ETV Bharat / state

পাণ্ডুত উদ্ধাৰ যুৱকৰ মৃতদেহ

author img

By

Published : Oct 3, 2020, 1:28 PM IST

মহানগৰীৰ পাণ্ডুত বিকি সূত্ৰধৰ নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয় ৷ স্থানীয় লোকৰ অভিযোগ কোনো দুৰ্বৃত্তই হত্যা কৰে যুৱকজনক ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

guwahati-pandu-murder-case
পাণ্ডুত উদ্ধাৰ যুৱকৰ মৃতদেহ

গুৱাহাটী, 3অক্টোবৰ : গুৱাহাটী মহানগৰীৰ পাণ্ডুত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা । ল'ক কলনীত এজন যুৱকক মৰিয়াই মৰিয়াই হত্যা কৰি পেলাই থৈ যায় কোনো দুৰ্বৃত্তই ৷ মৃতদেহটোৰ মুখত আঘাতৰ চিন স্পষ্ট হৈ আছে ৷ মৃত যুৱকজন বিকি সূত্ৰধৰ বুলি জানিব পৰা গৈছে । ইতিমধ্যে, ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে মৃতদেহটো । আৰক্ষীয়ে ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

ইফালে,যুৱকজনৰ মৃতদেহৰ সমীপৰ পৰা উদ্ধাৰ কৰা হৈছে বাঁহৰ টুকুৰা । স্থানীয় লোকৰ সন্দেহ এই বাঁহৰেই কোবাই-কোবাই হত্যা কৰিছে যুৱকজনক । স্থানীয় লোকৰ অভিযোগ অনুসৰি এই অঞ্চলত দিনে-নিশাই কেৱল মদ আৰু ড্ৰাগছৰ আড্ডা বহে, যাৰ বাবে এই ঘটনা সংঘটিত হয় ৷

পাণ্ডুত উদ্ধাৰ যুৱকৰ মৃতদেহ

অন্য এক খবৰৰ বাবে:বিশ্বৰ দীঘলীয়া ৰাষ্ট্ৰীয় ঘাইপথ সুৰংগটো মুকলিৰ দিশে ভাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.