গুৱাহাটী, ১৮ ডিচেম্বৰ : তাঁতশালত সপোন ৰচা অসমৰ শিপিনীৰ শিল্পকলা তথা উৎপাদিত সামগ্ৰী এতিয়া সীমাৰ পৰিধি ভাঙি দেশ-বিদেশত সমাদৃত হৈছে । অসমৰ হস্ততাঁত বয়নশিল্প অসমৰ সংস্কৃতি আৰু ঐতিহ্যৰ সৈতে জড়িত হৈ আছে । শেহতীয়াকৈ অসমৰ স্বাভিমান গামোচাই লাভ কৰিছে জি আই টেগ তথা ভৌগলিক সাংকেতিক পৰিচয় (Gamocha gets GI tag)।
লক্ষণীয় বিষয় যে, ৰাজ্যখনৰ অৰ্থনীতিত অসমৰ শিপিনীসকলে উল্লেখযোগ্য বৰঙণি আগবঢ়াই আহিছে । ৰাজ্যখনৰ এক বৃহৎ সংখ্যক মহিলা প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে এই বয়ন শিল্পৰ লগত জড়িত হৈ আছে । দেশৰ ভিতৰতে অসমত আছে সৰ্বাধিক হস্ততাঁত শিপিনী (Highest number of weavers in Assam)।
ৰাষ্ট্ৰীয় হস্ততাঁতৰ ২০১৯-২০ বৰ্ষৰ লোকপিয়ল অনুসৰি অসমত ১২.৮৩ লাখতকৈ অধিক শিপিনী আৰু ১২.৪৬ লাখৰো অধিক হস্ততাঁত আছে । পঞ্জীয়ন নোহোৱা হিচাপত এই সংখ্যা বহু বেছি হ'ব । সংগঠিত আৰু অসংগঠিত ৰূপত থকা ৰাজ্যৰ এই শিপিনীসকলৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে । কিন্তু বাস্তৱ ক্ষেত্ৰত শিপিনীসকলে চৰকাৰী সুবিধাসমূহ লাভ কৰিবলৈ সক্ষম হৈছে নে নাই সেয়া গুৰুত্বপূৰ্ণ বিষয় ।
এই বিষয়ে জনাৰ বাবে ইটিভি ভাৰতৰ তৰফৰ পৰা সাক্ষাৎ কৰা হৈছিল বহু সংখ্যক শিপিনীক একত্ৰিত কৰি হস্ততাঁত বস্ত্ৰশিল্পৰ বিপ্লৱ গঢ়ি তোলা এগৰাকী উদ্যমী মহিলা অনু মণ্ডলৰ । গুৱাহাটীৰ সমীপৰ দীপৰ বিলৰ মাটিয়া অঞ্চলত অনু মণ্ডলে গঢ় দিছে আভা ক্ৰিয়েশ্বন নামৰ এটা অনুষ্ঠান ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত পাঁচ শতাধিক শিপিনীক লৈ তেওঁ গঢ়ি তোলিছে এই অনুষ্ঠানটো । তাঁতশালত সপোন ৰচা বহু সংখ্যক শিপিনীক তেওঁ সংস্থাপনৰ বাট দেখুৱাবলৈ সক্ষম হৈছে । সূতা কটাৰ পৰা তাঁতশালত কাপোৰ বোৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন সাজ-পোছাক প্ৰস্তুত কৰালৈকে জড়িত হৈ আছে অনু মণ্ডলৰ আভা ক্ৰিয়েশ্বন (Anu Mandal Founder of AVA Creations) ।
লগতে পঢ়ক : Gamocha gets GI tag: দেশৰ প্ৰধানমন্ত্ৰীৰ প্ৰচেষ্টাতে গামোচাই লাভ কৰিলে স্বীকৃতি: মন্ত্ৰী বিমল বড়া
আভা ক্ৰিয়েশ্বনৰ বেনাৰত উৎপাদিত বিভিন্ন সামগ্ৰী দেশ-বিদেশত সমাদৃত হৈছে । তেওঁ জনোৱা মতে, বৰ্তমান সময়ত অসমৰ শিপিনীসকলে তাঁতশালৰ যোগেদি স্বাৱলম্বিতাৰ পথত অগ্ৰসৰ হ'বলৈ সক্ষম হৈছে । আনহাতে, বৰ্তমান সময়ত চৰকাৰী বিভিন্ন আঁচনিয়ে শিপিনীসকলক উপকৃত কৰিবলৈ সক্ষম হৈছে ।
তেওঁ জনোৱা মতে, ৰাজ্য চৰকাৰৰ শিপিনীৰ অৰ্থনৈতিক উন্নয়ন আঁচনি, প্ৰশিক্ষণপ্ৰাপ্ত প্ৰশিক্ষাৰ্থীৰ স্ব-নিয়োজন আঁচনি, আদর্শ হস্ততাঁত গাঁও স্থাপন আঁচনি, থূপীকৃত হস্ততাঁত উন্নয়ন আঁচনি, সূতাৰ ভঁৰালৰ জৰিয়তে ৰেহাই মূল্যত সূতা যোগান আঁচনি, অর্থনৈতিক অনগ্ৰসৰ শিপিনীৰ বাবে শাল আৰু সূতা প্ৰদান আঁচনি, জিলা আৰু ৰাজ্যিক পৰ্যায়ত বস্ত্ৰ তথা গামোচা মেলা আয়োজনৰ আঁচনি, হস্ততাঁত বস্ত্ৰ উৎপাদন আঁচনি, হস্ততাঁত বয়ন প্ৰশিক্ষণ আঁচনি আদি বিভিন্ন আঁচনিয়ে অসমৰ শিপিনীসকলক বিশেষভাৱে উপকৃত কৰিছে ।
সেইদৰে কেন্দ্ৰীয় চৰকাৰৰ শিপিনীৰ মুদ্ৰা আঁচনি, প্ৰধানমন্ত্ৰী জীৱনজ্যোতি বীমা আৰু সুৰক্ষা বীমা যোজনা, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বস্ত্ৰমেলা, বয়ন সম্পৰ্কীয় প্ৰশিক্ষণৰ বাবে সমৰ্থ আঁচনি, বিশ্ববেংকৰ সাহাৰ্যপ্ৰাপ্ত আঁচনি আদিয়ে অসমৰ শিপিনীসকল লাভৱান হ'বলৈ সক্ষম হৈছে ।
তেওঁ লগতে জনাই যে, ৰাজ্য চৰকাৰৰ ধ্বজাবাহী আঁচনি 'স্বনিৰ্ভৰ নাৰী'ৰ জৰিয়তে শিপিনীসকলৰ পৰা পোনপটীয়াকৈ নিৰ্ধাৰিত হস্ততাঁত উৎপাদিত সামগ্ৰী ক্ৰয়ৰ ব্যৱস্থায়ো শিপিনীসকলক যথেষ্ট সুফল দিছে । অসমৰ হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত বিশেষ চাহিদা আছে বুলি তেওঁ সদৰী কৰে ।
অৱশ্যে এতিয়াও ৰাজ্যৰ বহু শিপিনীয়ে হস্ততাঁতক উপাৰ্জনৰ প্ৰধান আহিলা হিচাপে গ্ৰহণ নকৰাৰ কথা তেওঁ উল্লেখ কৰে । তথ্য মতে, ৰাজ্যত অংশকালীন হিচাপে নিয়োজিত হৈ আছে ৮.৮৮ লাখ শিপিনী । আনহাতে, পূৰ্ণকালীন হিচাপে আছে ২.১৯ লাখ শিপিনী । সেইদৰে, গামোচা উৎপাদনত জড়িত হৈ আছে ৩.৫৫ লাখ শিপিনী ।
আনহাতে, মেখেলা-চাদৰ উৎপাদনত জড়িত হৈ আছে ৬.১৬ লাখ শিপিনী । সজ্জিত বস্ত্ৰ আৰু পোছাকৰ সামগ্ৰী উৎপাদনত জড়িত হৈ আছে ৫০ হাজাৰ শিপিনী । অন্যান্য ফেব্ৰিকচ উৎপাদনত আঢ়ৈ লাখ শিপিনী জড়িত হৈ আছে । আনহাতে, ৰাজ্যখনত তাঁতশাল নথকা ৭৬,৯৮১ গৰাকী শিপিনী আছে ।
লগতে পঢ়ক : Gamocha gets GI tag: হেঁপাহৰ গামোচাখনে বিশেষ স্বীকৃতি লাভৰ পাছতে উৎফুল্লিত ৰাজ্যবাসী