ETV Bharat / state

GMC Election 2022: প্ৰচাৰৰ অন্ত পেলাই নিৰ্বাচনৰ বাবে সাজু ৫৭ টা ৱাৰ্ডৰ ১৯৭ গৰাকী প্ৰাৰ্থী

author img

By

Published : Apr 20, 2022, 7:26 PM IST

সামৰণি পৰিল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনী প্ৰচাৰ অভিযান (GMC election campaign ends)। গুৱাহাটী পৌৰ নিগমৰ ৬০ ৱাৰ্ডৰ বিপৰীতে ৫৭ টা ৱাৰ্ডত নিৰ্বাচন অনুষ্ঠিত হ'ব । ইতিমধ্যেই ৩ টা ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে । অন্তিম দিনা ব্যাপক প্ৰচাৰ অভিযান দল আৰু প্ৰাৰ্থীৰ । ২২ এপ্ৰিলত অনুষ্ঠিত হ'ব পৌৰ নিগমৰ নিৰ্বাচন । মুঠ ৭,৯৭,৮০৭ গৰাকী ভোটাৰৰ ভিতৰত ৩,৯৭,১২৮ জন পুৰুষ, ৪,০০,৬৫৪ গৰাকী মহিলা আৰু ২৬ গৰাকী তৃতীয় লিংগৰ ভোটাৰ ।

GMC Election 2022
প্ৰচাৰৰ অন্ত পেলাই নিৰ্বাচনৰ বাবে সাজু ৫৭ টা ৱাৰ্ডৰ ১৯৭ গৰাকী প্ৰাৰ্থী

গুৱাহাটী, ২০ এপ্ৰিল: ২২ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিন (GMC election campaign ends)। ইতিমধ্যে বিগত কেইদিনত প্ৰতিটো ৰাজনৈতিক দলৰ ৰথী-মহাৰথীসকলৰ লগতে প্ৰাৰ্থীসকলে দিন-ৰাতি একাকাৰ কৰি চলাই আহিছে নিৰ্বাচনী প্ৰচাৰ । বুধবাৰে অন্তিম দিনা গুৱাহাটী মহানগৰীৰ সৰ্বত্ৰে নিৰ্বাচনী প্ৰচাৰৰ মেলা সদৃশ পৰিৱেশৰ সৃষ্টি হয় । ঠায়ে ঠায়ে পৰিলক্ষিত হয় ৰেলী, শোভাযাত্ৰাকে ধৰি সভা-সমিতি ।

নিৰ্বাচনী প্ৰচাৰৰ নামত শাসক-বিৰোধী সকলো একপ্ৰকাৰ অঘোষিত প্ৰতিযোগিতাত অৱতীৰ্ণ হয় । বিশেষকৈ বিজেপি মিত্ৰজোঁট, কংগ্ৰেছ, অসম জাতীয় পৰিষদ আৰু আম আদমী পাৰ্টীয়ে ৱাৰ্ডে ৱাৰ্ডে চলায় ব্যাপক প্ৰচাৰ অভিযান । উল্লেখ্য যে, ২২ এপ্ৰিলত গুৱাহাটী পৌৰ নিগমৰ ৬০ ৱাৰ্ডৰ বিপৰীতে ৫৭ টা ৱাৰ্ডত নিৰ্বাচন অনুষ্ঠিত হ'ব । কাৰণ ইতিমধ্যেই ৩ টা ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে । বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হোৱা বিজেপিৰ প্ৰাৰ্থী তিনিগৰাকী হৈছে ৫ নম্বৰ ৱাৰ্ডৰ সঞ্জয় দাস, ৬ নম্বৰ ৱাৰ্ডৰ সুতাপা সৰকাৰ আৰু ২২ নম্বৰ ৱাৰ্ডৰ স্মিতা ৰয় ।

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে মুঠ ২১২ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল যদিও চাৰিগৰাকীৰ বাতিল হয় । ইয়াৰ পাছত ২০৮ গৰাকী প্ৰাৰ্থীৰ ভিতৰত আঠ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে । মনোনয়ন প্ৰত্যাহাৰ কৰাৰ পাছত থাকি যোৱা ২০০ গৰাকী প্ৰাৰ্থীৰ ভিতৰত তিনিটা ৱাৰ্ডৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় । এতিয়া ৫৭ টা ৱাৰ্ডত ভাগ্য নিৰ্ণয় হ'ব ১৯৭ গৰাকী প্ৰাৰ্থীৰ (GMC election candidates)। উল্লেখ্য যে প্ৰতিদ্বন্দ্বিতা নোহোৱা তিনিটা ৱাৰ্ডৰ ভিতৰত ৫ নম্বৰ ৱাৰ্ডটো অসংৰক্ষিত হোৱাৰ বিপৰীতে ৬ নম্বৰ ৱাৰ্ডটো অনুসুচিত জাতিৰ মহিলা আৰু ২২ নম্বৰ ৱাৰ্ডটো মহিলাৰ বাবে সংৰক্ষিত আছিল ।

আনহাতে ৬০ টা ৱাৰ্ডৰ ৩০ টা ৱাৰ্ডেই মহিলাৰ বাবে সংৰক্ষিত । ২২ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া এইবাৰৰ পৌৰনিগম নিৰ্বাচনৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ৭,৯৭,৮০৭ গৰাকী । ইয়াৰে ৩,৯৭,১২৮ জন পুৰুষ, ৪,০০,৬৫৪ গৰাকী মহিলা আৰু ২৬ গৰাকী তৃতীয় লিংগৰ ভোটাৰ । আনহাতে ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে ৭৮০ টা । ২৬ এপ্ৰিলত ভোট গণনা অনুষ্ঠিত হোৱাৰ লগতে ঘোষণা কৰা হ'ব ফলাফল (Vote counting date of GMC election 2022)।

লগতে পঢ়ক: গুৱাহাটী পৌৰ নিগম আজুৰি আনিব বিজেপি মিত্ৰজোঁটে : মন্ত্ৰী অতুল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.