গুৱাহাটী, ১৬ জুন: গুৱাহাটীৰ হোটেল ৰেডিচন ব্লুত আজি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আৰু উদ্যোগসমূহৰ প্ৰতিনিধি, আগশাৰীৰ উদ্যোগপতি আৰু বিনিয়োগকাৰীসকলৰ সৈতে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা এক বৈঠকত মিলিত হয় । ৰাজ্যত বিনিয়োগ সম্পৰ্কীয় বিভিন্ন সমস্যা সন্দৰ্ভত বৈঠকত আলোকপাত কৰা হয় (Himanta bishwa sarma interaction with leading industrialists) ।
![চূণশিল আৰু লৌহ আকৰিক ব্লক নিলাম: ৪৬,০০০ কোটি ৰাজহ আহৰণৰ লক্ষ্য](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-09-cm-himanta-bishwa-sarma-interaction-with-leading-industrialists-7209925_16062022205015_1606f_1655392815_32.jpg)
ৰাজ্যখনত বিনিয়োগৰ পৰিস্থিতি সম্পৰ্কে মুক্তভাৱে আৰু স্পষ্টভাৱে প্ৰকাশ কৰাৰ বাবে বৈঠকত উপস্থিত সকলোৰে প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে মুখ্যমন্ত্রী ড৹ শৰ্মাই । মুখ্যমন্ত্রীয়ে অসমক দেশৰ অন্যতম উন্নত ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ লক্ষ্যৰে অসম চৰকাৰ বাণিজ্যৰ বাবে অনুকূল পৰিৱেশ গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰে । শেহতীয়াকৈ প্ৰস্তুত কৰা বহুতো নীতি সেই প্ৰতিশ্ৰুতিৰে প্ৰকাশ বুলি তেওঁ সদৰি কৰে ।
![চূণশিল আৰু লৌহ আকৰিক ব্লক নিলাম: ৪৬,০০০ কোটি ৰাজহ আহৰণৰ লক্ষ্য](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-09-cm-himanta-bishwa-sarma-interaction-with-leading-industrialists-7209925_16062022205015_1606f_1655392815_143.jpg)
আনহাতে একেটা অনুষ্ঠানতে ৰাজ্যৰ চূণশিল আৰু লৌহ আকৰিক ব্লক নিলাম প্ৰক্ৰিয়াত ৰাজহুৱা খণ্ডৰ মূলধনী বজাৰৰ বিশেষজ্ঞ ব্যৱহাৰৰ লক্ষ্যৰে ভূতত্ত্ব আৰু খনি সঞ্চালকালয় আৰু এছ বি আই কেপিটেল মাৰ্কেটছ লিমিটেডৰ মাজত এখন বুজাবুজি চুক্তি স্বাক্ষৰ হয় (SBI Capital markets Limited) । উল্লেখ্য যে ৫০ বছৰত চূণশিল আৰু লৌহ আকৰিক ব্লক নিলাম প্ৰক্ৰিয়াৰ পৰা ক্ৰমে মুঠ ৪৩,৮৫০ কোটি টকা আৰু ১,৮৫০ কোটি টকা ৰাজহ আহৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।
![চূণশিল আৰু লৌহ আকৰিক ব্লক নিলাম: ৪৬,০০০ কোটি ৰাজহ আহৰণৰ লক্ষ্য](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-09-cm-himanta-bishwa-sarma-interaction-with-leading-industrialists-7209925_16062022205015_1606f_1655392815_1054.jpg)
নিয়োগ সৃষ্টিৰ উপৰি এই বুজাবুজি চুক্তিয়ে ৰাজ্যৰ চূণশিল, লো, তীখা আৰু চিমেণ্ট উদ্যোগৰ সম্প্ৰসাৰণ ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে ।
আজিৰ বৈঠকত মন্ত্রী নন্দিতা গাৰ্লোছা, মন্ত্রী বিমল বড়া আৰু অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড° ননীগোপাল মহন্তৰ লগতে চৰকাৰৰ কেইবাগৰাকী জ্যেষ্ঠ বিষয়া উপস্থিত আছিল ।
লগতে পঢ়ক: প্ৰতীক হাজেলাৰ বিৰুদ্ধে আকৌ এজাহাৰ: কোন এই প্ৰলয় শীল ? কোন সাংবাদিকে সংগ দিছিল হাজেলাক ?