ETV Bharat / state

সামৰণি পৰিল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা হস্তশিল্প প্ৰৰ্দশনী মেলা

author img

By

Published : Feb 23, 2020, 6:26 PM IST

সামৰণি পৰিল তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা হস্তশিল্প প্ৰৰ্দশনী মেলাৰ ৷ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় অৰ্ধশতাধিক উদ্যমী যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে এই হস্তশিল্প প্ৰৰ্দশনী মেলাত ৷

Handcraft exhibition held in Kolakhetra is end today
সামৰণি পৰিল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা হস্তশিল্প প্ৰৰ্দশনী মেলা

গুৱাহাটী, 23 ফেব্ৰুৱাৰী: দেওবাৰে সামৰণি পৰে তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা হস্তশিল্প প্ৰৰ্দশনী মেলাৰ ৷ মেকাৰ্চ হাবৰ উদ্যোগত অনুষ্ঠিত হোৱা এই মেলাত প্ৰদৰ্শিত হয় হস্তনিৰ্মিত নানান সামগ্ৰী ৷

ৰাজ্যৰ চুকে-কোণে লুকাই থকা প্ৰতিভাসমূহ বিকশিত কৰাৰ উদ্দেশ্যে সংস্থাটোৱে আয়োজন কৰে এই প্ৰদৰ্শনীৰ । উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় অৰ্ধশতাধিক উদ্যমী যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে এই হস্তশিল্প প্ৰৰ্দশনী মেলাত ৷ এই প্ৰদৰ্শনীত আছিল মুঠ ২৬খন বিপনীৰ ব্যৱস্থা ৷

উল্লেখ্য যে হস্তশিল্প প্ৰৰ্দশনী মেলাত ন-ন প্ৰতিভাৰে উজ্জীৱিত হৈ পৰে কলাক্ষেত্ৰৰ বাকৰি ৷ কাপোৰৰ পৰা খাদ্যলৈ, চিত্ৰৰ পৰা নিত্য ব্যৱহৃত সামগ্ৰীলৈ, হস্তনিৰ্মিত সকলো সামগ্ৰী প্ৰদৰ্শিত কৰা হয় এই মেলাত ৷ উল্লেখযোগ্য যে প্ৰৰ্দশনীৰ সামৰণি দিনটোতো পৰিলক্ষিত হয় যথেষ্ট লোকৰ সমাগম । এইসকল উদ্যমী যুৱক-যুৱতীৰ প্ৰতিভাক শলাগ লৈছে সকলোৱে ৷

লগতে পঢ়ক: ট্ৰাম্পৰ ভাৰত ভ্ৰমণঃ ‘এয়াৰ ফ’ৰ্চ ৱান’ আৰু ‘দ্য বিষ্ট’ সম্পৰ্কে কিছু তথ্য

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.