ETV Bharat / state

জুবিন গাৰ্গ আৰু মুক্তি যুঁজাৰু হেম ভড়ালীৰ স্বাস্থ্যৰ বুজ ললে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

author img

By

Published : Feb 29, 2020, 9:19 PM IST

শনিবাৰে নেমকেয়াৰ চিকিৎসালয়ত উপস্থিত হৈ জুবিন গাৰ্গৰ লগতে মুক্তি যুঁজাৰু হেম ভড়ালীৰ স্বাস্থ্যৰ বুজ ললে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ মুক্তি যুঁজাৰু হেম ভড়ালীৰ চিকিৎসাৰ সম্পূৰ্ণ দায়িত্ব অসম চৰকাৰে গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷ আনহাতে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গেও বৰ্তমান জুবিন গাৰ্গ সুস্থ বুলি অৱগত কৰে সাংবাদিকৰ আগত ৷

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, 29 ফেব্ৰুৱাৰীঃ আজি নেমকেয়াৰ চিকিৎসালয়ত উপস্থিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ চিকিৎসালয়ত উপস্থিত হৈ কন্ঠিশিল্পী জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ লয় মন্ত্ৰী গৰাকীয়ে ৷ ইতিমধ্যে শিল্পীগৰাকীৰ স্বাস্থ্য দ্ৰুতগতিত উন্নতি হোৱাৰ বাবে বিশেষ চিন্তাৰ কাৰণ নাই বুলি প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ৷ লগতে নেমকেয়াৰ চিকিৎসালয় কৰ্তৃপক্ষই জুবিন গাৰ্গৰ চিকিৎসাৰ সমস্ত দায়িত্ব গ্ৰহণ কৰাৰ বাবে চৰকাৰী কোনো অনুদান প্ৰদান কৰা নাই বুলিও উল্লেখ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ ললে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

জুবিন গাৰ্গৰ খবৰ ল'বলৈ গৈ নেমকেয়াৰ চিকিৎসলয়ত ভৰ্তি হৈ থকা মুক্তি যুঁজাৰু হেম ভড়ালীৰো স্বাস্থ্য বুজ লয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ শ্বাস-প্ৰশ্বাসজনিত কাৰণত দীৰ্ঘদিন ধৰি চিকিৎসালয়ত ভৰ্তি হৈ আছে মুক্তি যুজাৰু গৰাকী ৷ 101 বছৰ বয়স গৰকা মুক্তি যুঁজাৰু গৰাকীৰ চিকিৎসাৰ খৰচ চিকিৎসালয় কৰ্তৃপক্ষই বহন কৰি আহিছিল যদিও,শনিবাৰে চিকিৎসালয়খনত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে তেওঁৰ সম্পূৰ্ণ খৰচ ৰাজ্য চৰকাৰে বহন কৰিব বুলি ঘোষণা কৰে ৷

মুক্তি যুঁজাৰু হেম ভড়ালীৰ সম্পূৰ্ণ খৰচ ৰাজ্য চৰকাৰে বহন কৰিব বুলি ঘোষণা মন্ত্ৰীগৰাকীৰ

আনহাতে জুবিন গাৰ্গ বৰ্তমান সুস্থ বুলি অৱগত কৰে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে ৷ শিল্পী গৰাকীয়ে মানুহৰ মাজত থাকি ভাল পায় গতিকে সকলোকে লগ কৰিব বিচাৰিছে যদিও স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি সকলো লোকক লগ কৰিবলৈ দিয়া হোৱা নাই বুলি জনায় গৰিমা গাৰ্গে ৷

জুবিন গাৰ্গ বৰ্তমান সুস্থ বুলি অৱগত কৰে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে

লগতে পঢ়কঃ

লতা মংগেশকাৰৰ পৰা আৰ্শীবাদ গ্ৰহণ কৰি উৎফুল্লিত আয়ুষ্মান খুৰাণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.