ETV Bharat / state

খানাপাৰাত চলিছে বৃহৎ কোৱাৰেন্টাইন কেন্দ্ৰ নিৰ্মাণৰ কাম

author img

By

Published : Jun 20, 2020, 7:37 PM IST

গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেল পথাৰত চলিছে এক বৃহৎ কোৱাৰেন্টাইন কেন্দ্ৰ নিৰ্মাণৰ কাম। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন আৰু ৰাজ্য চৰকাৰে নিৰ্মাণ কৰিছে এই বৃহৎ কেন্দ্ৰটোৰ। বহিঃৰাজ্যৰ পৰা অহা লোক সকলক ৰখা হ'ব এই কেন্দ্ৰটোত। একেলগে এক হাজাৰ লোক থাকিব পৰা এই কেন্দ্ৰটো সম্পূৰ্ণ হৈ উঠিব কেইদিনমান পিছতে।

Guwahati Veterinary College
পশু চিকিৎসা মহাবিদ্যালয়ৰ খেল পথাৰত চলিছে বৃহৎ কোৱাৰেন্টাইন কেন্দ্ৰ নিৰ্মাণৰ কাম

গুৱাহাটী, 20 জুন : দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো কৰ'ণা ভাইৰাছে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণা ভাইৰাছত আক্রান্ত হোৱা লোকৰ সংখ্যা । বিশেষকৈ গুৱাহাটী মহানগৰীত গণ সংক্ৰমণৰ দৰে ঘটনাও সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে। ইতিমধ্যে ৰাজ্য চৰকাৰ আৰু স্বাস্থ্য বিভাগে কৰ'ণা ভাইৰাছ বিৰোধী যুঁজখনত সকলো উজাৰি দিছে যদিও বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ শৰীৰত কৰ'ণা ভাইৰাছৰ উপস্থিতি সবাতোকৈ বেছি হোৱা পৰিলক্ষিত হৈছে।

গুৱাহাটী

লগতে পঢ়কঃ ভাৰত-চীন সীমান্তৰ অস্থিৰ পৰিস্থিতি সন্দৰ্ভত দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

প্ৰতিদিনে ব্যক্তিগত বাহন তথা ৰেল যোগে বহিঃৰাজ্যৰ লোক আহি অসমত উপস্থিত হৈ আছে। বহিঃৰাজ্যৰ পৰা অহা লোক সকলক চৰকাৰে বিভিন্ন স্থানত নিৰ্মাণ কৰা কোৱাৰেন্টাইন কেন্দ্ৰ সমূহত কোৱাৰেন্টাইন কৰি ৰাখিছে। মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামতও বহিঃৰাজ্যৰ অহা লোক সকলক চৰকাৰে কোৱাৰেন্টাইন কৰাৰ বাবে এক বিশাল কোৱাৰেন্টাইন কেন্দ্ৰ নিৰ্মাণ কৰিছে আৰু বৰ্তমান বহু লোক তাত কোৱাৰেন্টাইন হৈ আছে । ইয়াৰ সমান্তৰালে চৰকাৰে বহিঃৰাজ্যৰ পৰা উভতি অহা লোকৰ সোঁত দেখি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেল পথাৰতো নিৰ্মাণ কৰিবলৈ লৈছে এক বৃহৎ কোৱাৰেন্টাইন কেন্দ্ৰ।

চলিত মাহৰ ২ তাৰিখৰ পৰা এই কেন্দ্ৰটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে আৰু ইতিমধ্যে ৪৫০ জন লোক থকালৈ সকলো ব্যৱস্থাৰে সম্পূৰ্ণ কৰি তোলা হৈছে কোৱাৰেন্টাইন কেন্দ্ৰটো। প্ৰায় এহাজাৰ লোক থাকিব পৰা এই কেন্দ্ৰটো কিছুদিনৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে পশু চিকিৎসা মহাবিদ্যালয় খেল পথাৰত নিৰ্মাণ কাৰ্য চলি থকা এই কেন্দ্ৰটো ভাৰতৰ ভিতৰতে অন্যতম। ইয়াত কোৱাৰেন্টাইন হৈ থাকিব লগা ব্যক্তি সকলৰ সকলো ধৰণৰ সুবিধাৰ প্ৰতি দৃষ্টি ৰখা হৈছে। পশু চিকিৎসা মহাবিদ্যালয় খেল পথাৰত নিৰ্মাণ কৰা এই কোৱাৰেন্টাইন কেন্দ্ৰটো প্ৰয়োজন হ'লে কভিড হাস্পতাল হিচাপেও ব্যৱহাৰ কৰিব পাৰি ইয়াৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.