গুৱাহাটী, ৪ অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱৰ পাৰভঙা আনন্দত বুৰ গৈছে সমগ্ৰ ৰাজ্য (Durga Puja 2022) । চৌদিশে কেৱল মাথোঁ দশভূজা দেৱী দুৰ্গাৰ জয়গান । দুবছৰীয়া ক'ভিড পৰিস্থিতিৰ পাছত এইবাৰ ৰাইজে পূৰ্বৰ দৰে বাধাহীনভাৱে উদযাপন কৰিব পাৰিছে দুৰ্গোৎসৱ । ৰাজ্যবাসীৰ লগতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাইও এখনৰ পাছত আনখনকৈ পূজাস্থলীলৈ গৈ দেৱীৰ শৰণাগত হোৱাৰ লগতে পূজাৰ আনন্দত সকলোৰে সৈতে মিলিত হৈছে (CM Himanta Biswa Sarma visited Durga Mandap) ।
আজি নৱমীৰ দিনা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নিজা সমষ্টি জালুকবাৰীৰ অন্তৰ্গত কেইবাখনো পূজাস্থলীত উপস্থিত হৈ পূজা-অৰ্চনা কৰে (Himanta Biswa Sarma at Jalukbari Durga Puja) । মুখ্যমন্ত্রীয়ে পৱিত্ৰ নৱমী উপলক্ষে উত্তৰ গুৱাহাটীৰ মধ্যম খণ্ড দুৰ্গা পূজাত উপস্থিত হৈ মা দুৰ্গাক সেৱা জনায় । দেৱী মাৰ শ্ৰীচৰণত সেৱা জনাই অসমবাসীৰ কল্যাণ কামনা কৰে মুখ্যমন্ত্রীয়ে ।
ইয়াৰ পাছত উত্তৰ গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ কলা পৰিষদৰ দুৰ্গা পূজাত মা দুৰ্গাৰ আশীৰ্বাদ গ্ৰহণ কৰে মুখ্যমন্ত্রীয়ে । মুখ্যমন্ত্রীয়ে উত্তৰ গুৱাহাটীৰ অভয়পুৰত উত্তৰাঞ্চল বাৰোৱাৰী দুৰ্গাপূজা সমিতিৰ উদ্যোগত আয়োজিত পূজাভাগত উপস্থিত হৈ মা দুৰ্গাৰ আশিস গ্ৰহণ কৰে ।
ইয়াৰ উপৰি মুখ্যমন্ত্রীয়ে ৰুদ্ৰেশ্বৰৰ ৭৯ সংখ্যক ৰংমহল সমাজ কল্যাণ দুৰ্গা পূজা, উত্তৰ গুৱাহাটীৰ মান্দাকাটাৰ দুৰ্গা পূজা, কামৰূপৰ দুমুনীচকী সাৰ্বজনীন দুৰ্গা পূজা, বেজেৰাৰ শালমাৰা সাৰ্বজনীন দুৰ্গা পূজা, বেজেৰা আঞ্চলিক সাৰ্বজনীন দুৰ্গা পূজাকে ধৰি কেইবাখনো পূজাস্থলী উপস্থিত হৈ মা দুৰ্গাৰ ওচৰত সেৱা জনায় । মুখ্যমন্ত্রীয়ে পূজা উপভোগ কৰাৰ লগতে স্থানীয় ৰাইজৰে মত বিনিময়ো কৰে ।
উল্লেখ্য, পূজাৰ বিগত দিনকেইটাত মুখ্যমন্ত্রীয়ে বৰাকৰ উপৰি নগাঁও আৰু গুৱাহাটীৰ পাণ্ডুৰ কেইবাখনো পূজাস্থলীত উপস্থিত হৈ পূজা উপভোগ কৰে ।
লগতে পঢ়ক :মঙলদৈত নৱমী উপলক্ষে কুমাৰী পূজা