ETV Bharat / state

নিৰ্বাচনী চমক সৃষ্টিৰ বাবেই আছিল নেকি ৰ'পৱে সেৱা ! - Guwahati Ropeway non-operational within two days

কিয় মুকলিৰ দুদিনৰ পাছতে বিকল হ'ল বহু প্ৰত্যাশিত গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ'পৱে সেৱা ?

Guwahati Ropeway non-operational within two days of being inaugurated
নিৰ্বাচনী চমক সৃষ্টিৰ বাবেই আছিল নেকি ৰ'পৱে সেৱা !
author img

By

Published : Aug 28, 2020, 7:37 PM IST

গুৱাহাটী, 28 আগষ্ট: মুকলিৰ দুদিনৰ পাছতে বিকল হ'ল বহু প্ৰত্যাশিত গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ'পৱে সেৱা ৷ সোমবাৰ অৰ্থাৎ 24 আগষ্ট তাৰিখে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই আনুষ্ঠানিকভাৱে মুকলি কৰিছিল ৰ'পৱে সেৱা ৷ কিন্তু মুকলি হোৱাৰ দুদিন পিছতে বুধবাৰে হঠাৎ আধাতে বন্ধ হৈ পৰিছিল ৰ'পৱে ৷ আৰু তেতিয়াৰে পৰা অনিৰ্দিষ্টকাললৈ বন্ধ কৰা হৈছে ৰ'পৱে সেৱা । এই ঘটনাই যেন পুনৰ স্বৰূপ উদঙালে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ অধীনষ্ঠ গুৱাহাটী উন্নয়ন বিভাগৰ প্ৰকৃত স্বৰূপ ৷ বিশেষ পৰিকল্পনা নোহোৱাকৈ খৰ খেদাকৈ মুকলি কৰা ৰ'পৱে সেৱা যেন কেৱল নিৰ্বাচনৰ পূৰ্বে জোৰা তাপলি মাৰি ৰাইজৰ পৰা বা বা লোৱাৰ এক চমকহে আছিল সেইয়া বৰ্তমান স্পষ্ট হৈ পৰিছে ৷

নিৰ্বাচনী চমক সৃষ্টিৰ বাবেই আছিল নেকি ৰ'পৱে সেৱা !

উল্লেখ্য যে, ৰ'পৱে কেবিনেটত দিয়া হোৱা নাই কোনো ধৰণৰ সুৰক্ষামূলক সামগ্ৰী । নাই লাইফ জেকেট, নাই কোনো বিশেষ নিৰাপত্তাৰ সুবিধা ৷ ৰাইজৰ সন্দেহ, নিৰ্বাচনৰ পূৰ্বে যোৰা তাপলি মাৰি চমক দি ৰাইজৰ বা বা লোৱাৰ বাবেই যেন ৰ'পৱে মুকলি কৰা হৈছিল ৷ নহ'লেনো 11 বছৰ ধৰি নিৰ্মাণ কৰি থকা ৰ'পৱে সেৱা দুদিনতে বিকল হৈ পৰেনে? উল্লেখনীয় যে, গুৱাহাটী উন্নয়ন বিভাগৰ অধীনস্থ এই ৰ'পৱে চোৱাচিতাৰ দায়িত্ব দিয়া হৈছিল সমীৰ দামোদৰ ৰ'পৱেজ প্ৰাইভেট লিমিটেড নামৰ এটা সংস্থাক ৷ সুৰক্ষা কৰ্মীয়ে জনোৱা অনুসৰি বৰ্তমান সংবাদ কৰ্মীকে ধৰি সকলো লোকৰে প্ৰৱেশ নিষিদ্ধ কৰা হৈছে ৰ'পৱেৰ কাৰ্যালয় তথা চৌহদত ৷

লগতে পঢ়কঃ পাঠশালাত জিলা পৰিৱহন বিষয়া হিমাংশু দাসৰ KMCৰ বিৰুদ্ধে অভিযান

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.