ETV Bharat / state

গগৈ-সোণোৱালৰ দৰে আছুতীয়া অতিথিশালাত নাথাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা - হোটেল ব্ৰহ্মপুত্ৰ

নতুন মুখ্যমন্ত্ৰীক বিচাৰি পাহাৰ বগাব নালাগে জনতাই ৷ দিছপুৰৰ মিনিষ্টাৰ কলনীতে পাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক৷ দিছপুৰৰ মিনিষ্টাৰ কলনীৰ আবাসতে বসবাস কৰাৰ সিদ্ধান্ত লৈছে হিমন্ত বিশ্ব শৰ্মাই ৷

গগৈ-সোণোৱালৰ দৰে আছুতীয়া অতিথিশালাত নাথাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : May 13, 2021, 5:39 PM IST

নিউজ ডেস্ক, 13 মে’: নিজৰ বহুদিনীয়া সপোনক বাস্তৱ ৰূপ দি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসনত বহিল ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ নতুন মুখ্যমন্ত্ৰী ক’ত থাকিব ? মুখ্যমন্ত্ৰীক লগ পাবলৈ ক’লৈ যাব লাগিব ? এতিয়া স্বাভাৱিকতেই এই প্ৰশ্নৰ অৱতাৰণা হৈছে ৷ কিয়নো পূৰ্বৰ দুগৰাকী মুখ্যমন্ত্ৰী ক্ৰমে প্ৰয়াত তৰুণ গগৈ আৰু সৰ্বানন্দ সোণোৱালক লগ পাবলৈ হ’লে পাহাৰ বগাব লাগিছিল জনতাই ৷

নিজৰ কাৰ্যকালত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বসবাস কৰিছিল কইনাধৰা পাহাৰ থকা ৰাজ্যিক অতিথিশালাত ৷ প্ৰায় 18 বছৰ কাল এই অতিথিশালাতেই কটাইছিল প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ 2016 চনত যদিও তেখেতে মুখ্যমন্ত্ৰী আসন হেৰুৱাইছিল তথাপিও বিধায়ক কলনীত তেখেতৰ বাবে আবাস সম্পূৰ্ণ হৈ নুঠাৰ বাবে 2018 চনলৈকে কইনা ধৰাতে আছিল প্ৰয়াত গগৈ ৷

2016 চনৰ বিপুল জয়লাভৰ পাচত মুখ্যমন্ত্ৰীৰ আসনত বহা সৰ্বানন্দ সোণোৱালে ৰাজভৱনৰ সমীপৰ ৰাজ্যিক অতিথিশালাত থকাৰ সিদ্ধান্ত লৈছিল ৷ দুটা অতিথিশালা যিহেতু অধিকাৰ কৰি ৰখা হৈছিল, সেয়ে অসম ৰাজ্যিক পৰ্যটন নিগম লিমিটেডে হোটেল ব্ৰহ্মপুত্ৰক ৰাজ্যিক অতিথিশালা লৈ পৰিৱৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

বিজেপিয়ে 2016 বিজেপিয়ে কইনাধৰা পাহাৰত থকা তৰুণ গগৈৰ প্ৰতি ৰাজ্যৰ জনতাৰ দুখ-কষ্টক ভ্ৰূক্ষেপ নকৰা বুলি ককৰ্থনা কঠোৰ বাক্যবাণ প্ৰয়োগ কৰিছিল ৷ সোণোৱালে উজান বজাৰৰ টিলাত অৱস্থিত ৰাজ্যিক অতিথিশালাত বসবাস কৰে বিগত পাঁচ বছৰ ৷

এগৰাকী জ্যেষ্ঠ চৰকাৰী বিষয়াই জানিবলৈ দিয়া মতে, হিমন্ত বিশ্ব শৰ্মাই দিছপুৰৰ মিনিষ্টাৰ কলনীৰ আবাসতে বসবাস কৰিব ৷ বিগত বৰ্ষৰ ক’ভিড মহামাৰীৰ সময়তে মিনিষ্টাৰ কলনীত নিগাজিকৈ থাকিবলৈ লৈছিল ড৹ শৰ্মাই ৷

ইয়াৰ পূৰ্বে 1996 চনৰ পৰা 2001 চনলৈ মুখ্যমন্ত্ৰী হৈ থকা সময়চোৱাত প্ৰফুল্ল কুমাৰ মহন্তই মিনিষ্টাৰ কলনীত বাস কৰিছিল ৷

লগতে পঢ়ক : কাৰ্বিভূমিৰ দুগৰাকী বিধায়কক মন্ত্ৰীত্ব প্ৰদানৰ দাবী তুলিৰাম ৰংহাঙৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.