অতি আড়ম্বৰপূৰ্ণভাৱে ভাৰতবৰ্ষত পথ সুৰক্ষা সপ্তাহ প্ৰতি বছৰে পালন কৰি অহা হৈছে । ইয়াৰ বিপৰীতে উদ্বেগজনক বিষয়টো হ’ল পুনৰবাৰ ভাৰতে বিশ্বৰ ভিতৰতে পথ দুৰ্ঘটনাৰ সংখ্যাৰ ক্ষেত্ৰত শীৰ্ষ স্থান দখল কৰিছে । বিগত বৰ্ষত পৃথিৱীজুৰি ১৩,৫০,০০০ লোকে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে । ইয়াৰে ১১ শতাংশ অৰ্থাৎ ১,৫০,০০০ লোকৰ মৃত্যু ভাৰতবৰ্ষত হয় ।
মৃত্যুৰ হাৰ ২.৪ শতাংশ বৃদ্ধিঃ
২০১৭ চনৰ দুৰ্ঘটনাৰ হাৰৰ লগত তুলনা কৰিলে দেখা যায় যে বৰ্তমান দুৰ্ঘটনাৰ হাৰ ৫ শতাংশ বৃদ্ধি পাইছে । ইয়াৰে ২.৫ শতাংশৰ মৃত্যু হয় । পথ দুৰ্ঘটনাৰ ক্ষেত্ৰত তলত উল্লেখ কৰা ৰাজ্যকেইখনে শীৰ্ষ তিনিটা স্থান দখল কৰিছে-
তামিলনাডু-১৩.৭ %
মধ্য প্ৰদেশ-১১ %
উত্তৰ প্ৰদেশ- ৯.১ %
ইপিনে নিম্নলিখিত ৰাজ্যকেইখনে পথ দুৰ্ঘটনাত মৃত্যুৰ ক্ষেত্ৰত শীৰ্ষ স্থানত আছে-
উত্তৰ প্ৰদেশ-২২,২৫৬
মহাৰাষ্ট্ৰ-১৩,২৬১
তামিলনাডু-১২,২১৬
অন্ধ্ৰ প্ৰদেশ-৭,৫৫৬ আৰু
তেলেংগানা-৬,৬০৩
দুয়োখন তেলেগু ৰাজ্য মিলি ১৪,১৫৯ টা পথ দুৰ্ঘটনাজনিত মৃত্যুই বিপদবাণী বহন কৰিছে । ওপৰত উল্লেখিত তালিকাত এই সংখ্যা দ্বিতীয় স্থানত আছে ।
বৰ্তমানলৈকে ৯৭,৫৫৮ জনৰ প্ৰাণহানিঃ
বিভিন্ন ধৰণৰ সতৰ্কবাণী যেনে “দ্ৰুতগতিয়ে দিয়ে শিহৰণ, কিন্তু ই মৃত্যুৰ কাৰণ” আদি চৰকাৰে দেশজুৰি প্ৰচাৰ কৰিলেও তেনে সতৰ্কবাণীক গুৰুত্ব নিদিয়াকৈ চালকসকেল তীব্ৰ গতিত যান-বাহন চলায় । যাৰ ফলত ৬৪.৪ শতাংশ দুৰ্ঘটনা সংঘটিত হয় । প্ৰতি বছৰে এনেদৰে ৯৭,৫৫৮ জন লোকৰ মৃত্যু হয় । এই তথ্য পথ, পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে । দ্ৰুতগতিৰে যান-বাহন চলোৱাৰ লগতে ভুল দিশত গাড়ী চলোৱাৰ বাবে ৮৭৬৪ জন লোকৰ প্ৰাণহানি ঘটিছে । ছেভ লাইভ ফাউণ্ডেশ্বনৰ এক সমীক্ষা অনুসৰি মটৰ পৰিবহণ সংশোধনী আইন প্ৰযোজ্য কৰা অঞ্চলসমূহতে অধিক পথ দুৰ্ঘটনা সংঘটিত হৈছে । এই তথ্যই পথ দুৰ্ঘটনা আৰু মৃত্যুৰ সংখ্যা হ্ৰাস কৰাত আমাৰ বিফলতাকে প্ৰতীয়মান কৰে । এনেদৰে বহু পৰিয়াল ক্ষতিগ্ৰস্ত হ’বলগীয়া হৈছে ।
২০২০ৰ ভিতৰত ৰক্ষা কৰা হ’ব ৫০ লাখৰ জীৱনঃ
২০১১-২০২০ক পথ সুৰক্ষা দশক হিচাপে ঘোষণা কৰি ৰাষ্ট্ৰসংঘই দেশসমূহক ২০২০ৰ ভিতৰত ন্যূনতম ৫০ লাখ লোকৰ জীৱন ৰক্ষা কৰিবলৈ আহ্বান জনাইছিল । ভাৰতেও আগবাঢ়ি আহি এই পদক্ষেপ গ্ৰহণ কৰিছিল । কিন্তু ফলাফলৰ বাবে দেশখনে বহু যুঁজিবলগীয়া হৈছে । দুৰ্ভাগ্যজনকভাৱে ভাৰতত প্ৰতি ঘণ্টাত ৫৩ টা পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে ১৭ জন লোকৰ মৃত্যু হোৱাটোৱেই বিফলতাৰ জ্বলন্ত উদাহৰণ হিচাপে পৰিগণিত হৈছে ।
দুৰ্ঘটনাৰ ক্ষেত্ৰত ভাৰতে চেৰ পেলাইছে চীনকঃ
২০০৫ চনত ভাৰতত ৯৫০০০ টা পথ দুৰ্ঘটনা হৈছিল । একেটা বছৰত চীনত দুৰ্ঘটনাৰ সংখ্যা আছিল ৯৯০০০ টা। কিন্তু বছৰ বাগৰাৰ লগে লগে ভাৰতত দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে চীনে গতি নিয়ন্ত্ৰণৰ লগতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি বছৰি সংঘটিত দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰিবলৈ সক্ষম হৈছে ।
চীনে সৃষ্টি কৰিছে অভিলেখঃ
২০১১ ৰ ভিতৰত চীনে ১২ কোটি ইলেক্ট্ৰনিক যান-বাহন ব্যৱহাৰ কৰিছিল । এই বাহনসমূহৰ গতি নিয়ন্ত্ৰিত থাকে যাৰ ফলত বাইকাৰ্ছসকলে যথে-মধে দ্ৰুত গতিত বাইক চলাব নোৱাৰে । যাৰ ফলত মৃত্যুৰ হাৰ নিজে নিজে তললৈ নামিছে । বিগত বৰ্ষত দুৰ্ঘটনাৰ ফলত চীনত মৃত্যু হোৱাৰ সংখ্যা নাটকীয়ভাৱে ৬৩,০০০ লৈকৈ হ্ৰাস পাইছে । যান-বাহনৰ অতিমাত্ৰা চলাচল থকা আমেৰিকা যুক্তৰাষ্ট্ৰতো দুৰ্ঘটনাৰ ফলত হোৱা মৃত্যুৰ সংখ্যা ৫ শতাংশলৈকে হ্ৰাস হৈছে । ২০১৭ চনত দেশখনত পথ দুৰ্ঘটনাত হোৱা মৃত্যুৰ সংখ্যা আছিল ৩৬,৫৬০ । যান-বাহন অনিয়ন্ত্ৰিতভাৱে চলোৱাৰ ফলত পথাচাৰী আৰু নিৰপৰাধী লোকৰ মৃত্যু হোৱা ঘটনাই আমেৰিকাৰ প্ৰশাসনৰ ওপৰত প্ৰভাৱ পেলায় আৰু ইয়াৰ ফলত দেশখনত মৃত্যুৰ হাৰ হ্ৰাস পাইছে । প্ৰতি দিনে ৬২ গৰাকী পথাচাৰীৰ ভাৰতত দুৰ্ঘটনাত মৃত্যু হোৱাৰ পাছতো আমাৰ দেশত কোনো পৰিৱৰ্তন দেখা পোৱা নাই । এনেধৰণৰ মৃত্যুৰ হাৰ ভাৰতত ৮৪ শতাংশ বাঢ়িছে ।
দেশৰ ২ শতাংশ দৈৰ্ঘ্যৰ পথতে ৩৫.৭ শতাংশৰ মৃত্যুঃ
ভাৰতৰ ভূখণ্ডত মাত্ৰ ২ শতাংশ দৈৰ্ঘ্যতহে ঘাইপথসমূহ আছে যদিও এই ঘাইপথতে ৩৫.৭ শতাংশ দুৰ্ঘটনাজনিত মৃত্যু ঘটে । ইয়াৰ লগতে ২.৯৭ শতাংশ দৈৰ্ঘ্য ৰাজ্যিক ঘাইপথসমূহত সংঘটিত হৈছে ২৬.৮ শতাংশ পথ দুৰ্ঘটনা আৰু মৃত্যু । ইয়াৰে ৪৫ শতাংশ মৃত্যুৰ কাৰণ চালকসকলে চৰকাৰৰ নিৰ্দেশাৱলী পালন নকৰাটো । কেৱল অন্ধ্ৰ প্ৰদেশতে তেনেধৰণে ১২০০ জনৰ মৃত্যু ঘটিছে । অন্ধ্ৰ প্ৰদেশৰ এই হাৰ ৩১. ৮ শতাংশ হোৱাৰ বিপৰীতে তেলেংগানাৰ ২৯.৩ শতাংশ । দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত কেৰালাই মাত্ৰ ১০.৭ শতাংশৰে সৰ্বনিম্নত থাকি সকলোকে আশ্চৰ্যচকিত কৰি তুলিছে । কিন্তু অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাত এই হাৰ ক্ৰমে ৩১.৩ আৰু ২৯.৩ । এনে অধিকাংশ মৃত্যুৰ কাৰণ মদ্যপান, ম’বাইল ফোনত কথা পাতি বা আন কাৰণত মনোযোগ নিদিয়াকৈ গাড়ী চলোৱাৰ ফলত হয় । এনেধৰণৰ গাড়ী চালনাৰ ফলতে প্ৰায় ১,১৪,০০০ দুৰ্ঘটনাজনিত মৃত্যু ঘটে ।
১৮-৪৫ বছৰীয়া চালকে খেলিছে মৃত্যুৰ খেলঃ
এনেধৰণৰ দায়িত্বহীন গাড়ী চালনাৰ ফলত দেশত সংঘটিত অধিকাংশ দুৰ্ঘটনাই ১৮ ৰ পৰা ৪৫ বছৰ বয়সীয়া চালকৰ দ্বাৰা হয় । তেওঁলোক আকৌ লাখ লাখ পৰিয়ালৰ ভৰণ পোষণৰ মূল উপায় । এই দুৰ্ঘটনাৰ ফলত পৰিয়ালসমূহে আজীৱন দৰিদ্ৰতা আৰু ঋণগ্ৰস্ত হৈ ককবকাই থাকিবলগীয়া হয় । ইয়াৰ ফলত অপূৰণীয়ভাৱে দেশৰ জিডিপিৰ ৩ শতাংশ ক্ষতি হয় ।
যদিহে প্ৰশাসনৰ নিয়ম-কানুনসমূহ কঠোৰ নহয় আৰু নিয়ম ভংগকাৰীসকলক উচ্চ হাৰত জৰিমনা আৰু শাস্তি বিহা নহয়, দেশৰ জনসংখ্যা বিকাশৰ নিৰাপদ ঘাইপথত থকা বুলি কোনোপধ্যে ক’ব নোৱাৰি ।