ETV Bharat / state

পৰীক্ষা অনুষ্ঠিত কৰাকলৈ সন্তুষ্ট নহয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী

author img

By

Published : Sep 9, 2020, 1:35 PM IST

বৰ্তমান সময়ত ক'ভিড -19 ৰ সংক্ৰমণৰ বাবেই সমূহ শিক্ষাৰ্থীসকলে শ্ৰেণীকোঠাৰ পাঠদানৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে ৷ তেনে সময়তে অহা 22 চেপ্টেম্বৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক পৰ্যায়ৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই প্ৰকাশ কৰাৰ পাছতেই এতিয়া শিক্ষাৰ্থীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

university exam_
পৰীক্ষা অনুষ্ঠিত কৰাকলৈ সন্তুষ্ট নহয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী

গুৱাহাটী,ছেপ্টম্বৰ 9: গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ বৰ্তমান সময়ত ক'ভিড -19 ৰ সংক্ৰমণৰ বাবেই শিক্ষাৰ্থী সকলে শ্ৰেণীকোঠাৰ পাঠদানৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে ৷ তেনে সময়তে অহা 22 চেপ্টেম্বৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক পৰ্যায়ৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই প্ৰকাশ কৰাৰ পাছতেই এতিয়া শিক্ষাৰ্থী সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

উল্লেখনীয় ভাৱে বহুকেইখন মহাবিদ্যালয় বৰ্তমানো কোৱাৰেইন্টাইন চেন্টাৰ হিচাপে ব্যৱহৃত হৈ আছে ৷ ইয়াৰ সমান্তৰাল ভাৱে বহু শিক্ষাৰ্থী বৰ্তমান ক'ভিড -19 ত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত থকাৰ উপৰিও কিছু সংখ্যক বৰ্তমানেও কোৱাৰেইন্টাইন চেন্টাৰতে আছে ৷ এনে প্ৰেক্ষাপটত পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্তক লৈ মুঠেই সন্তুষ্ট নহয় শিক্ষাৰ্থী সকল ৷

যিহেতু ক’ভিড-19 অতিমাৰীৰ বাবে মাৰ্চ মাহৰ পৰাই বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয় সমূহৰ পাঠদান বন্ধ হৈ আছে, তাৰ পৰিপেক্ষিতত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই লোৱা সিদ্ধান্তক মানি ল’ব পৰা নাই স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়াইয়ো ৷ গুৱাহাটী বিশ্ববিদ্যালয়ে শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলিবলৈ লোৱা বুলি মন্তব্য প্ৰকাশ কৰিছে খোদ বিশ্ববিদ্যালখনৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মুন তালুকদাৰে । ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষা সূচী পুনৰ প্ৰস্তুত কৰিবলৈকো দাবী জনাইছে সাধাৰণ সম্পাদক মুন তালুকদাৰে ৷

লগতে পঢ়ক: সুধাকণ্ঠক ভাৰত ৰত্ন সন্মান প্ৰদান কৰিছিল কোনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.