গুৱাহাটী, ২ ডিচেম্বৰ : সাতদিনৰ বাবে বন্ধ কৰা হৈছে গুৱাহাটীৰ ঐতিহ্যমণ্ডিত সন্দিকৈ ছোৱালী মহাবিদ্যালয় (Handique Girls College closed for seven days)। কেৱল বন্ধ কৰাই নহয়, মহাবিদ্যালয়খনক মাইক্ৰ'কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা(Handique girls college Declared Micro containment Zone) কৰে মহানগৰ প্ৰশাসনে ।
মহাবিদ্যালয়খনৰ কেইবাগৰাকীও অধ্যাপকৰ লগতে শিক্ষাৰ্থী কৰ'ণাত আক্ৰান্ত হোৱাৰ বাবে মহাবিদ্যালয়খন বন্ধ কৰা হৈছে ৷ সেই অনুসৰি, ৭ ডিচেম্বৰলৈ মহাবিদ্যালয়খন বন্ধ(Handique Girls College to remain closed till Dec 7) থাকিব । এই সময়চোৱাত বন্ধ থাকিব পাঠদান কাৰ্যসূচী । অৱশ্যে অনলাইনযোগে পাঠদান অব্যাহত থাকিব ।
উল্লেখ্য যে, ক'ভিডৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ হৈ আছিল ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ । কৰ'ণাৰ সংক্ৰমণ কিছু হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত পুনৰ শিক্ষানুষ্ঠান খুলি দিয়া হৈছিল ৷ তাৰপিছতো কিন্তু বহু কেইখন শিক্ষানুষ্ঠানৰ শিক্ষক, শিক্ষাৰ্থীৰ দেহত কৰ'ণাৰ সংক্ৰমণ হোৱাৰ বাবে পুনৰ পাঠদান বন্ধ কৰিবলগীয়া হৈছে । কিছুদিন পূৰ্বে গুৱাহাটীৰ অসম জাতীয় বিদ্যালয়তো একাধিক শিক্ষাৰ্থী ক'ভিডত আক্ৰান্ত হৈছিল । যাৰ বাবে 6 দিনলৈ বন্ধ কৰি দিয়া হয় বিদ্যালয়খন ৷
লগতে পঢ়ক : Covid-19 at School : ৬ দিনৰ বাবে বন্ধ থাকিব অসম জাতীয় বিদ্যালয়