ETV Bharat / state

বিহুৰ মাজত ভোট নহ’ব : অৱশেষত পিছুৱালে GMC ৰ নিৰ্বাচন - Polling on April 22 results on April 24

পিছুৱালে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন । সাত বিহুৰ পাছত অনুষ্ঠিত হ'ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন (Guwahati municipal elections postponed for Bihu) ।

gmc election postpone
বিহুৰ মাজত ভোট নহবঃ অৱশেষত পিছুৱালে GMC ৰ নিৰ্বাচন
author img

By

Published : Mar 31, 2022, 7:47 PM IST

Updated : Apr 1, 2022, 8:37 AM IST

গুৱাহাটী,৩১ মাৰ্চ: ৰাজ্যৰ শাসক-বিৰোধী সকলো ৰাজনৈতিক দলৰ দাবীৰ পিছত পিছুওৱা হ'ল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন (Guwahati municipal elections postponed for Bihu)। ৰাজ্যিক নিৰ্বাচন আয়ুক্ত আলোক কুমাৰে বৃহস্পতিবাৰে বিয়লি আনুষ্ঠানিকভাৱে নিৰ্বাচন পিছুওৱাৰ অধিসূচনা জাৰি কৰে ।

নতুন সূচী অনুসৰি ব'হাগৰ সাত বিহুৰ পিছত অৰ্থাৎ ২২ এপ্ৰিলত অনুষ্ঠিত হ'ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন(GMC Election held after Bihu) । আনহাতে ফলাফল ঘোষণা কৰা হব ২৪ এপ্ৰিলত । উল্লেখযোগ্য যে পূৰ্বে ঘোষিত সূচী অনুসৰি ১৯ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল আৰু ফলাফল ঘোষণা হোৱাৰ কথা আছিল ২১ এপ্ৰিলত (Polling on April 22 results on April 24) ।

gmc election postpone
সাত বিহুৰ পাছত অনুষ্ঠিত হ'ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন

কিন্তু ব'হাগৰ সাত বিহুৰ মাজতে নিৰ্বাচনৰ দিন নিৰ্ধাৰণ কৰাত বিভিন্ন ৰাজনৈতিক দলে ইয়াৰ বিৰোধিতা কৰে আৰু নিৰ্বাচন পিছুৱাবলৈ দাবী জনায় । শাসক-বিৰোধী সকলো ৰাজনৈতিক দলে এই দাবী উত্থাপন কৰাত অৱশেষত আজি নিৰ্বাচন পিছুৱাৰ অধিসূচনা জাৰি কৰে ৰাজ্যিক নিৰ্বাচন আয়োগে ।

লগতে পঢ়ক: ক্ষমতাশালী ভাৰতীয়ৰ তালিকা: কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীতকৈ বহু আগত অসমৰ মুখ্যমন্ত্ৰীৰ স্থান

Last Updated : Apr 1, 2022, 8:37 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.