ETV Bharat / state

Himanta Biswa Sarma Birthday: ৫3 টা বসন্ত গৰকিলে ৰাজনীতিৰ চাণক্যই

author img

By

Published : Feb 1, 2022, 9:29 PM IST

Updated : Feb 1, 2022, 10:56 PM IST

সোমবাৰে 54 বছৰত ভৰি দিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma Birthday) ৷ ৰাজনীতিৰ চাণক্য হিচাপে পৰিচিত ড৹ শৰ্মাৰ বিশেষ দিনটো ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপন কৰা হ’ল ভিন্ন ধৰণেৰে ৷ উচাহৰ ধল বোৱালে গুৱাহাটী মহানগৰীৰো ভিন্ন অঞ্চলৰ লোকে ৷

Himanta Biswa Sarma Birthday
৫3 টা বসন্ত গৰকিলে ৰাজনীতিৰ চাণক্যই

গুৱাহাটী, 1 ফেব্ৰুৱাৰী: মঙলবাৰে জীৱনৰ 53 টা বসন্ত গৰকিলে ৰাজনীতিৰ চাণক্য ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma Birthday) ৷ মুখ্যমন্ত্ৰীগৰাকীৰ বিশেষ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো দেখা গ’ল দৃষ্টিনন্দন পৰিৱেশ ৷ ভিন্নজনে শুভেচ্ছাৰে উপচাই পেলালে প্ৰিয় নেতাগৰাকীক ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জন্মদিনৰ শুভেচ্ছা জনাই মালিগাঁৱত দেখা গ’ল বৃহদাকাৰ হৰ্ডিং । মালিগাঁৱৰ লগতে মুখ্যমন্ত্ৰীগৰাকীৰ গৃহসমষ্টিত বিশেষকৈ শুৱালকুছিত বৃহৎ মণ্ডপ সাজি অনুৰাগীসকলে আড়ম্বৰপূৰ্ণভাবে উদযাপন কৰিলে মুখ্যমন্ত্ৰীগৰাকীৰ ওপজা দিন ৷ সোমবাৰৰ মাজনিশা মুখ্যমন্ত্ৰীৰ গুৱাহাটীস্থ বাসগৃহত অনুৰাগীসকলে জাকজমকতাৰে নাচি-বাগি উদযাপন কৰে প্ৰিয় নেতাৰ জন্মদিন । য’ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পৰিয়ালবৰ্গৰ উপস্থিতিত অনুৰাগীসকলৰ মাজত কেক কাটি জন্মদিন উদযাপন কৰিলে নিজৰ জন্মদিন ।

আনহাতে জন্মদিনৰ দিনটোত মুখ্যমন্ত্ৰীয়ে শিক্ষাগ্ৰহণ কৰা গান্ধীবস্তি প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ নষ্টালজিক হৈ পৰে । বিদ্যালয়খনত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ মাজত কেক্ কাটি জন্মদিন উদযাপন কৰে । স্কুলীয়া দিনৰ স্মৃতি সুঁৱৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শিক্ষাগুৰুৰ পৰা চেকনিৰ কোবৰ পৰা আৰম্ভ কৰি বেলেগৰ বাৰীৰ মধুৰীআম চুৰি কৰি খোৱাৰ লগতে নাটকৰ আখৰা কৰালৈকে অতীতৰ বহু কথাই সোঁৱৰে ।

মাজনিশাৰে পৰা সামাজিক মাধ্যমত ভৰিপৰা দেখা গ’ল ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকৰ শুভেচ্ছাবাণী ৷ ইয়াৰ মাজতে ‘মামা’ক জন্মদিনৰ শুভেচ্ছা জনাবলৈ বুলি মাজুলীৰ পৰা গুৱাহাটীলৈ আহিল 47 গৰাকীকৈ বালক বৈষ্ণৱ । ঐতিহাসিক দক্ষিণপাট আৰু আউনিআটী সত্ৰৰ পৰা অহা এইসকল বৈষ্ণৱৰ হাতত দেখা গ’ল বিধে-বিধে উপহাৰৰ টোপোলা ৷ কোনোগৰাকী ভাগিন বৈষ্ণৱে যদি মামা হিমন্ত বিশ্ব শৰ্মালৈ উপহাৰ হিচাপে নিজ হাতেৰে অংকন কৰা ছবি আনিলে, আন কোনোৱে মুখ্যমন্ত্ৰীগৰাকীৰ সন্মুখত গীত-নৃত্য পৰিৱেশন কৰিবলৈ বুলি আহিলে ।

ইপিনে মুখ্যমন্ত্ৰীৰ জন্মদিন উপলক্ষে মৰিয়নিৰ এখন গাঁৱত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নাচি-বাগি ৰাইজৰ লগত আনন্দত আত্মহাৰা হোৱা দেখা গ’ল । এই বিশেষ দিনটোৰ লগত সংগতি ৰাখিয়েই বিধায়কগৰাকীয়ে ত্যাগ কৰিলে নিজৰ দেহৰক্ষী ৷

ইয়াৰোপৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ দিনটো বিশেষ বিশেষ ধৰণেৰে উদযাপন কৰা দেখা গ’ল ৷ হয়তো প্ৰথমবাৰৰ বাবে ৰাজ্যত এগৰকী মুখ্যমন্ত্ৰীৰ জন্মদিনত দেখা গ’ল এনে উখল-মাখল পৰিৱেশ, আড়ম্বৰপূৰ্ণ উদযাপন ৷

লগতে পঢ়ক: #HBDHimantaBiswa: মুখ্যমন্ত্ৰীক শুভেচ্ছা জনাবলৈ মাজুলীৰ পৰা বৈষ্ণৱৰ গুৱাহাটী যাত্ৰা

Last Updated : Feb 1, 2022, 10:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.