ETV Bharat / state

Safai karamchari Recruitment: ৰাজ্যত চাফাই কৰ্মী নিযুক্তিত ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী

author img

By

Published : Feb 6, 2023, 5:55 PM IST

ৰাজ্যৰ বিভিন্ন বিভাগত চাফাই কৰ্মী নিযুক্তি প্ৰক্ৰিয়াত ব্যাৱহাৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী সদৌ অসম হৰিজন মজদুৰ ইউনিয়নৰ(Harijan Mazdoor Union) । চাফাই কৰ্মীৰ(Safai karamchari ) নিযুক্তি সকলো শ্ৰেণীৰ বাবে মুকলি কৰি দিয়াত বাছফৰ হৰিজন সম্প্ৰদায়ৰ নিবনুৱা যুৱক-যুৱতী বঞ্চিত হোৱাৰো অভিযোগ ৷

Safai karamchari Recruitment
ৰাজ্যত চাফাই কৰ্মী নিযুক্তিত ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী

গুৱাহাটী, 6 ফেব্ৰুৱাৰী: ৰাজ্যত চাফাইকৰ্মী পদৰ বাবে নিযুক্তিত ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত কৰি নিযুক্তি দিয়াৰ দাবী সদৌ অসম হৰিজন মজদুৰ ইউনিয়নৰ(Harijan Mazdoor Union) । এই সন্দৰ্ভত সোমবাৰে গুাৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰে সদৌ অসম হৰিজন মজদুৰ ইউনিয়নে ৷ অন্যান্য সম্প্ৰদায়ৰ প্ৰাৰ্থীসকলে স্নাতক-স্নাতকোত্তৰ উত্তীৰ্ণৰ প্ৰকৃত শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ লুকুৱাই অষ্টম শ্ৰেণীৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰি চাকৰিৰ বাবে আবেদন কৰাৰ অভিযোগ ইউনিয়নৰ ।

সংবাদমেলত সদৌ অসম হৰিজন মজদুৰ ইউনিয়নৰ ৰাজ্যিক সাধাৰণ সম্পাদক দীননাথ বাচফৰে কয় যে, ইংৰাজৰ শাসনৰ দিনৰ পৰা ৰাজ্যখনত চাফাইৰ কাম মূলতঃ বাছফৰ হৰিজন সম্প্ৰদায়ৰ লোকসকলে কৰি আহিছে । চৰকাৰী-বেচৰকাৰী কাৰ্যালয় প্ৰতিষ্ঠানৰ সকলো চাফাইৰ কাম হৰিজন বাচফৰসকলৰ ওপৰত ন্যস্ত হৈ আহিছে । সম্প্ৰতি চৰকাৰে চাফাই কৰ্মী নিয়োগ প্ৰক্ৰিয়া কেৱল মাত্ৰ হৰিজন সম্প্ৰদায়েই নহয়, সকলো শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে মুকলি কৰি দিছে(Assam Safai karamchari recruitment) ।

এই অভিযোগ উত্থাপন কৰাৰ উপৰিও তেওঁ কয় যে, এনে ক্ষেত্ৰত আমাৰ বিৰোধ কৰিবলগীয়া নাই । কিন্তু চৰকাৰৰ এনে নিয়োগ নীতিৰ বাবে প্ৰকৃত বাচফৰ হৰিজন সম্প্ৰদায়ৰ নিৱনুৱা যুৱক-যুৱতীসকল বঞ্চনাৰ সন্মুখীন হ’বলগা হৈছে । অন্য সম্প্ৰদায়ৰ প্ৰাৰ্থীসকলে স্নাতক-স্নাতকোত্তৰ উত্তীৰ্ণৰ প্ৰকৃত শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ লুকুৱাই অষ্টম শ্ৰেণীত পঢ়া প্ৰমাণপত্ৰ সংগ্ৰহ কৰি চাকৰিৰ আবেদনৰ লগত দাখিল কৰাৰ সম্ভাৱনা আছে । এনেবোৰ শিক্ষিত প্ৰাৰ্থীয়ে লিখিত পৰীক্ষাত ভাল ফল দেখুৱাই নিয়োগৰ সুবিধা লাভ কৰাৰ সম্ভাৱনা অধিক(Harijan Mazdoor Union press meet) ।

এনে প্ৰাৰ্থীয়ে চাকৰি লাভ কৰাৰ পাচত অন্য বিভাগলৈ বদলি হ’বলৈ যত্ন কৰাৰ সম্ভাৱনাকো নুই কৰিব নোৱাৰি বুলিও আশংকা প্ৰকাশ কৰে দীননাথ বাচফৰে । সেয়েহে চৰকাৰী বিভাগসমূহত চাফাই কৰ্মচাৰী নিয়োগ কৰোঁতে হাতে-কামে কৰা ব্যৱহাৰিক পৰীক্ষাৰ (প্ৰেক্টিকেল) ব্যৱস্থা কৰাৰ বাবে দাবী জনাইছে হৰিজন মজদুৰ ইউনিয়নে(Harijan Mazdoor Union demands practical exam) ।

লগতে তেওঁ কয়, ‘‘বিগত 2021 বৰ্ষত ৰাজ্যখনৰ স্বাস্থ্য বিভাগত 114টা পদত অসম চৰকাৰে নিযুক্তি প্ৰদান কৰে । তাত হৰিজন সম্প্ৰদায়ৰ নিবনুৱা যুৱক-যুৱতী চাকৰি লাভৰ পৰা বঞ্চিত হ’ব লগা হৈছে । এইবাৰো স্বাস্থ্য বিভাগত 277 টা চুইপাৰ পদৰ বাবে 22 জানুৱাৰীত পৰীক্ষা অনুষ্ঠিত হৈ যায় । কিন্তু আশাংকা হৈছে যে, এই পৰীক্ষাত হৰিজন নিবনুৱা যুৱক-যুৱতীসকলে চাকৰি লাভৰ পৰা বঞ্চিত হ’ব ।’’ এই বিষয় সন্দৰ্ভত ইউনিয়নে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰদান কৰে এখন স্মাৰক পত্ৰ ৷

লগতে পঢ়ক: Assam Arunachal Land dispute: পুনৰ অসমৰ ভূমিত গছ কাটি বেদখলৰ চেষ্টা অৰুণাচলীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.