ETV Bharat / state

অতীত হ'ব নেকি হালধীয়া বাছসমূহ? - Guwahati Motor Transport Corporation

গুৱাহাটী মহানগৰীত বন্ধ হোৱাৰ দিশে স্কুল বাছসমূহ ৷ গুৱাহাটী মটৰ পৰিবহন সন্থাই ঘোষণা কৰিছে এই কথা ৷ কৰ'ণা মহামাৰীৰ বাবে বিগত 7 মাহে বন্ধ হৈ আছে স্কুল বাছসমূহ ৷ বাছ সমূহ বন্ধ হৈ পৰাত বিপদত পৰিছে বাছৰ মালিকসকল ৷ মালিক সকলক বিদ্যালয় কৰ্তৃপক্ষই কোনো সহায় নকৰাত এই সিদ্ধান্ত গ্ৰহণ কৰে গুৱাহাটী মটৰ পৰিবহন সন্থাই ৷

guwahati_school_bus
অতীত হোৱাৰ দিশত হালধীয়া স্কুল বাছ
author img

By

Published : Sep 28, 2020, 1:52 PM IST

কামৰূপ, 28ছেপ্টেম্বৰ: বিদ্যালয় সমূহত অতীত হোৱাৰ দিশত হালধীয়া স্কুল বাছ । এতিয়াৰে পৰা আপুনি ৰাজপথত নেদেখিব পাৰে হালধীয়া স্কুল বাছ । স্কুল বাছ মালিক সন্থাৰ লগতে বৃহত্তৰ গুৱাহাটী মটৰ পৰিবহন সন্থাই ঘোষণা কৰিছে এই কথা ৷ বিগত প্ৰায় ৭ মাহ ধৰি বাছসমূহ অচল হৈ থকাৰ বাবে একপ্ৰকাৰ দেওলীয়া হৈ পৰিছে স্কুল বাছ সমূহৰ মালিকসকল । যাৰ বাবে গ্ৰহণ কৰিব লগা হৈছে এই কঠিন সিদ্ধান্ত ।

অতীত হোৱাৰ দিশত হালধীয়া স্কুল বাছ

উল্লেখ্য যে,দেশত কৰ'ণা মহামাৰী আৰম্ভ হোৱাৰ পাছৰে পৰা চৰকাৰৰ নিৰ্দেশ অনুসৰি ৰাজ্যত বন্ধ হৈ আছিল চৰকাৰী তথা বেচৰকাৰী সকলোবোৰ শিক্ষানুষ্ঠান ৷ বিদ্যালয় সমূহ বন্ধ হৈ যোৱাৰ সমান্তৰালকৈ বন্ধ হৈ পৰে স্কুল বাছসমূহো ৷ স্কুল বাছসমূহ বন্ধ হৈ যোৱাৰ পাছত এক ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হয় বাছসমূহৰ মালিক সকল ৷ উপাৰ্জনৰ একমাত্ৰ পথ বন্ধ হৈ পৰাত চিন্তিত হৈ পৰে কৰ্মহীন হৈ পৰা বাছ সমূহৰ চালক তথা হেণ্ডিমেন সকল ৷ বাছসমূহ ব্যৱহাৰ কৰা বিদ্যালয় কৰ্তৃপক্ষয়ো কোনো সুবিধা প্ৰদান নকৰিলে বাছসমূহৰ মালিক সকলক ৷

এই বাছসমূহ বন্ধ হৈ থাকিলেও কিন্তু বাছৰ মালিক সকলে সময়মতেই পৰিশোধ কৰি থাকিব লগীয়া হ'ল বেংকৰ ঋণৰ পৰা আৰম্ভ কৰি অন্যান্য কৰ-কাটল । মালিক সন্থাৰ অভিযোগ অনুসৰি, বিদ্যালয় কৰ্তৃপক্ষই বাছৰ নামত ছাত্ৰ-ছাত্ৰীৰ পৰা এতিয়াও মাচুল সংগ্ৰহ কৰি আছে । কিন্তু বাছৰ মালিকসকলক বাছৰ নামত সংগ্ৰহ কৰা ধন আদায় দিয়া নাই । বিদ্যালয় সমূহত থকা সকলোবোৰ বাছেই নতুন । বিদ্যালয় কৰ্তৃপক্ষক মাচুলৰ কথা ক'লেই বাছ সমূহ বন্ধ কৰি দিয়াৰ কথা কয় । চৰকাৰৰ ফালৰ পৰাও কোনো সহায় নোপোৱাৰ অভিযোগ মালিক সকলৰ ৷

সমগ্ৰ গুৱাহাটী মহানগৰীত প্ৰায় ৩০০ খন স্কুল বাছ আছে । এই বাছসমূহ বিদ্যালয় কৰ্তৃপক্ষৰ প্ৰত্যক্ষ তত্বাৱধানত আছে । কিন্তু যোৱা মাৰ্চ মাহৰ পৰা কৰ'ণাৰ মহামাৰীৰ বাবে বাছসমূহ বন্ধ হৈ থকাৰ পাছতো বাছ ভাড়াৰ বাবদ ছাত্ৰ- ছাত্ৰীৰ পৰা মাচুল সংগ্ৰহ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ৷ কিন্তু বাছৰ মালিক সকলক বাছ ভাড়াৰ নামত এটকাও দিয়া নাই ৷ বৰঞ্চ বাছসমূহ বন্ধ কৰি দিয়াৰ হুংকাৰ দিয়ে বুলি অভিযোগ উত্থাপন কৰে মালিক সকলে ৷ মালিক সকলৰ মন্তব্য অনুসৰি, এনে এক মহা দুৰ্যোগৰ সময়ত বিদ্যালয় কৰ্তৃপক্ষই কোনোধৰণৰ সহমৰ্মিতা প্ৰকাশ নকৰিলে । যাৰ বাবে বৃহত্তৰ গুৱাহাটী মটৰ পৰিবহণ সন্থা আৰু স্কুল বাছ মালিক সন্থাই লৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।

অন্য এক খবৰৰ বাবে: বাইহাটা চাৰিআলিত শোকাবহ পথ দুৰ্ঘটনাত নিহত দুই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.