ETV Bharat / state

Karnataka Election 2023: ষ্টাৰ কেম্পেইনাৰ হিচাপে প্ৰচাৰ চলাব হিমন্ত বিশ্ব শৰ্মাই; তালিকাত নাম নাই সৰ্বানন্দ সোণোৱালৰ - কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ স্মৃতি ইৰানী

কৰ্ণাটকত নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, যোগী আদিত্যনাথৰ লগতে ষ্টাৰ কেম্পেইনাৰ হিচাপে প্ৰচাৰ চলাব হিমন্ত বিশ্ব শৰ্মাই ৷ তালিকাত নাম নাই সৰ্বানন্দ সোণোৱালৰ (Karnataka election star campaigners list )৷

Karnataka Election 2023
ষ্টাৰ কেম্পেইনাৰ তালিকাত হিমন্ত বিশ্বৰ নাম
author img

By

Published : Apr 19, 2023, 9:16 PM IST

গুৱাহাটী, 19 এপ্ৰিল : বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ ওচৰত গুৰুত্ব বাঢ়িছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ বিপৰীতে গুৰুত্ব কমিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ অসমৰ ৰাজনৈতিক মহলত আজিৰ দিনটোত বিষয়টোৱে আজিৰ দিনটোত লাভ কৰিছে বিশেষ চৰ্চা ৷ কৰ্ণাটকৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে বিজেপিয়ে আজি প্ৰকাশ কৰা তাৰকা প্ৰচাৰক তালিকাই যেন স্পষ্ট কৰিছে এই কথা ৷ প্ৰচাৰৰ বাবে কৰ্ণাটকৰ তাৰকা প্ৰচাৰকৰ তালিকাৰ পৰা বাদ পৰিল ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল (karnataka election news) ৷

Star campaigners list in Karnataka Election
কৰ্ণাটক নিৰ্বাচনৰ ষ্টাৰ কেম্পেইনাৰ তালিকা

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানৰ পিচতে তালিকাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম সন্নিৱিষ্ট হৈছে ৷ ভাৰতীয় জনতা পাৰ্টিয়ে আগন্তুক কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ বাবে তাৰকা প্ৰচাৰকসকলৰ ৪০ জনীয়া তালিকা প্ৰকাশ কৰে বুধবাৰে ৷ ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰকাশ কৰা তাৰকা প্ৰচাৰকসকলৰ তালিকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, দলটোৰ সভাপতি জে পি নাড্ডাৰ পৰা আৰম্ভ কৰি ৰাজ্যখনৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বম্মাই, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নাম আছে । এই তালিকাত বিজেপি শাসিত ৰাজ্যৰ নিৰ্বাচিত মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীৰ নাম সন্নিৱিষ্ট কৰা হৈছে । সন্নিৱিষ্ট আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো নাম (HBS in karnataka star campaigners list) ৷

ইয়াৰোপৰি নাম আছে কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ স্মৃতি ইৰানীৰ ৷ কিন্তু নাম নাই অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ এই তালিকা প্ৰকাশৰ লগে লগে কৰ্ণাটকৰ নিৰ্বাচনৰ বিজেপিৰ তালিকাই কি ইংগিত বহন কৰিছে বুলি অসমৰ ৰাজনৈতিক মহলত প্ৰশ্ন উঠা দেখিবলৈ পোৱা গৈছে ? বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত আজিৰ প্ৰেক্ষাপটত সঁচাকৈ সোণোৱালৰ গুৰুত্ব কমিল নেকি বুলিও প্ৰশ্ন উঠিছে ? ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজনৈতিক বা নিৰ্বাচনী প্ৰচাৰৰ বাবে 'ফেচ ভ্যেলু’ সৰ্বানন্দ সোণোৱালতকৈ হিমন্ত বিশ্ব শৰ্মাৰ বেছি বুলি এই তালিকাই স্বাভাৱিকতে প্ৰতীয়মান কৰিছে (Star campaigners list of Karnataka election 2023) ৷

আনহাতে হিমন্ত বিশ্ব শৰ্মাই কৰ্ণাটকত ইতিমধ্যে কিছুদিনৰ পূৰ্বৰে পৰা নিৰ্বাচনী প্ৰচাৰ চলাই আহিছে । মন কৰিবলগীয়া যে, যোৱা ১৪ এপ্ৰিলৰ গৰু বিহুৰ দিনাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণত সোণোৱালৰ নিস্প্ৰভ অংশগ্ৰহণৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী মোডীৰ ৰেঞ্জ ৰ’ভাৰত উঠি ৰোড শ্ব’ত ভাগ লোৱা বিষয়টোৱেও দেশৰ ৰাজনীতিত লাভ কৰিছিল চৰ্চা ৷

চৰ্চা হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসমত 'ব্লু আইড বয়' সলনি হ’ল নেকি ? মোডীৰ গুড বুকত গুৰুত্ব নেকি বাঢ়িল হিমন্ত বিশ্ব শৰ্মাৰ (karnataka election update) ! উল্লেখ্য যে, কৰ্ণাটক বিধানসভাৰ ২২৪ খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সূচী অনুসৰি অহা ১০ মে’ত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ লগতে ১৩ মে’ত ভোটগণনা কৰা হ’ব ।

লগতে পঢ়ক : India surpasses China : জনসংখ্যাৰ ক্ষেত্ৰত মহাশক্তিধৰ চীনক চেৰায় শীৰ্ষত ভাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.