’’।
১৯ শতিকাৰ এই গেটখন এতিয়া অৱহেলিত । দশক দশক ধৰি হোৱা গুৱাহটী উন্নয়নৰ সময়ত ঐতিহাসিক গেটখনৰ গুৰুত্ব বৰ্তমান লোপ পাইছে । কিছু বিছৰ পূৰ্বে গেটখন মেৰামতি কৰা হৈছিল যদিও অসম পৰ্যটন বিভাগৰ অধীনত থকা নৰ্থ ব্ৰুক গেট অৱহেলিত হৈ আছে । পৰ্যটন বিভাগে এই কৃৰ্তিচিহ্নটো সংৰক্ষণ কৰাৰ বাবে গুত্বপূৰ্ণ গ্ৰহণ কৰা নাই ।
অৱহেলিত হোৱাৰ বাবে পৰ্যটকে এই গেটখনৰ বিষয়ে জ্ঞাত নহয় । ২০০৮ চনত আৰ্কিঅ’লজীকেল চাৰ্ভে অৱ ইণ্ডিয়াক গেটখনৰ সংৰক্ষণৰ দায়িত্ব দিয়া হৈছিল যদিও সংস্থাটোৱে সেই দায়িত্ব গ্ৰহণ নকৰিলে । পৰৱৰ্তী সময়ত ৰাজ্যিক প্ৰত্বতত্ত্ব বিভাগে গেটখন সংৰক্ষণ বাবে ইচ্ছা প্ৰকাশ কৰিছিল যদিও মূৰকত বিভাগে দায়িত্ব লোৱাৰ পৰা ফালৰি কাটে ।
গেটখনৰ সংৰক্ষণৰ বাবে বিভাগে বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ লগতে প্ৰচাৰ প্ৰসাৰৰ ব্যৱস্থা নকৰাৰ ফলত অৱহেলিত হৈ পৰি আছে । গেটখনৰ বিষয়ে বহু লোকে নজনাৰ ফলত দেশী-বিদেশী পৰ্যটকৰ সমাগম নাই সেই স্থানত ।
লগতে পঢ়ক : Special Interview : এশবছৰ পুৰণি ঘড়ী থকা এটা সংগ্ৰহালয়ৰ গৰাকীৰ সৈতে এখন্তেক