গুৱাহাটী,8 এপ্ৰিলঃ তলা বন্ধৰ সময়ছোৱাত জনশূন্য ৰাজপথ ৷ বন্ধ দোকান-বজাৰ, চলা নাই কোনো গাড়ী-মটৰ ৷ ৰাজপথত মাত্ৰ আৰক্ষী আৰু জৰুৰীকালীন সেৱাৰ কৰ্মীসকল ৷ জন সাধাৰণক ঘৰৰ বাহিৰলৈ অহাৰ ক্ষেত্ৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা আৰক্ষীৰ বাবে কিন্তু এগৰাকী মহিলা দৈনিক ঘৰৰ বাহিৰলৈ আহে ৷ মহানগৰীৰ ফাঁচী বজাৰৰ গোলাপ দুগড় নামৰ মহিলা গৰাকীয়ে প্ৰতিদিনে পুৱা আৰু আবেলিৰ ভাগত ৰাজপথত কৰ্মৰত আৰক্ষী আৰু সুৰক্ষা কর্মী সকলৰ বাবে চাহ লৈ ঘৰৰ পৰা ওলাই আহে ৷ নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি দিনে-নিশা ৰাজপথত সকলোৰে সুৰক্ষাৰ বাবে দায়িত্ব পালন কৰি ভাগৰি পৰা আৰক্ষীসকলক সতেজ কৰি ৰাখিবলৈকে চাহ যোগান ধৰে মহিলাগৰাকীয়ে ।
সংকটৰ এই সময়ছোৱাত কৰ্মৰত আৰক্ষী আৰু সুৰক্ষা কর্মীসকলক বিগত 11 দিনে চাহ যোগান ধৰি অহা এই মহিলাগৰাকীয়ে সামৰ্থ অনুযায়ী কৰা সহায় শলাগ ল’বলগীয়া ৷
লগতে চাওকঃ কামৰূপ মহানগৰ জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰিলে শাক-পাচলিৰ মূল্য