ETV Bharat / state

মহানগৰীত অনলাইন প্ৰৱঞ্চকৰ ভয়ংকৰ জাল - Guwahati online hacking news

মহানগৰীত অনলাইন প্ৰৱঞ্চকৰ ভয়ংকৰ জাল ৷ নিজকে চিআৰপিএফ জোৱান বুলি পৰিচয় দি যুৱতীৰ পৰা ধন আত্মসাৎ দুৰ্বৃত্তৰ ৷ ভুক্তভোগী যুৱতীগৰাকীৰ নাম শ্ৰদ্ধা কলিতা বুলি জানিব পৰা গৈছে ৷

Guwahati online hacking
মহানগৰীত অনলাইন প্ৰৱঞ্চকৰ ভয়ংকৰ জাল
author img

By

Published : Mar 3, 2020, 11:02 PM IST

গুৱাহাটী,3 মাৰ্চঃ মহানগৰীত পুনৰ অনলাইন প্ৰৱঞ্চকৰ ভয়ংকৰ জাল ৷ নিজকে চিআৰপিএফ জোৱান বুলি পৰিচয় দি যুৱতীৰ পৰা ধন আত্মসাৎ দুৰ্বৃত্তৰ ৷ ভূক্তভোগী যুৱতীগৰাকীৰ নাম শ্ৰদ্ধা কলিতা বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, যুৱতীগৰাকীয়ে সামগ্ৰী বিক্ৰীৰ বাবে OLXত এটা পোষ্ট দিছিল ৷ উক্ত সামগ্ৰীবিধ ক্ৰয় কৰাৰ বাবে যুৱতীগৰাকীক যোগাযোগ কৰিছিল জ'ৰা সিঙ নামৰ লোকজনে ৷ তাৰ পিছতে সামগ্ৰী বিধৰ মূল্য দিয়াৰ বাবদ যুৱতীগৰাকীৰ পৰা বেংকৰ তথ্য বিছাৰে লোকজনে ৷ বেংকৰ তথ্য দিয়াৰ পিছতেই ওলোটাই যুৱতীগৰাকীৰ ধন হৰলুকি কৰাৰ অভিযোগ উত্থাপিত হৈছে লোকজনৰ বিৰুদ্ধে ৷ এইপৰ্যন্ত যুৱতীগৰাকীৰ একাউণ্টৰ পৰা প্ৰায় ১৫ হাজাৰ টকা অনলাইনযোগে লুট কৰে লোকজনে ৷ কেৱল এইগৰাকী যুৱতীয়েই নহয়, আন আন বহু যুৱতীৰ পৰা ধন লুট কৰিছে চি আৰ পি এফ জোৱানজনে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীৰ কাষ চাপিছে ভূক্তভোগী যুৱতীগৰাকী ৷

মহানগৰীত অনলাইন প্ৰৱঞ্চকৰ ভয়ংকৰ জাল

লগতে পঢ়ক-ইয়াত এখন গাঁও আছিল !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.