ETV Bharat / state

হিমন্তৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ গোচৰ ৰুজু কৰিবলৈ বিধানসভাৰ অধ্যক্ষক অনুৰোধ বিৰোধী দলপতিৰ

author img

By

Published : Aug 2, 2020, 4:56 PM IST

স্বাস্থ্য মন্ত্ৰীয়ে বিৰোধীক হেয় প্ৰতিপন্ন কৰিব বিছাৰিছে । কংগ্ৰেছ দলে ৰাইজক সজাগ কৰা, লকডাউনৰ সময়ত জনতাক সহায় কৰা, চৰকাৰৰ নীতি নিয়ম মানি চলিবলৈ ৰাইজক আহ্বান জনোৱা, মাস্ক বিতৰণ কৰাকে ধৰি সকলো কামেই যোৱা সময়চোৱাত কৰি আহিছে ।

himanta biswa sharma oposition party alligation  reply debabrta saikiya
হিমন্তৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ গোচৰ ৰুজু কৰিবলৈ বিধানসভাৰ অধ্যক্ষক অনুৰোধ বিৰোধী দলপতিৰ

গুৱাহাটী,২আগষ্টঃ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ গোচৰ ৰুজু কৰিবলৈ বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীক আবেদন জনাইছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । শনিবাৰে এখন সংবাদমেলত মন্ত্ৰী ড৹ শৰ্মাই মন্তব্য কৰিছিল যে, বিধানসভাৰ আগন্তুক অধিবেশনত তেঁও মুখৰ খজুৱতি মাৰিব । এনে টুলুঙা মন্তব্যই বিধানসভাৰ মান মৰ্যাদা হানি কৰিছে বুলি শইকীয়াই কয় ।

আনহাতে কৰ’ণাৰ বিভীষিকাৰ সময়ত বিৰোধীয়ে মুখেৰে মাত এটাও মতা নাই বুলি কালি ডঃ শৰ্মাই কৰা অভিযোগ খণ্ডন কৰি বিৰোধী দলপতিগৰাকীয়ে কয় যে এনে মন্তব্যৰে স্বাস্থ্য মন্ত্ৰীয়ে বিৰোধীক হেয় প্ৰতিপন্ন কৰিব বিছাৰিছে । কংগ্ৰেছ দলে ৰাইজক সজাগ কৰা, লকডাউনৰ সময়ত জনতাক সহায় কৰা, চৰকাৰৰ নীতি নিয়ম মানি চলিবলৈ ৰাইজক আহ্বান জনোৱা, মাস্ক বিতৰণ কৰাকে ধৰি সকলো কামেই যোৱা সময়চোৱাত কৰি আহিছে ।

কৰ’ণাৰ নামত দুৰ্নীতি হোৱাৰ অভিযোগ উঠাৰ লগে লগে স্বাস্থ্য মন্ত্ৰীগৰাকী উত্তেজিত হৈ বিৰোধীক আক্ৰমণৰ লক্ষ্য কৰি লোৱাটো উচিত হোৱা নাই বুলি তেওঁ মন্তব্য কৰে । কেন্দ্ৰীয় চৰকাৰে পি পি ই কীট কিনিবলৈ ৰাজ্য চৰকাৰক বাৰণ কৰাৰ পিছতো অসম চৰকাৰে কিয় কিনিব লগীয়া হ'ল বুলিও তেওঁ প্ৰশ্ন তোলে ।বিৰোধীয়ে ক'ৰনা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সদায়েই চৰকাৰক সহযোগ কৰি আহিছে বুলিও স্পষ্ট কৰি দিয়ে বিৰোধী দলপতিগৰাকীয়ে ।

লগতে পঢ়কঃ পশুখাদ্যৰ অভাৱঃ নিজৰ শালিখেতি পশুক খোৱাবলৈ বাধ্য হ'ল বান্যাৰ্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.