ETV Bharat / state

ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণত আপোচ নকৰে চৰকাৰে

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আপোচ কৰা নহয় বুলি স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । অসমত ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০(National Education Policy 2020)ৰূপায়ণ সম্পৰ্কে অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এখন সন্মিলনত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয় ।

author img

By

Published : Sep 8, 2022, 9:02 PM IST

National Education Policy 2020
ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণত আপোচ নকৰে চৰকাৰে

গুৱাহাটী, ৮ছেপ্তেম্বৰ:বাৰানসী কনক্লেভৰ (Varanasi Conclave)খতিয়ানৰ অংশ হিচাপে অসমত ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০(National Education Policy 2020)ৰূপায়ণ সম্পৰ্কে গুৱাহাটীৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত(Conference at Assam Administrative College)বৃহস্পতিবাৰে এখন সন্মিলনত অনুষ্ঠিত হয় । উক্ত সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই(CM Himanta Biswa Sarma present in Conference)।

এই সন্মিলনখনত ভাষণ আগবঢ়াই মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই কয় যে শিক্ষাৰ গুণগত আৰু গাঁথনিগত বিকাশৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰূপায়ণ কৰিবলৈ অসম চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ(Assam CM speaks on govts strategy)। মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে এই ক্ষেত্ৰত শিক্ষা বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । তেওঁ কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আপোচ কৰা নহয় । ইতিমধ্যে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰূপায়ণ কৰাৰ সম্পৰ্কত চৰকাৰে কিছু পৰিকল্পনা প্ৰস্তুত কৰিছে বুলি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

আনহাতে,মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে অসমত স্বাস্থ্য আৰু শিক্ষাৰ বাবে মুঠ ঘৰুৱা উৎপাদনৰ(Gross domestic product in Assam )৬ শতাংশ ধন নিৰ্ধাৰণ কৰা হৈছে । তেওঁ কয়,'অসমত স্বাস্থ্য আৰু শিক্ষাৰ বাবে ৬ শতাংশ মুঠ ঘৰুৱা উৎপাদন নিৰ্ধাৰণেৰে স্বাস্থ্য আৰু শৈক্ষিক দিশত উন্নয়নৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথাকে সূচায়।'

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিখন বিশ্ববিদ্যালয়ে নীতিৰ উপাদানসমূহ গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সেইসমূহ কাৰ্যকৰী কৰাত গুৰুত্ব প্ৰদান কৰিব লাগে । প্ৰতিখন বিশ্ববিদ্যালয়ে শিক্ষা নীতিৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ বিভিন্ন বিষয় সমাধানৰ বাবে এখন মূল সমিতি গঠন কৰাটো প্ৰয়োজন বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে দোহাৰে ।

এই সন্মিলন আয়োজন কৰা বাবে ৰাজ্যপাল সচিবালয়ক তেওঁ ধন্যবাদ জনায় । উক্ত অনুষ্ঠানত ৰাজ্যপাল অধ্যাপক জগদীশ মুখী(Governor Jagadish Mukhi present in Conference),মন্ত্ৰী ডাঃৰণোজ পেগু(Education Minister Dr Ronoj Pegu),অসম চৰকাৰৰ উচ্চ শিক্ষাৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকল উপস্থিত থাকে ।

লগতে পঢ়ক:তেজপুৰত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্মজয়ন্তী পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.