গুৱাহাটী, 4 মে': ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ বাবে স্থগিত ৰখা হৈছে এটাৰ পিছত আনটো পৰীক্ষা । হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা স্থগিত ৰখাৰ পিছতে এইবাৰ দ্বাদশ শ্ৰেণী তথা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাও অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে। এই সন্দৰ্ভত আজি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এক জাননী জাৰি কৰিছে।
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্রক পংকজ বৰঠাকুৰে জনোৱা মতে পৰৱৰ্ত্তী নিৰ্দেশ নিদিয়ালৈকে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা স্থগিত ৰখা হৈছে । উল্লেখ্য যে, মেট্ৰিকৰ লগতে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাও 11 মে’ৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল।
লগতে পঢ়ক: অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা