গুৱাহাটী,11অক্টোবৰঃ আজি আধাৰশিলা স্থাপন কৰা হ'ব মালিগাঁও উৰণীয়া সেঁতুৰ । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত হ'ব উৰণীয়া সেঁতুখনৰ নিৰ্মানৰ আধাৰশিলা স্থাপন । আধাৰশিলা স্থাপনৰ কাম কাজৰ বুজ ল'বলৈ শনিবাৰে নিশাই মালিগাঁৱত উপস্থিত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । লগতে আধাৰশিলা স্থাপনৰ কাৰ্যসূচী কি ধৰণে সমাপন হ'ব সেই লৈ বিষয়াসকৰে মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে।

উল্লেখযোগ্য যে সদাব্যস্ত অঞ্চলটোত যানজঁট ৰোধৰ বাবে এক ফলপ্ৰসূ পদক্ষেপ ল'বলৈ মালিগাঁওবাসীয়ে চৰকাৰক দীৰ্ঘদিন ধৰি দাবী জনাই আহিছিল। অৱশেষত সেই দাবী অচিৰেই পূৰণ হোৱাৰ পথত। ৰাজ্যৰ ভিতৰতে সবাটোকৈ দীঘল হ’ব লগা এই সেঁতুখনৰ আজি পুৱাবেলাত নিৰ্মাণকাৰ্যৰ শুভাৰম্ভণি কৰা হ'ব। মালিগাঁৱৰ পৰা কামাখ্যা গেটলৈ মুঠ ২.৯ কিঃমিঃ দৈঘ্যৰ হ'ব দলংখন। মুঠ ৪২০.৭৫ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হ'ব এই মালিগাঁও সেতু।
লগতে পঢ়কঃ আধাৰশিলা স্থাপনত ব্যস্ত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী