গুৱাহাটী, 18 অক্টোবৰ : গুৱাহাটীত খোৱাপানী যোগান ধৰা, বিদ্যুৎ মাচুল হ্ৰাসৰ দাবীত আৰু সম্পত্তি কৰ বৃদ্ধি আৰু কৰ সংগ্ৰহ বেচৰকাৰীকৰণৰ বিৰুদ্ধে ২১ অক্টোবৰত চচলত মহানগৰ উন্নয়ন সমিতি, গুৱাহাটীৰ উদ্যোগত বিক্ষোভ-ধর্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব (Guwahati Mahanagar Unnayan Samiti protest)। বৰ্তমানৰ পানী যোগান ব্যৱস্থাত ৭০ শতাংশ গুৱাহাটীবাসী নাগৰিকক বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ আহিছে(Water supply in Guwahati) ।
যিখিনি বিশুদ্ধ খোৱাপানী যোগান ধৰা হৈছে, সেয়াও মুঠেই নিয়মীয়া নহয় আৰু খোৱাৰ অনুপযোগী । এই মন্তব্য মহানগৰ উন্নয়ন সমিতি, গুৱাহাটীৰ সম্পাদক বীৰেণ শৰ্মাৰ । মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত(Guwahati press club) অনুষ্ঠিত সংবাদমেলত এই মন্তব্য কৰি বীৰেণ শৰ্মা কয় যে ইয়াৰ ফলত পানী যোগানৰ ব্যক্তিগত ব্যৱসায় ৰমৰমীয়া হৈ পৰিছে । পানীৰ বাবে গুৱাহাটীৰ একোটা পৰিয়ালে মাহে পাঁচ হাজাৰৰ পৰা দহ হাজাৰ পৰ্যন্ত অতিৰিক্ত ব্যয় বহন কৰিবলৈ বাধ্য হৈছে ।
গুৱাহাটীৰ পানী যোগানৰ বাবে ২০০৯ চনতে আৰম্ভ কৰা চাৰিটা প্ৰকল্পৰ কাম প্ৰশাসনৰ দায়িত্বহীনতা, দুৰ্নীতি আদিৰ বাবে যোৱা চৈধ্যটা বছৰে অসমাপ্ত হৈ আছে । জালুকবাৰীৰ দক্ষিণ পশ্চিম প্ৰকল্পৰ কাম ৭২ শতাংশ কৰি ৯৬ শতাংশ কামৰ ধন আদায় কৰাৰ পিছত ঠিকাদাৰী প্ৰতিষ্ঠান গেমন ইণ্ডিয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ সলনি বাকীখিনি কামৰ পৰা অব্যাহতি দি ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ প্ৰতি ৰেহাই আগবঢ়োৱা হৈছে (Gammon India water supply project in Guwahati)।
দেখ দেখকৈ ইয়াৰ লগত বিয়াগোম দুৰ্নীতি জড়িত হৈ আছে । আন তিনিটা প্ৰকল্পৰ কামো বিশেষ আগবঢ়া নাই । তেওঁ কয় যে গুৱাহাটী পৌৰ নিগমে গুৱাহাটীবাসীৰ পৰা সম্পত্তি কৰৰ লগত পানীৰ নামত নিয়মীয়াকৈ কৰ আদায় কৰি আছে । খোৱাপানীৰ যোগানৰ দৰে মৌলিক অধিকাৰৰ বিষয়টোত ৰাজ্য চৰকাৰৰ লগতে গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ, জলবৰ্ড ইত্যাদি বিভাগে চূড়ান্ত নিৰ্লিপ্ততা, দায়িত্বজ্ঞানহীনতা প্ৰদৰ্শন কৰি আহিছে ।
প্ৰশাসনে পানী যোগান ধৰাত ব্যৰ্থ হোৱাৰ ফলত জনসাধাৰণে কুঁৱা, গভীৰ নলীনাদ আদিৰ জৰিয়তে নিজাববীয়াকৈ পানীৰ ব্যৱস্থা কৰিবলগীয়া হৈছে (Drinking water problem in Guwahati)। আশ্চর্যজনকভাৱে এনে অৱস্থাৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ভূ-জল অয়োগে ভূগর্ভস্থ পানী উত্তোলনকাৰীসকলৰ বাবে পঞ্জীয়ন বাধ্যতামূলক বুলি ৰাজহুৱা জাননী জাৰি কৰিছে । উক্ত জাননীত ১০ হাজাৰ টকা পঞ্জীয়ন মাচুল, ১ লাখ টকা জৰিমনা আৰু পানীৰ মিটাৰ বহুৱাই নিৰ্দিষ্ট হাৰত পানীৰ মাচুল আদায়ৰ নিৰ্দেশ জাৰি কৰা হৈছে ।
সংবিধানত পানী ৰাজ্যৰ তালিকাত অন্তর্ভূক্ত হোৱা সত্বেও কেন্দ্ৰীয় চৰকাৰৰ জাননীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কোনো প্ৰতিবাদ কৰা নাই । বীৰেণ শৰ্মাই লগতে কয় যে গুৱাহাটী পৌৰ নিগমৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ ৰাজ্য চৰকাৰে সম্পত্তি কৰ আদায়ৰ বাবে বেচৰকাৰী প্ৰতিষ্ঠানক নিয়োগ কৰিবলৈ পৰিকল্পনা গ্ৰহণ কৰিছে । জনসাধাৰণৰ প্ৰৱল আপত্তিৰ পাছত ইয়াক সাময়িকভাৱে স্থগিত ৰাখিছে যদিও ইয়াক প্ৰত্যাহাৰ কৰা হোৱা নাই ।
বৰঞ্চ পুনৰ প্ৰৱৰ্তনৰ বাবেহে মুকলি ৰখা হৈছে । মহানগৰ উন্নয়ন সমিতি, গুৱাহাটীয়ে গুৱাহাটীৰ সম্পত্তি কৰ নিৰ্ধাৰণত ইউনিট এৰিয়া মেথড অনুসৰণ কৰিবলৈ দাবী জনাই আহিছে । উল্লেখযোগ্য যে গুৱাহাটীৰ বাহিৰে অসমৰ আন চহৰসমূহত ২০১১ চনৰ পৰাই ইউনিট এৰিয়া মেথড কাৰ্যকৰী হৈছে । ফলত ৰাজ্যত দুই ধৰণৰ সম্পত্তি কৰ ব্যৱস্থা চলি আছে অৰু গুৱাহাটীবাসী এই ক্ষেত্ৰত বৈষম্যৰ বলি হৈছে ।
এই সময়ছোৱাতে গুৱাহাটীত অহা ৩১ অক্টোবৰৰ ভিতৰত বিদ্যুৎ বিলৰ লগত হল্ডিং নম্বৰ সংযোগ কৰিবলৈ নিৰ্দেশ জাৰি কৰি গুৱাহাটীবাসীক আন এক বিপৰ্যয়ৰ মুখলৈ ঠেলি দিয়া হৈছে । বিদ্যুৎ সংযোগ এক মৌলিক অধিকাৰ, ইয়াৰ লগত মাটিৰ পট্টনৰ বিষয় জড়িত নহয় । ক্ৰমৱৰ্ধমান গুৱাহাটীৰ ভূমি পট্টনৰ সমস্যা স্বাধীনতাৰ পয়সত্তৰ বছৰে সমাধান নহ'ল । এনে অৱস্থাত বিদ্যুৎ বিলৰ লগত হল্ডিং নম্বৰ সংযোগ কৰিবলৈ নিৰ্দেশ দিয়াৰ ফলত গুৱাহাটীৰ অৰ্ধেকতকৈ বেছি বাসিন্দা হাৰাশাস্তিৰ সন্মুখীন হ’ব । এয়া এক জনবিৰোধী কাৰ্য ।
তেওঁ কয় যে মহানগৰ উন্নয়ন সমিতি, গুৱাহাটীয়ে চৰকাৰৰ জনবিৰোধী কাৰ্যত উদ্বেগ প্ৰকাশ কৰিছে আৰু উক্ত জনবিৰোধী পদক্ষেপসমূহ তাৎক্ষণিকভাৱে প্ৰত্যাহাৰ কৰাৰ দাবীত অহা ২১ অক্টোবৰত মহানগৰ উন্নয়ন সমিতি, গুৱাহাটীৰ উদ্যোগত চচলত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিব । সংবাদমেলত মহানগৰ উন্নয়ন সমিতিৰ বিষয়বীয়া আৰু টিকেন দাস উপস্থিত আছিল ।
লগতে পঢ়ক: Uncomplete bridge : আজিলৈ সম্পূৰ্ণ হোৱা নাই বঙাইগাঁৱৰ ৪১ কোটি টকীয়া দলং