ETV Bharat / state

ভেংকায়া নাইডুৱে উদ্বোধন কৰিলে মহাবাহু ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰ

author img

By

Published : Oct 3, 2021, 2:05 PM IST

ব্ৰিটিছৰ দিনতে নিৰ্মিত গুৱাহাটীৰ ঐতিহাসিক পুৰণি উপায়ুক্তৰ বাংলোত সজীৱ হৈ থাকিব অসমৰ গৌৰৱোজ্বল বহু ইতিহাস । ব্ৰহ্মপুত্ৰৰ কিম্বদন্তি আৰু শৌৰ্যৰ নামত উৎসৰ্গিত ঐতিহ্য কেন্দ্ৰটো ৰাইজৰ বাবে মুকলি কৰে উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে ।

Historic old deputy commissioner's bungalow dedicated to the people
জনগণৰ বাবে উৎসৰ্গিত ঐতিহাসিক পুৰণি উপায়ুক্তৰ বাংলো

গুৱাহাটী, ৩ অক্টোবৰ : অসমৰ বহু ইতিহাসৰ সাক্ষী হৈ ৰোৱা ব্ৰিটিছৰ দিনতে নিৰ্মাণ কৰা গুৱাহাটীৰ পানবজাৰস্থিত পুৰণি উপায়ুক্তৰ বাংলোক মহাবাহু ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰৰূপে গঢ়ি তোলা হৈছে । দেওবাৰে এই কেন্দ্ৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় । উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে এই কেন্দ্ৰটো পৰ্যটকৰ বাবে মুকলি কৰে । উদ্বোধনী অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে ।

উল্লেখ্য যে, ঐতিহাসিক পুৰণি উপায়ুক্তৰ বাংলোক ঐতিহ্য কেন্দ্ৰৰূপে গঢ় দি ইয়াত অসমৰ ৰাজনীতি, সামাজিক উত্থান-পতনৰ পৰা আৰম্ভ কৰি সমাজ জীৱনৰ লগতে অসমৰ চহকী কলা-সংস্কৃতি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে । ব্ৰিটিছৰ দিনতে নিৰ্মাণ হোৱা ডেৰশ বছৰীয়া ইতিহাস গৰকা ডিচি বাংলোটো সংৰক্ষণৰ লক্ষ্য আৰু বিনোদন তথা পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গঢ়ি তুলিছে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকাৰীয়ে ।

প্ৰায় ১০ কোটি টকা ব্যয়সাপেক্ষে পুনৰ নিৰ্মাণ কৰি উলিওৱা মহাবাহু ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰটোত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠিৰ কৃষ্টি-সংস্কৃতি, হস্ততাঁত-বস্ত্ৰশিল্প, চিত্ৰশিল্প, ইতিহাসৰ স্মৃতি বিজড়িত ফটো আদি সংৰক্ষণ আৰু প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে । কেন্দ্ৰটোত নিৰ্মাণ কৰা মিউজিয়ামত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা দুই শতাধিক বাদ্যযন্ত্ৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে ।

কেন্দ্ৰটোত ভিণ্টেজ আসাম শীৰ্ষক এটা ফটো গেলেৰীৰ ব্যৱস্থা কৰা হৈছে । এই ফটো গেলেৰীত ১৮৭৪ চনৰ পৰা ১৯৭০ চনলৈকে ইতিহাস বিজড়িত দুষ্প্ৰাপ্য ফটোগ্ৰাফ দৰ্শনাৰ্থীয়ে উপভোগ কৰিব পৰাকৈ ৰখা হৈছে । বিভিন্ন ক'লা-বগা আলোকচিত্ৰসমূহৰ তথ্য অত্যাধুনিক স্কেনিংক'ডৰ যোগেদি দৰ্শনাৰ্থীয়ে লাভ কৰিব পাৰিব । তদুপৰি বাংলোৰ বাৰাণ্ডাত পেইণ্টিং গেলেৰীৰ ব্যৱস্থা কৰা হৈছে । এই গেলেৰীত প্ৰতিমাহে এগৰাকী চিত্ৰশিল্পীয়ে চিত্ৰ প্ৰদৰ্শনী কৰাৰ লগতে চিত্ৰসমূহ বিক্ৰী কৰিব পাৰিব ।

বিনোদনৰ কেন্দ্ৰ হিচাপে গঢ় দিয়া বাংলোটোত দৰ্শনাৰ্থীৰ বাবে প্ৰতীকী ৰূপত নৈপৰীয়া জীৱনৰ বাস্তৱ চিত্ৰ ৰখা হৈছে । ঐতিহ্য কেন্দ্ৰটোলৈ উঠি যোৱা পথত বৌদ্ধ ধৰ্মাৱলম্বীৰ মনেষ্ট্ৰিৰ আকৃতিত অসমৰ ১৬ টা জনজাতিৰ চিত্ৰ অংকন কৰা হৈছে । এই মনেষ্ট্ৰি আকৃতিত গঢ় দিয়া ১৬ টা শিল্প অত্যাধুনিক পদ্ধতিৰে ঘূৰোৱাৰ দায়িত্ব দিয়া হৈছে আইআইটি গুৱাহাটীক । মনেষ্ট্ৰিকেইটা ঘূৰিলে তাত প্ৰতিটো জনগোষ্ঠীৰ সংগীত বাজি উঠিব ।

পৰ্যটক তথা দৰ্শনাৰ্থীয়ে এই ঐতিহ্য কেন্দ্ৰটোৰ পৰাই মহাবাহু ব্ৰক্ষ্মপুত্ৰৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব । ঐতিহ্যক ঐতিহ্যৰূপে সংৰক্ষিত কৰাৰ প্ৰয়াসেৰে কেন্দ্ৰটো জনগণৰ বাবে উৎসৰ্গিত কৰা হৈছে ।

লগতে পঢ়ক : গুৱাহাটীৰ বিমান বন্দৰত উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুক উষ্ম আদৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.