গুৱাহাটী, 19 জানুৱাৰী: গুৱাহাটী পৌৰ নিগমৰ ব্যৱসায়িক অনুজ্ঞাপত্ৰ নোহোৱাকৈ অবৈধভাৱে ব্যৱসায়ী চলাই থকা আৰু অস্বাস্থ্যকৰ পৰিৱেশত নিয়ম উলংঘা কৰি মহানগৰীত গ্ৰাহকক খোৱা সামগ্ৰী বিক্ৰী কৰি থকা ব্যৱসায়ীৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমে মঙলবাৰে উজানবজাৰত এলেকাত অভিযান চলায় (GMC's operation against illegal shops)। গুৱাহাটী পৌৰ নিগমৰ অভিযানকাৰী দলে উজানবজাৰৰ এলেকাত জে বি ৰেষ্টুৰা, বাক্সিন ৰবিন্স আইচক্ৰিমৰ দোকান, তিনিখন ফাষ্ট ফুডৰ দোকানত অভিযান চলায় ।
গুৱাহাটী পৌৰ নিগমৰ অভিযানকাৰী দলে জে বি ৰেষ্টুৰাই বিপদসংকুলভাৱে পদপথত পানীৰ টেংক ৰখাৰ বাবে জে বি ৰেষ্টুৰাক জৰিমণা বিহে । আনহাতে, হেংআউট নামৰ ফাষ্ট ফুডৰ দোকানখনে গুৱাহাটী পৌৰ নিগমৰ ব্যৱসায়িক অনুজ্ঞাপত্ৰ নোহোৱাকৈ অবৈধভাৱে ফলৰ ৰস বিক্ৰী কৰি থকা ধৰা পেলায় দোকানখনৰ বিৰুদ্ধে জৰিমণা আদায় কৰে । গুৱাহাটী পৌৰ নিগমৰ অভিযানকাৰী দলে অভিযানকালত মুঠ ১০,০০০ টকাৰ জৰিমণা আদায় কৰে ।
উল্লেখ্য যে, কিছুদিন পূৰ্বে পৌৰ নিগমে গুৱাহাটী মহানগৰীৰ বজাৰ এলেকাসমূহত অভিযান চলায় অস্বাস্থ্যকৰ পৰিৱেশত বিক্ৰী কৰা মাছ-মাংসৰ দোকান সমূহ বন্ধ কৰি দিছিল ৷ তাৰোপৰি জব্দ কৰিছিল বহু কুইন্টল মাছ আৰু মাংস ৷ ইফালে পদপথত ব্যৱসায় কৰাৰ ক্ষেত্ৰতো পৌৰ নিগমে কেতবোৰ নিৰ্দেশনা জাৰী কৰা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক : মাঞ্জাত ড্ৰাগছসহ আটক তিনি সৰবৰাহকাৰী