ETV Bharat / state

হায়াত হাস্পতালত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন হাৰ্ট ফেইলাৰ ক্লিনিক মুকলি

author img

By

Published : Sep 29, 2021, 10:34 PM IST

গুৱাহাটীৰ ওদালবাক্ৰাস্থিত হায়াত চুপাৰ স্পেচিয়েলিটি হাস্পতালত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন হাৰ্ট ফেইলাৰ ক্লিনিক মুকলি কৰা হয় । হাস্পতালখনৰ হৃদৰোগ বিশেষজ্ঞ তথা হায়াত হাৰ্ট চেণ্টাৰৰ সঞ্চালক ডাঃ চিন্ময় মজুমদাৰৰ নেতৃত্বত হাস্পতালখনত এই ক্লিনিক মুকলি কৰা হৈছে ।

hayat hospital has Opened the first heart failure clinic in the Northeast
হায়াত হাস্পতালত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন হাৰ্ট ফেইলাৰ ক্লিনিক মুকলি

গুৱাহাটী,২৯ ছেপ্টেম্বৰ : সমগ্ৰ দেশৰ লগতে অসমতো বুধবাৰে বিশ্ব হৃদৰোগ দিৱস পালন কৰা হয় । দিৱসটোৰ লগত সংগতি ৰাখি গুৱাহাটীৰ ওদালবাক্ৰাস্থিত হায়াত চুপাৰ স্পেচিয়েলিটি হাস্পতালত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন হাৰ্ট ফেইলাৰ ক্লিনিক মুকলি কৰা হয় ।

হাস্পতালখনৰ হৃদৰোগ বিশেষজ্ঞ তথা হায়াত হাৰ্ট চেণ্টাৰৰ সঞ্চালক ডাঃ চিন্ময় মজুমদাৰৰ নেতৃত্বত হাস্পতালখনত এই ক্লিনিক মুকলি কৰা হৈছে । হাস্পতালখনত আয়োজন কৰা এক অনুষ্ঠানত 'হাৰ্ট ফেইলাৰ ক্লিনিক'ৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অনুৰাগ গোয়েলে ।

সাধাৰণ মানুহৰ মাজত হৃদৰোগৰ প্ৰতি সজাগতা বৃদ্ধি আৰু হৃদৰোগীৰ শুশ্ৰূষা কৰাৰ উদ্দেশ্যে এই হাৰ্ট ফেইলাৰ ক্লিনিকখন মুকলি কৰা হৈছে । য'ত সাধাৰণ ৰাইজ তথা হৃদৰোগী সকলে এই ৰোগৰ চিকিৎসা, চিকিৎসকৰ পৰামৰ্শ আৰু আনুসংগিক বিশেষ যত্ন লাভ কৰিব পাৰিব । য'ত চিকিৎসকৰ উপৰিও বিশেষ পৰামৰ্শদাতা উপস্থিত থাকিব ।

লগতে পঢ়ক: গুৱাহাটীকে ধৰি কেইবাখনো জিলাত অনিয়ন্ত্রিত ক'ভিড পৰিস্থিতি

আনহাতে, বিশ্ব হৃদৰোগ দিৱসৰ লগত সংগতি ৰাখি হাস্পতালখনে প্ৰকাশ কৰা 'হায়াত মিৰৰ' নামৰ এখন আলোচনী উন্মোচন কৰা হয় । অনুষ্ঠানত অতিথি হিচাপে সংগীত শিল্পী জিতুল সোণোৱাল আৰু তৰালি শৰ্মাৰ উপৰি হাস্পতালখনৰ পৰিচালন সঞ্চালক ৰাজীৱ শইকীয়া উপস্থিত আছিল ।

ক্লিনিকখন সন্দৰ্ভত হৃদৰোগ বিশেষজ্ঞ ডাঃ চিন্ময় মজুমদাৰে সংবাদ মাধ্যমৰ আগত কয়, উত্তৰ পূৰ্বাঞ্চলত প্ৰথম বাৰৰ বাবে প্ৰতিষ্ঠা কৰা এই হাৰ্ট ফেইলাৰ ক্লিনিকখনে হৃদৰোগত আক্রান্ত ৰোগৰ বাবে এক বিশেষ ভূমিকা পালন কৰাৰ উপৰি উত্তৰ পূৰ্বাঞ্চলৰ স্বাস্থ্য সেৱাত এক যুগান্তকাৰী সংযোজন হিচাপে পৰিগণিত হ'ব । ৰোগী আৰু সাধাৰণ মানুহৰ মাজত এই ৰোগৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবৰ বাবে এই ক্লিনিক খনে বহুত কাম কৰিব পাৰিব ।

লগতে পঢ়ক:ভাৰতত অনিয়ন্ত্ৰিতভাৱে বৃদ্ধি পাইছে হৃদৰোগীৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.