কামৰূপ মেট্ট, 17 নৱেম্বৰ: মংগলবাৰে সমকামিতাক লৈ নিৰ্মিত হোৱা এটি গীত মুক্তি লাভ কৰে ৷ "অকলশৰীয়া" শীৰ্ষক এই ব্যতিক্ৰম ধৰ্মী গীতটিত কন্ঠদান কৰিছে কন্ঠশিল্পী নীলাক্ষী নেওগে ৷ গ্ৰামাঞ্চলৰ দুগৰাকী সমকামী যুৱতীক লৈ গীতটি ৰচনা কৰিছে পল্লৱ তালুকদাৰে আৰু গীতটিত অভিনয় কৰিছে স্বস্তিকা হাজৰিকা আৰু স্বৱনম নাৰ্গিছে ৷

অকলশৰীয়া শীৰ্ষক এই গীতটি ৰাইজে আদৰি ল'ব বুলি আশাবাদী কন্ঠশিল্পী নীলাক্ষী নেওগ ৷ 'Mystic' প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা হৈছে এই গীতটি ৷
অন্য এক খবৰৰ বাবে: চিৰাঙত ইউপিপিএলৰ জনসভা