গুৱাহাটী, ৩ জুলাই : ৰ'পৱেৰ নিয়মীয়া যাত্ৰীৰ বাবে সুখবৰ । দেওবাৰৰ পৰা পুনৰ আৰম্ভ হ’ল ৰ’পৱে সেৱা (Ropeway service resumes) । গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ নিয়মীয়া যাত্ৰীৰ বাবে এই সুবিধা আগবঢ়াইছে জিএমডিএ (Guwahati Metropolitan Development Authority) কৰ্তৃপক্ষই ।
ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হৈ থকাৰ বাবে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা বন্ধ হৈ আছিল । ফেৰি সেৱা বন্ধ হৈ থকাৰ প্ৰতি লক্ষ্য ৰাখি জিএমডিএ গ্ৰহণ কৰিছে এক বিশেষ ব্যৱস্থা । এই ব্য়ৱস্থা অনুসৰি, যাত্ৰীৰ বাবে পুনৰ মুকলি কৰি দিয়া হয় এই ৰ’পৱে সেৱা (Guwahati to North Guwahati ropeway service resumes)৷
জিএমডিএ পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত বাহাল থাকিব এই ব্যৱস্থা ।
জিএমডিএৰ এগৰাকী কৰ্মচাৰীয়ে জনোৱা মতে, গুৱাহাটী উত্তৰ গুৱাহাটীৰ নিয়মীয়া যাত্ৰীৰ বাবে শনিবাৰৰ পৰা এই ব্যৱস্থা আৰম্ভ কৰা হৈছে । ছাত্ৰ-ছাত্ৰীৰ বাবেও দিয়া আছে এক বিশেষ ৰেহাই । ৫০ টকাত অহা যোৱা কৰিব পাৰিব নিয়মীয়া যাত্ৰীয়ে ।
পুৱা ৮:৩০-১০:৩০ বজালৈ আৰু বিয়লি ৪:৩০- ৬:০০ বজালৈ এই সেৱাৰ ব্যৱস্থা কৰা হৈছে । পূৰ্বতে এই ৰ’পৱে সেৱাত ১২-৬০ বছৰ বয়সলৈ এবাৰত ১০০ টকা টিকট আছিল । কিন্তু তাৰ পৰিৱৰ্তে এতিয়া ৫০ টকাতে অহা যোৱা কৰিব পাৰিব নিয়মীয়া যাত্ৰীয়ে । অৱশ্যে তাৰ বিপৰীতে পৰ্যটকৰ বাবে পূৰ্বৰ ভাড়া বাহল থাকিব বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : Covid infection increase in Assam:ৰাজ্যত পুনৰ বৃদ্ধি ক'ভিড সংক্ৰমণ