ETV Bharat / state

Operation Kurukshetra: বাহনৰ কৰ আদায় নিদিয়া সকলৰ বিৰুদ্ধে তীব্ৰতৰ হৈছে অপাৰেশ্যন কুৰুক্ষেত্ৰ - পৰিবহন বিভাগ

যান-বাহনৰ কৰ-কাটল আদায় নিদিয়া সকলৰ বিৰুদ্ধে গুৱাহাটী পৰিবহন বিভাগে তীব্ৰতৰ কৰি তুলিছে ‘অপাৰেশ্যন কুৰুক্ষেত্ৰ’(Operation Kurukshetra) ৷ শুকুৰবাৰে তিনিটা দিন অতিক্ৰম কৰিলে অপাৰেশ্যেন কুৰুক্ষেত্ৰই ৷ ৰাজ্যত সুৰক্ষিত যাতায়তৰ প্ৰতি লক্ষ্য ৰাখি পৰিবহন বিভাগে আৰম্ভ কৰিছে এই অভিযান ৷

Operation Kurukshetra
বাহনৰ কৰ আদায় নিদিয়া সকলৰ বিৰুদ্ধে তীব্ৰতৰ হৈছে অপাৰেশ্যন কুৰুক্ষেত্ৰ
author img

By

Published : Feb 3, 2023, 8:57 PM IST

Updated : Feb 3, 2023, 9:44 PM IST

গুৱাহাটী, 3 ফেব্ৰুৱাৰী: ৰাজ্যত এফালে চলিছে ‘অপাৰেশ্যন স্বামী’ ৷ তাৰ সমান্তৰালভাৱে 1 ফেব্ৰুৱাৰীৰ পৰা চলি আছে ‘অপাৰেশ্যন কুৰুক্ষেত্ৰ’(Operation Kurukshetra in Guwahati) ৷ মুঠৰ ওপৰত ৰক্ষা নোহোৱা হৈছে জনতাৰ ৷ এটাৰ পিচত আন এটা অপাৰেশ্যন বাৰুকৈয়ে টোপনি হৰিছে ৰাইজৰ ৷

যান-বাহনৰ কৰ-কাটল সময়মতে আদায় নিদিয়াৰ লগতে যাৱতীয় নথিপত্ৰ নৱীকৰণ নকৰি বাহনসমূহ সম্পূৰ্ণ অবৈধ, অনিয়ম আৰু বিপজ্জনকভাৱে চলোৱা বাহনৰ গৰাকীৰ বিৰুদ্ধে পৰিবহন বিভাগে(Guwahati Transport department) চলাইছে এই অভিযান ৷ ৰাজ্যৰ সুৰক্ষিত যাতায়ত ব্যৱস্থালৈ ভয়ংকৰ দুৰ্যোগ মাতি অনাসকলৰ গতি ৰুদ্ধ কৰিবলৈ অসম চৰকাৰৰ পৰিবহন বিভাগে আৰম্ভ কৰা ‘অপাৰেশ্যন কুৰুক্ষেত্ৰ’ তৃতীয় দিনাও জোৰদাৰ গতিত চলে ।

ৰাজ্যৰ সহকাৰী পৰিবহন আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া গৌতম দাসৰ(DTO Gautam Das) নেতৃত্বত জিলা পৰিবহন বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাস আৰু আঞ্চলিক পৰিবহন প্ৰাধিকাৰী ৰফিকুল ইছলামৰ সক্ৰিয় সহযোগিতাত এনফৰ্চমেন্টৰ বৃহৎ বাহিনীয়ে ভাগে ভাগে মহানগৰীৰ বিভিন্ন স্থানত চলাই আছে অভিযান ৷ যানবাহন আইনক ভেঙুচালি কৰি সুৰক্ষিত যাতায়াত ব্যৱস্থাক বিপদসংকুল কৰি তোলাসকলক কোনো কাৰণতে সাৰি যাবলৈ দিয়া নহ’ব বুলি কঠোৰ সকিয়নী পৰিবহন বিষয়াসকলৰ ৷

Operation Kurukshetra
ডিমাণ্ড নটিছ হাতত লৈ কৰ অনাদায়ী লোকৰ ঘৰে ঘৰে পৰিবহণ বিষয়া

শুকুৰবাৰে মহানগৰীৰ জু-ৰোড, ছয়মাইল, গীতানগৰ, নাৰেংগী, সাউকুছি, নুনমাটিৰ উপৰিও সোনাপুৰ, ক্ষেত্ৰী, পানীখাইটিকে ধৰি ভিতৰুৱা বিভিন্ন অঞ্চলত পৰিবহন বিভাগে চলাই অভিযান ৷ লগতে, ব্যক্তিগত আৰু ব্যৱসায়িক বাহনৰ গৰাকী আৰু বহুজাতিক উদ্যোগ-প্ৰতিষ্ঠানৰ দুৱাৰে দুৱাৰে উপস্থিত হৈ ডিমাণ্ড নটিছ প্ৰেৰণ কৰি কৰ অনাদায়ীসকলক শীঘ্ৰে কৰ পৰিশোধ কৰি যান-বাহনৰ নথি-পত্ৰ নৱীকৰণৰ জৰিয়তে বাহনসমূহ বৈধ কৰিবলৈ আহ্বান জনোৱা হয়(Mission Kurukshetra)।

শুকুৰবাৰৰ অভিযানকালত সজাগতা বিষয়ক বিভিন্ন প্ৰচাৰ পুস্তিকা বিতৰণৰ লগতে মাইকযোগে ঘোষণা কৰি কৰ আদায় নিদিয়াসকলক কৰ আদায় দিবলৈ আহ্বান জনোৱা হয় ৷ লগতে জৰিমনাৰ পৰা হাত সাৰি সময়মতে কৰ পৰিশোধ কৰি নিজে সুৰক্ষিত হৈ থকাৰ লগতে আনকো সুৰক্ষিত কৰি ৰাজপথৰ সুৰক্ষিত যাতায়াতলৈ নিঃস্বাৰ্থ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনোৱা হয় ।

উল্লেখ্য যে, অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তুলি সকলোৰে বাবে সুৰক্ষিত যাতায়ত ব্যৱস্থা বাহাল ৰখাৰ স্বাৰ্থত বিভিন্ন বিভাগৰ সহযোগত পৰিবহন বিভাগে এই প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ ইমানৰ পিচতো এই গুৰুত্বপূৰ্ণ বিষয়টো আওকাণ কৰি বিনাদ্বিধাই যানবাহন চলাই অনাকাংক্ষিত দুৰ্যোগ, দুৰ্ঘটনা মাতি অনা যানবাহনৰ গৰাকীক ন্যায়ৰ যুঁজত অৱতীৰ্ণ কৰিবলৈকে পৰিবহণ বিভাগে ‘অভিযান কুৰুক্ষেত্ৰ’ তীব্ৰতৰ কৰিছে(Mission Kurukshetra in Guwahati) ।

লগতে পঢ়ক: Drive Against Child Marriage : লংকাত অভ্যৰ্থনাস্থলীৰ পৰা পলাল দৰাসহ অভ্যাগত, কইনা থানাত

Last Updated : Feb 3, 2023, 9:44 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.