গুৱাহাটী,17মে': মহানগৰীত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰা পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগৰ এক ব্যতিক্ৰমী পদক্ষেপ । পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ শুকুৰবাৰে ৰাজপথত নামিল জিলা পৰিবহন বিভাগ । কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগে স্বেচ্ছাসেৱী সংগঠনৰ লগত পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ ভঙাগড়ত প্ৰদৰ্শন কৰিলে বাটৰ নাট ।
মহানগৰীৰ ৰাইজক সজাগ কৰিবলৈ বাটৰ নাটৰ জৰিয়তে জিলা পৰিবহন বিভাগে ৰাইজক আহ্বান জনাই দুচকীয়া বাহন চলোৱাৰ সময়ত হেলমেট পৰিধান কৰা, গাড়ী চলোৱাৰ সময়ত মোবাইল ফোন ব্যবহাৰ নকৰা আৰু চীট বেল্ট ব্যৱহাৰ কৰাৰ লগতে পৰিবহন বিভাগৰ নীতি-নিয়ম মানি চলাৰ সন্দৰ্ভত এখন বাটৰ নাট প্ৰদৰ্শন কৰে। উল্লেখ্য যে, সমগ্ৰ উত্তৰ-পূৱৰ ভিতৰতে গুৱাহাটীত সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ সংখ্যাই অধিক। ২০১৬ চনৰ পৰা বৰ্তমানলৈকে অসমত ৭৬,৩২৫ টা দুৰ্ঘটনা সংঘটিত হৈছে মহানগৰীত ৷