গুৱাহাটী, 15 এপ্ৰিল: গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগ কৰি নিৰ্মাণ কৰি থকা দলংখনৰ নিমাৰ্ণৰ কাম যথেষ্ট শামুকীয়া গতিৰে চলি আছে ৷ যাৰ বাবে নিৰ্দ্ধাৰিত সময়ত দলংখন নিৰ্মাণ সম্পূর্ণ নোহোৱাটো প্ৰায় স্পষ্ট হৈ পৰিছে ৷ উল্লেখ্য যে, 2019 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দলংখন নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল ৷ তাৰ পিচত 2020 চনৰ পৰা দলংখন নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল (New bridge construction in Guwahati) ৷
মনকৰিবলীয়া যে, ৰাজ্য চৰকাৰে 2023 চনৰ ভিতৰত উত্তৰ গুৱাহাটীৰ ৰাইজৰ বহু আকাংক্ষিত দলংখন নিৰ্মাণৰ লক্ষ্য নিৰ্ৰধাণ কৰা হৈছিল ৷ কিন্তু তিনি বছৰৰো অধিক সময়ত দলংখনৰ নির্মাণ মাত্ৰ ৬০ শতাংশ কাম সম্পূৰ্ণ হৈছে ৷ ইয়াৰ পৰা দেখা যায় যে, 2023 চনত দলংখনৰ নির্মাণ সম্পূর্ণ কৰাৰ সম্ভাৱনা নাই ৷ বৰ্তমানলৈ ব্ৰহ্মপুত্ৰ নদীত দলংৰ ছটা খুঁটা বহুৱাৰ পৰা আৰম্ভ কৰি দলংখনৰ সংযোগী পথ নিৰ্মাণৰ কাম সমান্তৰালভাৱে চলি আছে (Guwahati North Guwahati Bridge Update) ৷
উল্লেখ্য যে, ব্ৰহ্মপুত্ৰৰ ওপৰত নিমাৰ্ণ কৰি থকা দলংখনৰ বাবে ব্ৰিছৰ নিউ ডেভেল'পমেন্ট বেংক চমুকৈ এন ডি বিয়ে 2000 কোটি টকাৰ ঋণ দিছে ৷ দলংখনৰ বিস্তৃত প্ৰকল্পৰ প্ৰতিবেদন চমুকৈ ডি পি আৰ স্মেক ইণ্ডিয়া প্ৰাইভেট লিমিটেডে প্ৰস্তত কৰিছে ৷ দলংখন নির্মাণ সম্পূৰ্ণ হ'লে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ বাট মাত্ৰ ৭ মিনিট হ'ব ৷ গুৱাহাটী-উত্তৰ গুৱাহাটীক সংযোগ কৰি নিৰ্মাণ কৰি থকা দলংখন ছয় লেনযুক্তকৈ নিৰ্মাণ কৰা হ'ব ৷ দলংখন নদীৰ ওপৰত ধেনুভিৰীয়াকৈ নিমাৰ্ণ কৰা হ'ব (Bridge from Guwahati to North Guwahati) ৷
ডি পি আৰ মতে, এটি ৰোড আৰু এম জি ৰোডক সংযোগ কৰি দুটা দিশেৰে নদীৰ ওপৰেৰে উত্তৰ গুৱাহাটীলৈ দলংখন নিৰ্মাণৰ কৰি থকা হৈছে ৷ উত্তৰ গুৱাহাটীৰ পৰা আহি দলংখনে এ টি ৰোডৰ ওচৰত থকা স্বাগত হাস্পতালৰ ওচৰৰ পইন্টত আৰু এম জি ৰোডৰ মাছখোৱাৰ আই টি এ কমপ্লেস্কৰ পইন্টত স্পৰ্শ কৰিব ৷ স্বাগত হাস্পতালৰ ওচৰৰ পইন্টতৰ পৰা উত্তৰ গুৱাহাটীমুখী যান-বাহন যাব পাৰিব আৰু বিপৰীতে উত্তৰ গুৱাহাটীৰ পৰা অহা বাহনবোৰ আই টি এ কমপ্লেস্কৰ পইন্টলৈ আহিব পাৰিব ৷ দুয়োটা দলংপথ একেমুখী আৰু ছয়লেনযুক্ত হ’ব ৷ দলংখন গুৱাহাটীৰ দিশৰ পৰা নদীৰ মাজলৈ ইংৰাজী 'ৱাই' ৰ দৰে নিৰ্মাণ কৰা হ'ব ৷
দলংখনৰ দক্ষিণ দিশত অৰ্থাৎ স্বাগত হাস্পতালৰ ওচৰৰ পইন্টত এটা আৰু এম জি ৰোডৰ মাছখোৱাৰ আই টি এ কমপ্লেস্কৰ সন্মূখত আন এটা ৰ'টাৰী নিৰ্মাণ কৰা হ'ব ৷ দুয়োটা ৰ’টাৰীৰ মাজৰ অংশত নদীৰ পাৰে পাৰে বিকল্প পথ নিৰ্মাণ কৰা হ'ব ৷ উল্লেখ্য যে, গুৱাহাটীৰ পৰা যোৱা দলংখন উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত দেৱালয়ৰ 390 মিটাৰ তলেৰে যাব ৷ তাৰ পৰা উত্তৰ গুৱাহাটীৰ মাজেৰে গৌৰীপুৰ হৈ 31 নং ৰাষ্ট্ৰীয় ঘাইপথলৈ ছয়লেনযুক্ত ৰাস্তা নিমাৰ্ণ কৰা হ'ব ৷ উত্তৰ গুৱাহাটীৰ ৰে’ল আলিৰ ওপৰেৰে যাব লগা ৰাস্তাটোত দুটা ৰোড অভাৰ ব্ৰীজ চমুকৈ আৰ অ' বি নিৰ্মাণ কৰা হ'ব ৷ আনহাতে কলেজ নগৰ আৰু গৌৰীপুৰত দুটা ৰ'টাৰী নিৰ্মাণ কৰা হ'ব ৷
মনকৰিবলগীয়া যে, যোৱা 2020 চনৰ পৰা বৰ্তমানলৈকে তিনি বছৰৰ অধিক সময়ত মূল দলংখনৰ নদীত খুটা বহুৱাৰ কামেই সম্পূৰ্ণ হোৱা নাই ৷ আকৌ স্বাগত হাস্পতালৰ ওচৰৰ পইন্টত আৰু এম জি ৰোডৰ মাছখোৱাৰ আই টি এ কমপ্লেস্কৰ সন্মুখত ৰ'টাৰী নিৰ্মাণৰ কাম আৰম্ভ হোৱা নাই । আকৌ দুয়োটা ৰ'টাৰীৰ মাজৰ অংশত নদীৰ পাৰে পাৰে বিকল্প পথ নির্মাণ কৰাৰ কাম নামমাত্ৰ আৰম্ভ হৈছে ৷ যাৰ বাবে নিৰ্ধাৰিত সময়ত দলংখন নিৰ্মাণ সম্পূর্ণ হোৱাৰ সম্ভাৱনা নাই ৷
লগতে পঢ়ক: Boka Khel in Auni Ati Satra: পৰম্পৰা ৰক্ষা কৰি মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰত উদযাপন বোকাখেল